ETV Bharat / state

গুৱাহাটীত ডেংগুৰ আতংক, GMCH ত চিকিৎসাধীন ১১ গৰাকী - Dengue Outbreak

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Updated : 2 hours ago

Dengue cases in Assam: আকৌ বৃদ্ধি পাইছে ডেংগুৰ আতংক । মহানগৰীৰ জু-ৰোড অঞ্চলৰ ভাস্কৰ নগৰত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত ব্যক্তিৰ সংখ্যা । সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ডেংগুত আক্ৰান্ত ১১ গৰাকী ।

Dengue cases rise in Guwahati, 11 people undergoing treatment at GMCH
মহানগৰীত ডেংগুৰ আতংক (ETV Bharat Assam)

গুৱাহাটী,২৫ ছেপ্টেম্বৰ: গুৱাহাটীত ক্রমাৎ বৃদ্ধি পাইছে ডেংগুৰ আতংক । বিশেষকৈ মহানগৰীৰ জু-ৰোড অঞ্চলৰ ভাস্কৰ নগৰ অঞ্চলত যোৱা কিছুদিন ধৰি ব্যাপক হাৰত ডেংগু ৰোগত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত । সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ডেংগুত আক্ৰান্ত ১১ গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷ এই কথা জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই জনায় ।

তেওঁ সংবাদ মাধ্যমৰ আগত কয়,"বিগত বৰ্ষত ডেংগুত আক্ৰান্ত ১৭০ গৰাকী ৰোগী চিকিৎসাধীন হৈছিল । এইবাৰ ৫৭ গৰাকী ডেংগুত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈছিল । তাৰ ভিতৰত ৩ গৰাকীৰ মৃত্যু হোৱাৰ লগতে বৰ্তমান ১১ গৰাকী লোক চিকিৎসাধীন হৈ আছে । ডেংগুৰ প্ৰাথমিক লক্ষণ ডিঙিৰ বিষ, ভালকৈ কথা কব নোৱৰা, অতিমাত্ৰা জ্বৰ ইত্যাদি হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী ।"

মহানগৰীত ডেংগুৰ আতংক (ETV Bharat Assam)

উল্লেখ্য যে ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগৰে পৰা জু-ৰোডৰ ভাস্কৰ নগৰ, অৰুণাচল পথ, চাহেব টিলা, কার্বি পথ আদি অঞ্চলত বৃদ্ধি পাইছে ডেংগুত আক্রান্ত ৰোগীৰ সংখ্যা । স্থানীয় লোকে জনোৱা অনুসৰি এই অঞ্চলৰ প্রায় ১০০ টাৰো অধিক পৰিয়ালৰ লোক ডেংগুত আক্রান্ত হৈছে । ইয়াৰে কিছুসংখ্যক লোক জু-ৰোডৰ কে জি এম টি হাস্পতালত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ।

আনহাতে, একাংশ লোকে চিকিৎসকৰ পৰামৰ্শ লৈ ঘৰতে চিকিৎসা কৰি আছে । স্থানীয় লোকৰ ভাষ্য অনুসৰি অঞ্চলটোৰ মাজেৰে যোৱা ৰে'লৱেৰ কদর্য নলা আৰু ৰেলৱেৰ ডাম্পিং গ্রাউণ্ডৰ বাবে ভাস্কৰ নগৰ অঞ্চলত ডেংগু ৰোগীৰ সংখ্যা বাঢ়িছে । অঞ্চলটোত চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষই বর্তমানলৈ ফগিং বা নলাৰ জাবৰ নিষ্কাশন নকৰাৰ ফলতে মহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।

লগতে পঢ়ক: মহানগৰীত ডেংগুত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি - Dengue Outbreak

ডেংগু হ’লেই আপোনাৰ শৰীৰত দেখা দিব এই লক্ষণ...জানি লওক ইয়াৰ পৰা কেনেকৈ নিজকে ৰাখিব সুৰক্ষিত - Dengue

Last Updated : 2 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.