ETV Bharat / state

লাভলীনা বৰগোহাঁইক শুভেচ্ছা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ - Lovlina Borgohain in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 10:12 PM IST

DGP of Assam felicitates Lovlina Borgohain: পেৰিছৰ পৰা উভতি অসম পালেহি বক্সাৰ লভলীনা ৷ এইবাৰ পদক জয় কৰিব নোৱাৰিলেও শক্তিশালী যুঁজ দিলে অসম কন্যাগৰাকীয়ে ৷ সোমবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে লভলীনাক জনালে সম্বৰ্ধনা ৷

Lovlina Borgohain in Assam
DGP of Assam felicitates Lovlina Borgohain (Assam DGP X page)

গুৱাহাটী, ১২ আগষ্ট: পেৰিছ অলিম্পিকৰ পৰা উভতি অহাৰ পিছতে সোমবাৰে অসমকন্যা তথা বক্সাৰ লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনাই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে । আগন্তুক দিনত যাতে অধিক উৎসাহেৰে লাভলীনা বৰগোহাঁইয়ে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

ডি জি পি জি পি সিঙে সামাজিক মাধ্যম ফেচবুক আৰু X ত লাভলীনাক শুভেচ্ছা জনোৱা ফটো শ্বেয়াৰ কৰি লিখিছে "পেৰিছ অলিম্পিক ২০২৪ ত অংশগ্ৰহণ কৰাৰ পিছত আমি আমাৰ ডি এছ পি লাভলীনাক পুনৰ স্বাগতম জনাইছো । ভৱিষ্যতৰ প্ৰচেষ্টাত ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰক ।"

উল্লেখ্য যে ২০২১ চনৰ ৪ আগষ্টৰ দিনটোতে টকিঅ'ত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই । কিন্তু এইবাৰ পেৰিছত পৰাজয় স্বীকাৰ কৰিলে লাভলীনাই । পেৰিছত ৪ আগষ্টত কোৱাৰ্টাৰ ফাইনেলত পৰাজয় বৰণ কৰে লাভলীনাই । চীনৰ অভিজ্ঞ প্রতিদ্বন্দ্বী লী কিয়ানে ৪-১ ব্যৱধানত হৰুৱাই লাভলীনাক । ৰিঙত প্রৱেশ কৰাৰ আগেয়ে মূলতঃ ইতিহাস ৰচাৰ সুযোগ পায়ো ব্যর্থ হৈছিল অসমকন্যা ।

পেৰিছত নহ'ল টকিঅ'ৰ পুনৰাবৃত্তি । এতিয়া লাভলীনাৰ সম্মুখত অপেক্ষাৰ এটা দীঘলীয়া বাট । এতিয়া পেৰিছৰ অভিজ্ঞতাক কামত খটুৱাই নতুন ৰূপেৰে আগবাঢ়িব লাগিব লাভলীনা । নতুনকৈ স্থিৰ কৰিব লাগিব লক্ষ্য । মনত ৰাখিব লাগিব- দৃষ্টি থাকিলে লক্ষ্য নেহেৰায় । লাভলীনাৰ পৰাজয়ৰ লগে লগে পেৰিছত ভাৰতীয় বক্সাৰৰ প্ৰত্যাহ্বানৰো সমাপ্তি ঘটিছিল ।

লগতে পঢ়ক: পদক আনিব নোৱাৰিলেও লাভলীনাৰ প্ৰদৰ্শনত সুখী পিতৃ টিকেন বৰগোঁহাই - Paris Olympic 2024

পৰাজিত হ'লেও লাভলীনাক লৈ গৌৰৱান্বিত প্ৰশিক্ষক আৰু অনুৰাগী - Lovlina Borgohain

পেৰিছত যাত্ৰা অন্ত পৰিল লাভলীনা বৰগোহাঁইৰ - Paris Olympic 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.