ETV Bharat / state

কংগ্ৰেছে ভয়ত লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰা নাই: মানৱ‌ ডেকা - Lok Sabha Election 2024

লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাক লৈ কংগ্ৰেছক তীৰ্যক সমালোচনা বিজেপি বিধায়ক মানৱ ডেকাৰ ৷ কংগ্ৰেছৰ যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈকো কটু সমালোচনা ডেকাৰ ৷ তেওঁ পৰোক্ষভাবে গৌৰৱ গগৈ পৰৱৰ্তী সময়ত তেলেংগানাৰ পৰা ৰাজ্য সভাৰ সাংসদ হ’ব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

BJP MLA Manab Deka
বিজেপিৰ বিধায়ক মানৱ ডেকা
author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 10:49 PM IST

বিজেপিৰ বিধায়ক মানৱ ডেকা

গুৱাহাটী, ১৬ মাৰ্চ: দেওবাৰে কংগ্ৰেছে লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব বুলি আজি অৰ্থাৎ শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ঘোষণা কৰে ৷ কিন্তু ভূপেন বৰাৰ এই ঘোষণাৰ পূৰ্বেই লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাই কংগ্ৰেছ দলক তীৰ্যক সমালোচনাৰে থকা সৰকা কৰে ৷ লখিমপুৰ লোকসভা সমষ্টিত এতিয়াও কংগ্ৰেছ দলে প্ৰাৰ্থী ঘোষণা‌ কৰিব নোৱৰাৰ কাৰণ ব্যাখ্যা কৰি বিজেপিৰ বিধায়ক মানৱ ডেকাই শনিবাৰে সাংবাদিকক কয়, লখিমপুৰত বিজেপিৰ প্ৰভাৱ‌ আৰু অৱস্থিতি দেখি ভয়ত কংগ্ৰেছৰ‌ প্ৰাৰ্থিত্ব বিচৰা দুয়োজনে নিৰ্বাচন খেলিব বিচৰা নাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে তাৎপৰ্যপূৰ্ণ এক মন্তব্য কৰি বিধায়কজনে আৰু কয় যে, কংগ্ৰেছৰ যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈ পৰাজিত হোৱাটো নিশ্চিত ৷ অৱশ্যে যদিহে তেওঁ পৰাজিত হয় তেন্তে কংগ্ৰেছে হয়তো তেলেংগানা বা আন কোনো এখন ৰাজ্যৰ পৰা তেওঁক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি নিয়াৰো সম্ভাৱনাও নথকা নহয় ৷ উল্লেখ্য যে, কংগ্ৰেছ দলে ডিব্ৰুগড় সমষ্টিটো অজাপক এৰি দি ১১ টা লোকসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছিল । দলটোৱে এতিয়াও লখিমপুৰ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই । লখিমপুৰ লোকসভা সমষ্টিত প্ৰাক্তন সাংসদ ৰাণী নৰহ আৰু উদয় শংকৰ হাজৰিকাৰ নাম প্ৰাৰ্থী তালিকাত আছে ।

ডেকাই কয় যে লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিপুল‌ ভোটৰ ব্যৱধানত জয়ী হ'ব । তেওঁ কয় যে বিজে‌পিক বেছি‌ সমালোচনা কৰা বিৰোধীত থকা খিলঞ্জীয়া মূলৰ নেতা পিচত বিজেপিৰ কাৰ্যকৰ্তা হয় । এইক্ষেত্ৰত কোনো সন্দেহ নাই ।

লগতে পঢ়ক: কাৰ হাতলৈ যাব চৰ্চিত লখিমপুৰ লোকসভা সমষ্টি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.