গোলাঘাট: শিশু বন্ধু আৰু মহীয়ান উপাধিৰে বিভূষিত তথা সদৌ অসম মইনা পাৰিজাতৰ মহীৰূহ স্বৰূপ দেৱেন দত্ত আৰু নাই । শুকুৰবাৰে গোলাঘাট জিলাৰ ঢেকীয়াল এলেংমুৰীয়া গাঁৱৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিশু বন্ধু আৰু মহীয়ান উপাধিৰে বিভূষিত দেৱেন দত্তই । কণ কণ ছাত্ৰ-ছাত্ৰীক বুকুত সাবটি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘুৰি ফুৰি জ্ঞানৰ পোহৰ বিলাবলৈ চেষ্টা অব্যাহত ৰখা এই মহান ব্যক্তিগৰাকীক মৃত্যুত শোকস্তব্ধ সমগ্ৰ গোলাঘাট জিলা ।
বৰুৱা বামুণ গাঁৱৰ চেনী কলত কৰ্মৰত হৈ থাকোতেই দত্তই সদৌ অসম মাইনা পাৰিজাতৰ লগত জড়িত হৈ পৰি কণ কণ ছাত্ৰ-ছাত্ৰীসকলক বৌদ্ধিক বিকাশৰ বাবে ওৰেতো জীৱন কাম কৰি গৈছিল । ইয়াৰ উপৰিও তেখেতে সদৌ অসম মইনা পাৰিজাতৰ আজীৱন সভ্য হোৱাৰ লগতে গোলাঘাট জিলা মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি, ঢেকীয়াল মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপৰ লগতে ঢেকীয়ালৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল । তেখেতৰ মৃত্যুৰ খবৰ লাভ কৰি পুৱাই তেখেতৰ গুণমুগ্ধসকলে তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় বিষয়ববীয়াই কয়, "গোলাঘাট জিলা মাইনা পাৰিজাতৰ সভাপতি দেৱেন দত্ত শুকুৰবাৰে নিশা ১২:৪০ বজাত আমাৰ মাজৰ পৰা হেৰাই গ'ল । যি জন মানুহে কেৱল মইনা পাৰিজাত বুলি নহয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থাকি বিভিন্ন সামাজিক সেৱা আগবঢ়োৱাৰ লগতে বিশেষকৈ মইনা পাৰিজাত বুলি ক'লে পাগলৰ দৰে হয় । তেখেতৰ এই ত্যাগৰ ফলস্বৰূপে সদৌ অসম মইনা পাৰিজাতে শিশু বন্ধু উপাধি প্ৰদান কৰিছিল আৰু বিভিন্ন উপাধিৰে বিভূষিত কৰিছিল । অৱশেষত 88 বছৰ বয়সত যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে ।"
তেওঁ লগতে কয়, "আমি অত্যন্ত দুখ পাইছো, কাৰণ যিজনে ঢেকীয়াল মইনা পাৰিজাত প্ৰতিষ্ঠা কৰিছিল আৰু গোলাঘাট জিলা মাইনা পাৰিজাতৰ প্ৰতিজন কৰ্মকৰ্তা মৰ্মাহত হৈছে আৰু আমি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো ।" তেখেতৰ মৃত্যুত গোলাঘাট জিলা মইনা পাৰিজাত, মধ্য আঞ্চলিক মইনা পাৰিজাত, ঢেকিয়াল শাখা মইনা পাৰিজাত, মিছামৰা আঞ্চলিক মইনা পাৰিজাত, ঢেকিয়াল তিনি আলিব্যৱসায়ীসকল, ঢেকীয়াল ক্ৰীড়া সন্থা । ঢেকীয়াল তিনিআলি কহাঁৰচুক নামঘৰ পৰিচালনা সমিতি, প্ৰহৰ নাট্য গোষ্ঠী, জ্যোতি শাখা সাহিত্য সভা, ঢেকিয়াল তিনি আলি গাঁওৰক্ষী বাহিনীৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।