ETV Bharat / state

নিজৰ ভোটটো প্ৰদান কৰিলে আনে; হতভম্ব হৈ ঘৰলৈ উভতিল ভোটাৰ - Lok sabha Election 2024 - LOK SABHA ELECTION 2024

Lok sabha Election 2024: তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ৰাজ্যৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত বেমেজালি ৷ ক’ত কেনেদৰে সৃষ্টি হৈছে বেমেজালিৰ জানো আহক আমাৰ এই প্ৰতিবেদনযোগে---

Disorder in different polling stations of 3 rd phase of LS election in assam
নিজৰ ভোটটো প্ৰদান কৰিলে আনে; হতভম্ব হৈ ঘৰলৈ উভতিল ভোটাৰ (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:04 PM IST

নিজৰ ভোটটো প্ৰদান কৰিলে আনে; হতভম্ব হৈ ঘৰলৈ উভতিল ভোটাৰ (Etv bharat assam)

গুৱাহাটী/বৰপেটা, 7 মে’ : ৰাজ্যত আজি অন্ত পৰে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । গুৱাহাটী, বৰপেটা, ধুবুৰী, কোকৰাঝাৰকে ধৰি চাৰিটা সমষ্টিৰ বাবে মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হয় । এই ভোটগ্ৰহণৰ সময়চোৱাত ৰাজ্যৰ কেবাটাও ভোটকেন্দ্ৰত ভোটগ্ৰহণ সম্বন্ধীয় বেমেজালি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷

গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত গণেশ নগৰ শিশু বিদ্যালয়ৰ ভোটকেন্দ্ৰত সংঘটিত হৈছে এক নাভুত-নাশ্ৰুত ঘটনা । ভোটদান কৰিবলৈ আহি বিমুখ মনেৰে উভতিব লগীয়া হ’ল এগৰাকী মহিলা । জানিব পৰা মতে, গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত অণিমা চৌধুৰী নামৰ এগৰাকী ভোটাৰৰ ঠাইত ভোট প্ৰদান কৰিলে আন কোনো অচিনাক্ত ব্যক্তিয়ে । অণিমা চৌধুৰী নামৰ মহিলাগৰাকীয়ে ভোটদান কৰিবলৈ অহাৰ পাচত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ । পূৰ্বেই তেখেতৰ অনুপস্থিতিত কোনো লোকে ভোটদান কৰা বুলি জানিব পাৰি হতভম্ব হৈ পৰে চৌধুৰী ৷

মহিলাগৰাকীৰ সৈতে হুবহু দেখিবলৈ একে কোনো মহিলাই ভোট প্ৰদান কৰে বুলি নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে মহিলাগৰাকীক জনায় । পলিং প্ৰিজাইদিং অফিচাৰৰ হেমাহিৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা অণিমা চৌধুৰীয়ে ।

আনহাতে, নিৰ্বাচন আয়োগৰ গাফিলতিৰ বাবেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হ'ল আন এগৰাকী ভাৰতীয় নাগৰিক । ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি ভোট প্ৰদান কৰিবলৈ নাপালে এগৰাকী ভোটাৰে ৷ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা বিধানসভা সমষ্টিৰ 378 নং দঙৰকুছি প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা 78 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ গৈ বিমুখ হৈ যমুনা দাস নামৰ এগৰাকী ভোটাৰ উভতিবলগীয়া হ'ল বুলি জানিব পৰা গৈছে ৷

বিগত সময়চোৱাত লোকসভা, বিধানসভা আৰু গাওঁ পঞ্চায়তৰ নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি অহা যমুনা দাসে আজি তৃতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত ভোটদান কৰিবলৈ ভোটগ্ৰহণ কেন্দ্ৰটোলৈ আহি নিজৰ ভোটটো Delete হোৱা বুলি অৱগত হৈ আচৰিত হৈ পৰে ।

পৰৱৰ্তী সময়ত কৰ্তব্যৰত বিষয়াসকলে ভোটাৰ তালিকাত তেওঁৰ নামেই নাই বুলি দাসক জনায় । অৱশ্যে কি কাৰণত যমুনা দাসৰ নামটো Delete হ'ল সেৱা এক আশ্চৰ্যকৰ বিষয় । ইমান বছৰে ভোট প্ৰদান কৰি অহা যমুনা দাসে এইবাৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব নাপায় সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: সন্দেহযুক্ত নাগৰিকক ভোট প্ৰদানত বাধা জনগোষ্ঠীয় সংগঠনৰ - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.