ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বুকুত সামুদ্ৰিক বিমানৰ অৱতৰণ; পৰ্যটন উদ্যোগলৈ আশাৰ ৰেঙণি - SEAPLANE IN GUWAHATI

অসমৰ পৰ্যটন আৰু যোগাযোগ ব্যৱস্থালৈ এক নতুন সংযোজন ৷ ব্ৰহ্মপুত্ৰ নদীত প্ৰথমবাৰৰ অৱতৰণ সামুদ্ৰিক বিমান ৷

Seaplane launch in Guwahati
ব্ৰহ্মপুত্ৰ নদীত প্ৰথমবাৰৰ অৱতৰণ সামুদ্ৰিক বিমান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 1:11 PM IST

গুৱাহাটী: অসমৰ পৰ্যটন আৰু যোগাযোগ ব্যৱস্থালৈ এক নতুন সংযোজন । সচৰাচৰ সাগৰত অৱতৰণ কৰা সামুদ্ৰিক বিমান (Seaplane) প্ৰথমবাৰৰ বাবে অসমৰ নদীত অৱতৰণ কৰে । গুৱাহাটীৰ পাণ্ডু ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত শুকুৰবাৰে অৱতৰণ কৰে সামুদ্ৰিক বিমানে । কালি (বৃহস্পতিবাৰ) মেঘালয়ৰ উমিয়াম হ্ৰদত প্ৰথমবাৰৰ বাবে সামুদ্ৰিক বিমানে অৱতৰণ কৰাৰ পিছত আজি গুৱাহাটীৰ পাণ্ডু ঘাটতত ব্ৰহ্মপুত্ৰ নদীত পৰীক্ষামূলকভাৱে অৱতৰণ কৰে ।

পাণ্ডু ঘাটত সামুদ্ৰিক বিমানৰ পৰীক্ষামূলক অৱতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰা উৰা মৰা সামুদ্ৰিক বিমানখনে গুৱাহাটীৰ পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰ নদীত অৱতৰণ কৰে । এই বিমানখনত পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু গুৱাহাটী মেয়ৰ ইন কাউন্সিলৰ সদস্যসকলে যাত্ৰা কৰে ।

৷ ব্ৰহ্মপুত্ৰ নদীত প্ৰথমবাৰৰ অৱতৰণ সামুদ্ৰিক বিমান (ETV Bharat Assam)

এই সন্দৰ্ভত পাণ্ডুঘাটত সাংবাদিকক সম্বোধন কৰি পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, ‘‘অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ উদ্যোগত পাণ্ডুঘাটত সামুদ্ৰিক বিমানৰ পৰীক্ষামূলক অৱতৰণৰ ব্যৱস্থা কৰা হৈছে । এই ক্ষেত্ৰত অসম পৰ্যটন বিভাগ আৰু অসম পৰিবহণ বিভাগে সহযোগিতা আগবঢ়াইছে । এবছৰৰ ভিতৰত এই বিমানৰ পৰিচালন কাৰ্যকৰী কৰা হ'ব ।’’

তেওঁ আৰু কয়, ‘‘সামুদ্ৰিক বিমান এনেদৰে প্ৰথমবাৰৰ বাবে দেশত নদী অৱতৰণ কৰিছে । এয়া আমাৰ বাবে আনন্দৰ বিষয় । এই সামুদ্ৰিক বিমানৰ সংযোজনে অসমৰ যোগাযোগ আৰু পৰ্যটন ক্ষেত্ৰলৈ‌ আমূল পৰিৱৰ্তন কঢ়িয়ায় আনিব ।’’

Seaplane launch in Guwahati
অসমৰ নদীত অৱতৰণ সামুদ্ৰিক বিমান (ETV Bharat Assam)

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, ‘‘এই বিমানৰ আনুষ্ঠানিকভাৱে পৰিচালনা কৰাৰ বাবে এবছৰ‌ সময় লাগিব । এই বিমানৰ আনুষ্ঠানিকভাৱে পৰিচালনা কৰাৰ পিছত অসমৰ যোগাযোগ আৰু পৰ্যটন ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ'ব ।’’

কাজিৰঙা, মাজুলী আৰু উমাৰংছুতো চলিব সামুদ্ৰিক বিমান :

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই লগতে কয়, ‘‘পৰৱৰ্তী সময়ত কাজিৰঙা, মাজুলীত ব্ৰহ্মপুত্ৰ নদীত আৰু উমাৰংছুতো সামুদ্ৰিক বিমানৰ চলাচলৰ ব্যৱস্থা কৰা হ'ব । এই ব্যৱস্থা আৰম্ভ হ’লে যাতায়তৰ খৰচ আৰু সময়ো কম লাগিব । গুৱাহাটীৰ পৰা কাজিৰঙালৈ ১৫-২০ মিনিট আৰু উমাৰংছুলৈ ৩০ মিনিট সময় লাগিব । সামুদ্ৰিক বিমান পৰৱৰ্তী সময়ত বৃহৎ জলাশয়তো অৱতৰণ কৰা হ'ব । অসমৰ বেছিভাগ পৰ্যটন স্থানৰ ওচৰত এনেধৰণৰ জলাশয় বা হ্ৰদ আছে ।’’

উল্লেখ্য যে, De Havilland aircraft-এ যোগান ধৰা সামুদ্ৰিক বিমানখন কালি মেঘালয়ত উমিয়াম হ্ৰদত অৱতৰণ কৰাৰ কাৰ্যসূচী কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ মন্ত্ৰী ৰামমোহন নাইডুয়ে মুকলি কৰিছিল । এই কাৰ্যসূচীত অংশ লৈ তেওঁ সদৰী কৰিছিল যে এই বিমানেৰে অসম আৰু মেঘালয়ক সংযোগ কৰা হ'ব ।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, ভাৰত চৰকাৰে ২০১৯ চনতে এই প্ৰকল্পটো‌ আৰম্ভ কৰা পৰিকল্পনা কৰিছিল যদিও পৰৱৰ্তী সময়ত ক’ভিড পৰিস্থিতিৰ বাবে কাৰ্যকৰী হৈ উঠা নাছিল ।

লগতে পঢ়ক : অসমত কদৰ বাঢ়িছে ইলেক্ট্রিক বাহনৰ: চাৰ্জিং ষ্টেচনৰ প্ৰস্তাৱ ফাইলতে আৱদ্ধ

ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম হোৱা দীপৰ বিলত পৰিভ্ৰমী চৰাইৰ কলৰব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.