ETV Bharat / state

মহানগৰীত ডেংগুত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি - Dengue Outbreak

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Dengue Cases in Assam: ৰাজ্যত পুনৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ ৷ এইবাৰ মহানগৰীৰ এটা অঞ্চলৰ ৰাইজৰ মাজত এই ৰোগক লৈ আতংক । ৰে'লৱেৰ নলা-ডাম্পিং গ্ৰাউণ্ডে মাতিছে বিপদ ।

Dengue Cases in Assam
মহানগৰীত ডেংগুৰ প্ৰাদুৰ্ভাৱ (ETV Bharat Assam)

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ: প্ৰচণ্ড গৰমে দহিছে ৰাজ্য়বাসীক । এফালে গ্ৰীষ্মপ্ৰৱাহ,আনফালে বিদ্য়ুতৰ লুকাভাকু । ইয়াৰ মাজতেই আকৌ ডেংগুৰ প্ৰাদুৰ্ভাৱ । এইবাৰ গুৱাহাটী মহানগৰীত ঘটিছে ডেংগুৰ প্ৰাদুৰ্ভাৱ । মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্যা ৷ বিশেষকৈ জু-ৰোড অঞ্চলত ব্যাপক হাৰত ডেংগুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে মহানগৰবাসী ।

মহানগৰীৰ জু-ৰোডৰ ভাস্কৰ নগৰৰ শতাধিক পৰিয়ালৰ লোক ডেংগুত আক্ৰান্ত হৈছে । ছেপ্টেম্বৰৰ প্ৰথম ভাগৰে পৰাই জু-ৰোড অঞ্চলত ডেংগুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । জু-ৰোডৰ ভাস্কৰ নগৰৰ অৰুণাচল পথ, চাহেবটিলা, কাৰ্বি পথ আদি অঞ্চলত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা । স্থানীয় ব্য়ক্তিয়ে উল্লেখ কৰা অনুসৰি এই অঞ্চলটোৰ প্ৰায় ১০০ টা পৰিয়ালৰ লোক ডেংগুত আক্ৰান্ত হৈছে । কিছুসংখ্যক লোক জু-ৰোডৰ কে জি এম টি হাস্পতাল আৰু জি এম চি এইচত চিকিৎসাধীন হৈ আছে । আনহাতে, একাংশ লোক চিকিৎসকৰ পৰামৰ্শ লৈ ঘৰতে আছে ।

অঞ্চলটোৰ মাজেৰে যোৱা ৰে'লৱেৰ নলা আৰু ৰে'লৱেৰ ডাম্পিং গ্ৰাউণ্ডৰ বাবে ভাস্কৰ নগৰ অঞ্চলত ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা বুলি স্থানীয় ৰাইজে মন্তব্য় কৰিছে । ৰাইজে অঞ্চলটোত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ফগিং বা নলাৰ জাৱৰ নিষ্কাষণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে । বিগত বৰ্ষৰ তুলনাত এইবাৰ গুৱাহাটী মহানগৰীত ডেংগুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ এক সূত্ৰই উল্লেখ কৰিছে । সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱা ডেংগু সংক্ৰমণৰ শীৰ্ষ সময় । প্ৰতিবছৰে এই সময়ছোৱাত বহু লোক ডেংগু ৰোগত আক্ৰান্ত হয় । এইবাৰ বিগত বৰ্ষতকৈ ডেংগু ত আক্ৰান্তৰ সংখ্যা মহানগৰীত বৃদ্ধি পাইছে যদিও বৰ্তমানলৈ কোনো ৰোগীৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা নাই বুলি মন্তব্য কৰিছে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াগৰাকীয়ে ।

কে জি এম টি হাস্পতালত ১২ গৰাকী চিকিৎসাধীন

মহানগৰীৰ জু-ৰোডৰ কে জি এম টি হাস্পতালত সোমবাৰে পুৱাৰ ভাগলৈ ডেংগুত আক্ৰান্ত ১২ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে বুলি হাস্পতালখনৰ স্বতাধিকাৰী ডাঃ নিবেদিতা গোস্বামীয়ে সদৰী কৰিছে । তেওঁ কয়," বিগত দুই-তিনি সপ্তাহ ধৰি জু-ৰোডৰ ভাস্কৰ নগৰ,অৰুণাচল পথ, চাহেবটিলা,কাৰ্বি পথ আদি অঞ্চলৰ পৰা এই ৰোগত আক্ৰান্ত ৰোগী আহি আছে । এই অঞ্চলটোৰ নলা-নৰ্দমা লেতেৰা হৈ থকাৰ লগতে বৰ্তমান সমযয়ছোৱাত বৰষুণ নোহোৱাৰ বাবে জমা হৈ থকা পানীত ডেংগু মহৰ উৎপত্তি হৈছে ।

কি কয় চিকিৎসকে ?

ডেংগুৰ পৰা হাত সাৰিবলৈ উপায় উল্লেখ কৰি ডা: নিবেদিতা গোস্বামীয়ে কয়,"ডেংগু পৰা হাত সাৰিবলৈ সদায় শৰীৰ সম্পূৰ্ণকৈ ঢাকি ৰখাকৈ কপাহী বস্ত্ৰ পৰিধান কৰিব লাগে । তেতিয়া মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰি । ঘৰৰ ভিতৰত আৰু বাহিৰত খোলা পাত্র, নাৰিকলৰ খোলা, অব্যৱহৃত ফুলৰ টাব আদিত যাতে পানী জমা হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগে । বয়স অনুযায়ী মহনাশক যেনে-বৈদ্যুতিক মেট, ধূপ-ধূনা, কইল ইত্যাদি ব্যৱহাৰ কৰিব লাগে । কোনো ডেংগুসদৃশ লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত । চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ ঔষধ সেৱন কৰিব নালাগে ।"

এই ৰোগৰ লক্ষণ কি কি ?

ডেংগু ৰোগৰ লক্ষণ সম্পৰ্কে ব্য়াখ্য়া কৰিলে জ্য়েষ্ঠ মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কে। মেডিচিন বিশেষজ্ঞগৰাকীয়ে কয়,"ডেংগুত আক্ৰান্ত হ'লে জ্বৰ উঠে । শৰীৰৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে । তদুপৰি এই ৰোগীৰ মূৰৰ বিষৰ লগতে পেশী আৰু গাঁঠিৰ বিষ হয় । আনহাতে,ৰোগীৰ গ্ৰন্থি ফুলাৰ লগতে অনবৰতে ভাগৰ লগা, ফোহা ওলোৱা, ভোক কমি যোৱা, চকুৰ বিষ আদিও হ'ব পাৰে ।"

লগতে পঢ়ক:লখিমপুৰত ডেংগুৰ প্ৰাদুৰ্ভাৱ, সষ্টম জিলা স্বাস্থ্য বিভাগ - DANGE OUTBREAK

ৰাজ্যত ডেংগুৰ প্ৰাদুৰ্ভাৱ: তৎপৰ স্বাস্থ্য বিভাগ - Assam dengue cases

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.