ETV Bharat / state

অখিল গগৈৰ দৰে এজন বিধায়কেও বানক লৈ ৰাজনীতি কৰা নাই : জিতু গোস্বামী - Jitu Goswami slams Akhil Gogoi

Jitu Goswami slams Akhil Gogoi: বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে উত্থাপন হৈছিল বিদেশত পুত্ৰৰ উপনয়ন পতাৰ অভিযোগ । সমষ্টিবাসী বানত আক্ৰান্ত হোৱাৰ সময়ত বিদেশত পুত্ৰৰ উপনয়ন অনুষ্ঠিত কৰা সন্দৰ্ভত সমষ্টিত উপস্থিত হৈয়েই মুখ খুলিলে বিধায়ক জিতু গোস্বামীয়ে । সমষ্টিত উপস্থিত হৈয়েই দুই এক সংবাদ প্ৰতিষ্ঠানৰ লগতে বিধায়ক অখিল গগৈক প্ৰত্যাহ্বান জনালে বিধায়ক গোস্বামীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 7:02 PM IST

Destination upanayan controversy, Jitu Goswami's reply to Akhil Gogoi
অখিল গগৈক প্ৰত্যুত্তৰ জিতু গোস্বামীৰ (ETV Bharat Assam)

নগাঁও,৬ জুলাই: "বিধায়ক অখিল গগৈয়ে বানক Destination flood লৈ ৰূপান্তৰ কৰিছে ।" এই মন্তব্য বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ । সমষ্টিত উপস্থিত হৈয়েই শনিবাৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক উভতি ধৰিলে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে । অসমৰ দুই এটা সংবাদ প্ৰতিষ্ঠানত বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰ হোৱাৰ লগতে বিধায়ক অখিল গগৈয়ে সংবাদমেলত মিছা অভিযোগ উত্থাপন কৰাৰ দাবী কৰি বিধায়ক অখিল গগৈক কটাক্ষ কৰে বিধায়ক জিতু গোস্বামীয়ে ।

বিধায়ক জিতু গোস্বামী বিদেশত পুত্ৰৰ উপনয়ন আয়োজন কৰা বুলি বাতৰি প্ৰচাৰ কৰা সংবাদ প্ৰতিষ্ঠানৰ লগতে বিধায়ক অখিল গগৈক প্ৰত্যাহ্বান জনাই বিধায়ক জিতু গোস্বামীয়ে । বিধায়ক জিতু গোস্বামীয়ে পুত্ৰৰ উপনয়ন থাইলেণ্ডত আয়োজিত কৰাৰ লগতে ডেৰ শতাধিক লোকক ছাৰ্টাৰ্ড বিমানেৰে থাইলেণ্ডলৈ লৈ যোৱাৰ বুলি অখিল গগৈয়ে সংবাদমেলত উত্থাপন কৰা অভিযোগৰ তথ্য ৰাজহুৱা কৰিবলৈ অখিল গগৈক প্ৰত্যাহ্বান জনাই বিধায়ক জিতু গোস্বামীয়ে ।

বানাক্ৰান্ত সমষ্টিবাসীৰ বিপদৰ সময়ত জিতু গোস্বামীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলিও অখিল গগৈয়ে উত্থাপন কৰা অভিযোগৰো প্ৰত্যুত্তৰ দিয়ে বিধায়ক জিতু গোস্বামীয়ে । শনিবাৰে বিধায়ক অখিল গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ দি বিধায়ক জিতু গোস্বামীয়ে কয়, "মই Destination উপনয়ন পতা নাই ৷ কিন্তু অখিল গগৈয়ে Destination Flood পাতিছে । সেয়ে শিৱসাগৰৰ বানাক্ৰান্তৰ খবৰ লোৱাৰ বিপৰীতে কামপুৰৰ ২৪ টা বানাক্ৰান্ত পৰিয়ালৰ খবৰ ল'বলৈ আহিছে ।" অখিলৰ দৰে এজন বিধায়কেও বানক লৈ ৰাজনীতি কৰা নাই বুলিও মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে ।

বিধায়ক গোস্বামীৰ দুই পুত্ৰৰ এজন লণ্ডন আৰু এজন ডেৰাডুনত থাকে বুলি উল্লেখ কৰে বিধায়ক গোস্বামীয়ে । পাট্টায়া বীচ্চত উপনয়ন পাতিবলৈ যোৱা বুলি অপপ্ৰচাৰ চলাই একাংশ সংবাদ মাধ্যমে বিধায়ক গোস্বামীৰ ভাৱমূৰ্ত্তি ম্লান কৰাৰ চেষ্টা কৰা বুলিও অভিযোগ কৰিছে বিধায়ক গোস্বামীয়ে । আনকি বিধায়ক অখিল গগৈক একবিংশ শতিকাৰ সবাতোকৈ ডাঙৰ ৰাজনৈতিক জ'কাৰ বুলিও আখ্যা দিয়ে বিজেপি বিধায়ক জিতু গোস্বামীয়ে । লগতে বিধায়কগৰাকীয়ে বানৰ পূৰ্বেই ব্যক্তিগত কামত কম্বোডিয়ালৈ যোৱাৰ কথা উল্লেখ কৰি সমষ্টিত বান অহাৰ খবৰ পোৱাৰ লগে লগে ভ্ৰমণসূচী বাতিল কৰি সমষ্টিলৈ ঘূৰি অহা বুলিও মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে ।

লগতে পঢ়ক: সাধাৰণ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ চৰকাৰে ৰাইজক ৰাম ঠগন দি আছে : অখিল গগৈ - Assam Flood 2024

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উৰুলি পুঙা : অখিল গগৈ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.