ETV Bharat / state

7 জুনত ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিজয় উৎসৱ - congress Vijay Utsav

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 6:01 PM IST

Congress Vijay Utsav in Assam : 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়াৰ পৰা টঙালী বান্ধিছে কংগ্ৰেছে ৷ এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ তিনি প্ৰাৰ্থীৰ জয়ে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷ অহা 7 জুনত গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছে আয়োজন কৰিছে বিজয় উৎসৱৰ ।

Congress Vijay Utsav in Assam
7 জুনত ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিজয় উৎসৱ পালন (etv bharat assam)

গুৱাহাটী, 6 জুন : লোকসভা নিৰ্বাচনত কংগ্ৰেছে অসমত 14 খন আসনৰ ভিতৰত মাত্ৰ 3 খন আসনত জয় লাভ কৰিলেও উৎসাহ তুংগত আছে কংগ্ৰেছ দলৰ । ইয়াৰ পিচতে অহা 7 জুনত গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছে আয়োজন কৰিছে বিজয় উৎসৱৰ ।

7 জুনত পুৱা 10 বজাত কংগ্ৰেছৰ তিনিওগৰাকী বিজয়ী সাংসদক সম্বৰ্ধনাৰ আয়োজন কৰিছে কংগ্ৰেছে । বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেলযোগে এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷

কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয় যে, লোকসভা নিৰ্বাচনত ৰাজ্যৰ 126 টা বিধানসভা সমষ্টিত ভাল ফলাফল পাইছে কংগ্ৰেছে । এইবাৰ লোকসভা নিৰ্বাচনত দেশৰ জনসাধাৰণে NDA ক বুজাই দিলে যে সকলোৱে এতিয়া বিজেপিৰ পৰা মুক্তি হ'বলৈ বিচাৰে ৷ এই অসমৰ লোকসভা নিৰ্বাচনত এইবাৰৰ ৰাইজে উজনিৰ পৰা নামনিলৈ বিজেপিক প্ৰত্যুত্তৰ দিলে ৷

2026 চনত অসমত হ’ব কংগ্ৰেছৰ চৰকাৰ :

সংবাদমেলখনত কংগ্ৰেছ নেতা শিকদাৰৰ দাবী কৰে যে, চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত দেশত কংগ্ৰেছৰ মিত্ৰজোঁটৰ সফলতাই আত্মবিশ্বাসী কৰি তুলিছে অসম কংগ্ৰেছৰ নেতা-কৰ্মী সকলোকে ৷ 2026 চনত হ’বলগীয়া অসমৰ বিধানসভা নিৰ্বাচনক লৈ আশাবাদী হৈ পৰিছে কংগ্ৰেছ দল । 2026 চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব- এয়া দৃঢ় প্ৰতিজ্ঞা ৷ বিজেপিৰ জালত এতিয়াৰে পৰা না কংগ্ৰেছে ভৰি দিব, না অসমৰ ৰাইজে ৷ 2021 চনতকৈ এইবাৰ ৰাইজে কংগ্ৰেছ দলক বেছিকৈ আশীৰ্বাদ দিয়া দেখা গৈছে ৷ গতিকে 2026 চনত এই আশীৰ্বাদ লৈ আগবাঢ়ি যাব কংগ্ৰেছ ৷

2026 চনত ত AIUDF 100 শতাংশ নিঃশেষ হৈ যাব:

জাকিৰ হুছেইন শিকদাৰে লগতে কয়, "2031 চনত অসমৰ পৰা এ আই ইউ ডি এফ নাইকিয়া হৈ যাব বুলি ভাবিছিলো যদিও, 2026 চনতে অসমৰ পৰা AIUDF নাইকিয়া হৈ যাব । ৰাইজে AIUDF দলক আৰু নিবিচাৰে । এইবাৰৰ নিৰ্বাচনতে অকলশৰীয়া হৈছে বদৰুদ্দিন আজমল ৷ এতিয়া আজমলৰ ফোন নধৰা হৈছে AIUDF ৰ বিধায়ক আৰু নেতাই । আজমলে এটা কোম্পানীৰ দৰে AIUDF চলাই আছিল ৷ অতি সোনকালে বদৰুদ্দিন আজমলে নিজেই নিজৰ দল শেষ কৰি দিব ৷"

দল বিৰোধীৰ বিৰুদ্ধে কংগ্ৰেছে ল’ব ব্যৱস্থা:

আনহাতে কংগ্ৰেছ নেতাগৰাকীয়ে কয়, “নিৰ্বাচনত দলৰ বিৰুদ্ধে কাৰ্যকলাপ চলোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ৷ দলৰ বিৰুদ্ধে যোৱা কোনো নেতা পুনৰ কংগ্ৰেছলৈ আহিব নোৱাৰিব ৷ কংগ্ৰেছে কেতিয়াও গ্ৰহণ নকৰে তেওঁলোকক ৷”

লগতে পঢ়ক: চৰকাৰ গঠন কৰিবলৈ সাজু এন ডি এ : 7 জুনত অনুমতি বিচাৰিব ৰাষ্ট্ৰপতিৰ - NDA to Meet President on June 7

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.