ETV Bharat / state

মাঘী পূৰ্ণিমাক লৈ উখল-মাখল কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰ - Srimanta Sankardev

Maghi Purnima 2024: মাঘী পূৰ্ণিমাৰ সামৰণি অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'ৰাম বিজয়' অঙ্কীয়া নাট প্ৰদৰ্শন । কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ অংশগ্ৰহণ । ভাওনা চাবলৈ দৰ্শকৰ ভিৰ নামঘৰত ।

Maghi Purnima 2024
মাঘী পূৰ্ণিমাক লৈ উখল-মাখল কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰ
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 5:33 PM IST

মাঘী পূৰ্ণিমাক লৈ উখল-মাখল কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰ

কলিয়াবৰ, ২৬ ফেব্ৰুৱাৰী : দীৰ্ঘদিনীয়া পৰম্পৰা ৰক্ষা কৰি নগাঁও জিলাৰ কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰত উদযাপন কৰা হৈছে মাঘী পূৰ্ণিমা । মাঘী পূৰ্ণিমা উপলক্ষে আয়োজিত কাৰ্যসূচীৰ অন্তিম তথা সামৰণি অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱৰ 'ৰাম বিজয়' অঙ্কীয়া নাট পৰিবেশন কৰা হয় । ভাওনাখনত গাঁওখনৰ লগতে কলিয়াবৰৰ একাংশ শিল্পীয়ে অংশগ্ৰহণ কৰে । কলিয়াবৰত গুৰুজনাৰ ভাওনাৰ পৰম্পৰা ৰক্ষা কৰি নাৰী চৰিত্ৰত অভিনয় কৰে পুৰুষসকলে ।

উল্লেখ্য যে গুৰু দুজনাৰ বিৰচিত নাটসমূহৰ লগতে পৰৱৰ্তী কালত ৰচনা হোৱা অঙ্কীয়া শৈলীৰ নাটসমূহৰ নাৰী চৰিত্ৰসমূহো পুৰুষে ৰূপায়ণ কৰাৰ পৰম্পৰা আজিও অব্যাহত ৰাখিছে কলিয়াবৰৰ সত্ৰ তথা নামঘৰসমূহে । তাৰ অংশ হিচাপে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰত উদযাপন কৰা হয় মাঘী পূৰ্ণিমা । প্ৰতি বছৰৰ দৰে এইবাৰো দুদিনীয়াকৈ পালন কৰা হয় ভড়ালী নামঘৰত মাঘী পূৰ্ণিমাৰ কাৰ্যসূচী ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগমত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে ভড়ালী নামঘৰত । শতাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা ভড়ালী নামঘৰত পুৱাৰ পৰাই নাম-প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে । ১৫৯৪ শকতে স্থাপন হোৱা ভড়ালী নামঘৰত উদযাপন কৰা এই মাঘী পূৰ্ণিমা কাৰ্যসূচী প্ৰত্যেক বছৰে উলহ-মালহেৰে পালন কৰি আহিছে কলিয়াবৰ তথা ভড়ালী গাঁওবাসীয়ে ।

ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হয় ভড়ালী নামঘৰ প্ৰাঙ্গণ । ইফালে 'ৰাম বিজয়' অঙ্কীয়া নাট উপভোগ কৰি আপ্লুত হৈ পৰে উপস্থিত দৰ্শক তথা ভক্তপ্ৰাণ ৰাইজ ।

উল্লেখ্য যে ভড়ালী নামঘৰৰ উপৰিও নগাঁও জিলাৰ প্ৰতিটো নামঘৰতে মাঘী পূৰ্ণিমাৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা দেখা গৈছিল । অৱশ্যে ভড়ালী নামঘৰৰ অঙ্কীয়া নাটৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকে ।

লগতে পঢ়ক :মাঘী পূৰ্ণিমা উপলক্ষে তেজপুৰৰ ঐতিহাসিক বৰনামঘৰত ভাগৱত পাঠ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.