ETV Bharat / state

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণ বাবে তৎপৰতা আৰম্ভ জিলা প্ৰশাসনৰ - Demarcation of Charaideo Maidam - DEMARCATION OF CHARAIDEO MAIDAM

Charaideo Maidam: বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰক লৈ নতুন পৰিকল্পনা আৰম্ভ । চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণৰ বাবে তৎপৰ হৈছে প্ৰশাসন । ৰাজহ চক্ৰ বিষয়া, পুৰাতত্ত্ব বিভাগৰ বিষয়াৰ উপস্থিতিত চৰাইদেউ বাফাৰ জ'নত বসবাস কৰা ৰাইজৰ সৈতে অনুষ্ঠিত হয় সভা ।

Charaideo Moidam
চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণ; ৰাইজৰ সৈতে আলোচনা সংশ্লিষ্ট বিভাগৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 2:21 PM IST

মৰাণ, ২৭ ছেপ্টেম্বৰ: আহোম ৰাজ শাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰিলে । ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ।

২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰা পাচতে কেইবাবাৰো কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্রধান আৰু ইউনেস্কোৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰিছিল ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ । ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সকলো ঐতিহাসিক সমল পৰীক্ষা কৰিছিল ইউনেস্কোৰ প্ৰতিনিধিয়ে ।

চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণ; ৰাইজৰ সৈতে আলোচনা সংশ্লিষ্ট বিভাগৰ (ETV Bharat Assam)

ইয়াৰ পাচতে যোৱা ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত ইউনেস্কোৱে চৰাইদেউ মৈদাম ক্ষেত্ৰকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে । কিন্তু ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হ'লেও পৰ্যটকৰ সুবিধাৰ বাবে বহু কৰণীয় আছে ।

আনহাতে, চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ আজি পৰ্যন্ত হোৱা নাই । ২০১৫ চনত চৰাইদেউ জিলা গঠন কৰা হৈছিল যদিও আজি পৰ্যন্ত চৰাইদেউ মৈদাম চৰাইদেউ জিলাত থাকিব নে শিৱসাগৰ জিলাত থাকিব তাক লৈ নিৰ্দিষ্ট সিদ্ধান্ত হোৱা নাছিল ।

কিন্তু ইয়াৰ মাজতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰক লৈ নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে তৎপৰ হোৱা দেখা গ'ল জিলা প্ৰশাসন আৰু পুৰাতত্ত্ব বিভাগক । চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণৰ বাবেও তৎপৰ হৈছে প্ৰশাসন । বৃহস্পতিবাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত এই সন্দৰ্ভত অনুষ্ঠিত হয় এক বিশেষ সভা ।

নাজিৰা ৰাজহ চক্ৰৰ বিষয়া-কৰ্মচাৰী, পুৰাতত্ত্ব বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত অঞ্চলটোৰ বাফাৰ জ'নত বসবাস কৰা ৰাইজৰ সৈতে আলোচনা হয় । এই সভাত অংশগ্ৰহণ কৰে বহুকেইগৰাকী বুৰঞ্জীবিদে । যিহেতু চৰাইদেউ মৈদামক 'ক'ৰ জ'ন’ আৰু ‘বাফাৰ জ'ন’ হিচাপে ভাগ কৰা হৈছে, গতিকে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে প্ৰস্তুত কৰা ডছিয়াৰৰ মানচিত্ৰত ‘ক'ৰ জ'ন’ আৰু ‘বাফাৰ জ'ন’ এলেকাত মুঠ ৪,৭৫৬ বিঘা মাটি লোৱা হৈছে ।

ক'ৰ জ'ন মৈদাম ক্ষেত্ৰৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা বাবে বাফাৰ জ'নত সিঁচৰতি হৈ থকা ঐতিহাসিক কীৰ্তিচিহ্নসমূহক লৈ কিবা ওজৰ-আপত্তি সন্দৰ্ভত মতামত গ্ৰহণৰ বাবে এই সভা অনুষ্ঠিত কৰা হয় । বাফাৰ জ’নত থকা বৰগোঁহাই পুখুৰী, ৪টা কুঁৱৰী মৈদাম, চাংমাই শাল, ৰজামৈদাম, শ-নিয়া আলি, মৈদাম নং ২, ৯, ১৪, ১৫, ১৬, লাংকুৰি দেওশাল, চ্যুকাফা মৈদাম, যুৰীয়া মৈদাম, ফুলেশ্বৰী কুঁৱৰীৰ মৈদাম আদি ভালেমান মৈদাম আৰু পুৰণি কীৰ্তিচিহ্ন কেনেকৈ সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয় ।

আনহাতে, বাফাৰ জ'নৰ বহু অঞ্চল শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত হৈ আছে । এই সভাতে বাফাৰ জ'নত বসবাস কৰা ৰাইজে চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰাৰ ইচ্ছাৰে দুই শতাধিক লোকৰ স্বাক্ষৰ সম্বলিত এক স্মাৰক-পত্ৰও বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰে । ৰাইজৰ দাবী ৰাজহ বিভাগৰ বাদে প্ৰশাসনৰ সকলো কাম চৰাইদেউ জিলাৰ পৰাই হয়, সেয়ে তেওঁলোকক জিলাত অন্তৰ্ভুক্ত কৰিবলৈ । লগতে ঐতিহাসিক সমল থকা স্থানত বসবাস কৰা লোকক অন্য স্থানত বাস কৰিবলৈ চৰকাৰে ভূমি প্ৰদান কৰিব লাগে । এই গুৰুত্বপূৰ্ণ সভাত বহুকেইগৰাকী বুৰঞ্জীবিদৰ লগতে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বৰগোঁহায়ে অংশগ্ৰহণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে ।

সভা সম্পৰ্কত দয়ানন্দ বৰগোঁহায়ে কয়, "আমাৰ কাৰণে গৌৰৱৰ কথা চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পালে । কিন্তু ইয়াক কেনেকৈ সজাব তাৰ দায়িত্ব বিভাগৰ । বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱা বাফাৰ জ'নৰ ওপৰত ইয়াত আলোচনা হৈছে । স্বৰ্গদেউসকলে নিজৰ ভেটি নৰখাকৈ ত্যাগ স্বীকাৰ কৰি গৈছে । গতিকে তেওঁলোকক এতিয়া সন্মান দিব লাগিব । অৰ্থাৎ তেওঁলোকৰ মৈদাম সংৰক্ষণ কৰিব লাগে ।"

আনহাতে, বাফাৰ জ'নত বিলাসী হোটেল নিৰ্মাণ কৰিবলৈ নিদিবলৈ বিভাগীয় কৰ্তৃপক্ষক পৰামৰ্শ বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বৰগোঁহাইৰ । লগতে তেওঁ চৰাইদেউ মৈদামৰ সন্মুখত থকা গাড়ীৰ পাৰ্কিং মৈদাম ক্ষেত্ৰৰ পাচফাললৈ নিয়াৰো পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক :সোণাৰি থানাত দুলাল বৰাক জেৰা; আজি হাজিৰ কৰোৱা হ'ব চৰাইদেউ ন্যায়িক আদালতত - Sonari BJP Leader Suicide Case
লগতে পঢ়ক :বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰৰ বুকুত থকা পৰ্যটন থলীসমূহৰ বিষয়ে কিছু কথা - WORLD TOURISM DAY 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.