ETV Bharat / state

তদন্ত সঠিক দিশত আগবাঢ়িছে, অভিযুক্তৰ পৰা লাভ কৰা হৈছে তথ্য : ধিঙত জি পি সিং - Dhing Rape Case - DHING RAPE CASE

GP Singh in Dhing : ধিংকাণ্ডৰ প্ৰথমটো অভিযুক্তৰ পৰা লাভ কৰা গৈছে যথেষ্ট তথ্য-প্ৰমাণ ৷ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে মোবাইল ফোনৰো ৷ ছাত্ৰীৰ শিক্ষানুষ্ঠান থকা অঞ্চলত বিশেষ টহলৰ বাবে নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ ৷ তদন্ত সঠিক দিশত আগবাঢ়ি আছে বুলি মন্তব্য জি পি সিঙৰ ৷

GP Singh in Dhing
ধিঙত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 5:46 PM IST

ধিং, ২৩ আগষ্ট : মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতে ধিঙত উপস্থিত হ’ল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ সঞ্চালক প্ৰধানগৰাকী ভুক্তভোগী নাবালিকাগৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে মত-বিনিময় কৰে ৷ ইয়াৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ঘটনাস্থলীত উপস্থিত হৈ পৰীক্ষণ কৰে ।

ধিঙত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং (ETV Bharat Assam)

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি ধিং নগৰৰ ৰাজপথত অব্যাহত থকা প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ লগত মত বিনিময় কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘কালি সন্ধিয়া 6:30 মান বজাত নিন্দনীয় ঘটনাটো ঘটাৰ প্ৰায় এঘণ্টাৰ পিছতে আৰক্ষী অধীক্ষকে মোক জনাইছিল ৷ লগে লগে আমি ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰীক জনাইছিলো ৷ আৰক্ষী অধীক্ষক নিজেই ঘটনাস্থলীলৈ গৈ তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল ৷’’

জি পি সিঙে লগতে কয়, ‘‘ POCSO আৰু ধৰ্ষণৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ কালি গোটেই ৰাতি মই আৰক্ষী অধীক্ষকৰ লগত যোগাযোগ কৰি আছিলো ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মই ইয়ালৈ আহিছো ৷ এতিয়ালৈকে এজন অভিযুক্তক আৰক্ষীয়ে আনিছে, তেওঁৰ লগত যথেষ্ট প্ৰমাণ আছে ৷ অধিক তদন্ত আৰু সোধা-পোছা কৰিবলৈ কোৱা হৈছে ৷ টেকনিকেল ছাপ’ৰ্ট যিখিনি লাগে, সেয়া দিবলৈ কোৱা হৈছে ৷ কিছু সময়ৰ ভিতৰতে আমি মোবাইলৰ ডাটা পাই যাম ৷ তদন্ত সঠিক দিশত আগবাঢ়িছে ৷’’

আনহাতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘ চামগুৰি, জুৰীয়া, ৰূপহীহাট, ধিং, লাহৰীঘাট আদি বেলেগ বেলেগ ধৰ্মৰ লোক থকা অঞ্চলসমূহ চিনাক্ত কৰি অধিক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷ আবেলি আৰু নিশা কঠোৰ টহলৰ বাবে আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে ৷ বিভিন্ন সম্প্ৰদায়ৰ লোক থকা অঞ্চলৰ গাৰ্লছ স্কুল, গাৰ্লছ টিউশ্যন চেণ্টাৰ থকা অঞ্চলত অধিক টহলৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷’’

লগতে পঢ়ক : ধিংকাণ্ড : দোষীক ফাঁচীৰ দাবী আলফা স্বাধীনৰ

মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব ? ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আকৌ ধৰ্ষণৰ বলি দেশৰ কন্যা: তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গ’ল নাবালিকাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.