ETV Bharat / state

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উন্নত হ'ব ধেমাজি ষ্টেচন - অমৃত ভাৰত ষ্টেচন আঁচনি

Amrit Bharat Station: ধেমাজিবাসীলৈ সুখবৰ । ধেমাজি ৰে'ল ষ্টেচনক উন্নীত কৰা হ'ব অমৃত ভাৰত ষ্টেচনলৈ । বিশ্বমানৰ আধুনিক সা-সুবিধাৰ সৈতে পুনৰ বিকশিত হ'ব ধেমাজি ৰে'ল ষ্টেচন ।

Dhemaji railway station to be upgraded to Amrit Bharat Station
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উন্নত হ'ব ধেমাজি ষ্টেচন
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 11:24 AM IST

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উন্নত হ'ব ধেমাজি ষ্টেচন

ধেমাজি,১৬ ফেব্ৰুৱাৰী: অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৬০ টা ষ্টেচন বিশ্বমানৰ আধুনিক সা-সুবিধাৰ সৈতে পুনৰ বিকশিত কৰা হৈছে । নিৰ্বাচিত ৰে'ল ষ্টেচনসমূহৰ ভিতৰত অসমৰ ধেমাজি ৰে'ল ষ্টেচনে ৬.৩৪ কোটি টকা ব্যয় সাপেক্ষে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এক নতুন ৰূপ লাভ কৰিব । এই ষ্টেচনৰ পুনৰ নির্মাণে কাষৰীয়া অঞ্চলসমূহৰ ৰে'ল ব্যৱহাৰকাৰীসকলক অত্যাধুনিক সা-সুবিধা প্রদান কৰিব ।

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত ধেমাজি ৰে'ল ষ্টেচন হৈছে অসমৰ এটা গুৰুত্বপূৰ্ণ ষ্টেচন যিয়ে ধেমাজি চহৰৰ জনসাধাৰণক সেৱা আগবঢ়াই আহিছে । যাত্ৰীসকলৰ সুবিধাৰ বাবে শেহতীয়া সা-সুবিধাৰ সৈতে শীত-তাপ নিয়ন্ত্ৰণ প্ৰতীক্ষাকক্ষৰ দৰে সুবিধাৰে বৰ্তমানৰ ষ্টেচন ভৱনটো সন্মুখভাগৰ সৈতে সম্প্ৰসাৰিত কৰা হ'ব । বিনামূলীয়া ৱাই-ফাই, দিব্যাংগ অনুকূল ৰেম্প আৰু শৌচাগাৰৰ লগতে অন্যান্য আধুনিক সা-সুবিধা, যেনে লিফ্ট, এস্কেলেটৰ আৰু এগজিকিউটিভ লাউঞ্জ আৰু লেণ্ডস্কেপিঙৰ লগতে ব্যৱসায়িক বৈঠকৰ বাবে নিৰ্ধাৰিত স্থানৰ সুবিধাও উপলব্ধ কৰা হ'ব ৷

পুৰুষ আৰু মহিলা যাত্ৰীসকলৰ বাবে নতুন শৌচাগাৰ ব্লক পৃথকে নিৰ্মাণ কৰা হ'ব । চাৰ্কুলেটিং এৰিয়াৰ সৌন্দৰ্যবৰ্ধনৰ সৈতে উন্নত পাৰ্কিং সুবিধাসমূহো নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে । যাত্ৰীসকলৰ চলাচল সহজ কৰাৰ বাবে সকলো প্লেটফৰ্মত শ্বেলটাৰ প্ৰদান কৰা হ'ব আৰু মাৰ্বল শিল আদিৰে প্রতিস্থাপিত কৰা হ'ব । প্ৰৱেশ আৰু প্ৰস্থান পথ বিকশিত কৰা হ'ব, যি যাত্ৰীসকলৰ অহা-যোৱাৰ বাবে উন্নত পথ প্রদান কৰিব ।

ওপৰোক্ত সকলো কামৰ বাবে ইতিমধ্যে নিবিদা প্ৰদান কৰা হৈছে । নতুন ষ্টেচন ভৱনটোৰ ফাউণ্ডেচনৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে । অন্যান্য যাত্রী সুবিধা যেনে কোচ গাইডেন্স ব'ৰ্ড স্থাপন, ৰেলৱে ইনফৰমেচন ডিচপ্লে চিষ্টেম, প্লেটফৰ্মৰ সম্প্ৰসাৰণ, দিব্যাংগসকলৰ বাবে সহজলভ্য ৱাটাৰ বুথৰ ব্যৱস্থা আদিৰ বাবেও কাম চলি আছে ।

এই ষ্টেচনৰ উন্নীতকৰণৰ ফলত নতুন নিয়োজন, ব্যৱসায়ৰ সা-সুবিধা সৃষ্টিৰ লগত সমগ্ৰ উত্তৰ-পূবৰ যাত্ৰীসকলৰ বাবে সুগম ভ্ৰমণৰ সুবিধা হ'ব ৷ ইপিনে অমৃত ভাৰত ৰে'ল ষ্টেচনৰ আঁচনিৰ অধীনত দেশৰ আগশাৰীৰ ৰে'ল ষ্টেচনলৈ উন্নীত হোৱা খবৰ পাই চৰকাৰক আদৰণি জনাই সন্তোষ লভিছে ধেমাজিৰ দল-সংগঠন নেতৃত্বৰ লগতে স্থানীয় সচেতন নাগৰিকে ৷

লগতে পঢ়ক: ৰাহুল গান্ধী-কংগ্ৰেছক সমালোচনা ৰাজ্যিক বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.