মৰাণ, 27 এপ্ৰিল: দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা অসুস্থ । জানিব পৰা মতে, জটিল ৰোগত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ এপ'ল' হাস্পতালত চিকিৎসাধীন হৈ আছে দুলীয়াজানৰ বিধায়কজন । উল্লেখ্য যে,, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা বিধায়কগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা 24 এপ্ৰিলৰ দিনা চেন্নাইৰ এপ'ল' হাস্পতালত ভৰ্তি কৰোৱা হয় বিধায়ক গোৱালাক ৷
জ্যেষ্ঠ চিকিৎসক ইউৰ’লজিষ্ট ড৹ নিতেশ জৈনৰ অধীনত বৰ্তমান চিকিৎসাধীন হৈ চিকিৎসা গ্ৰহণ কৰি বিধায়ক । প্ৰস্ৰাৱৰ সংক্ৰমনজনিত সমস্যাত দীৰ্ঘদিন ধৰি ভুগি আছিল বিধায়কগৰাকী । দুলীয়াজানৰ বিধায়কজনৰ স্বাস্থ্যৰ সকলো দিশ ঠিকে থাকিলে শনিবাৰৰ দুপৰীয়া এটা জটিল অস্ত্ৰোপচাৰ কৰাৰ সম্ভাৱনা আছে বুলি বিধায়কগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বহুদিনৰ পৰা বিধায়কগৰাকীয়ে প্ৰস্ৰাৱৰ সংক্ৰমণজনিত সমস্যাত ভুগি আছিল যদিও এটা মাহ লোকসভা নিৰ্বাচনত দিনে-নিশাই ব্যস্ত হোৱাৰ পাছতেই সমস্যা অধিক জটিল হৈ পৰে ।
উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ মাৰাথন প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল । দুলীয়াজান সমষ্টিৰ প্ৰতিটো পঞ্চায়তত তিনি-চাৰিখন প্ৰচাৰ সভা অনুষ্ঠিত কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাইছিল গোৱালাই । আনকি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে নিজেও চাৰি দিন দুলীয়াজান বিধানসভা সমষ্টিত দিনযোৰাকৈ মাৰাথন প্ৰচাৰ চলাইছিল ।
ৰাজনৈতিক ব্যস্ততা অব্যাহত থকাৰ মাজতে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন কমি যোৱাত এইদৰে গুৰুতৰভাবে শাৰিৰীক অসুস্থতাৰ সন্মুখীন হ'বলগীয়া হয় বিধায়ক তেৰছ গোৱালা ।
লগতে পঢ়ক: চৰকাৰ বিৰোধী প্ৰতিবাদ : দুলীয়াজানত বিধায়ক তেৰছ গোৱালাৰে আছাৰ তৰ্কযুদ্ধ