ETV Bharat / state

মুখ্যমন্ত্ৰীৰ বিশেষ সেৱাৰ পদক-বঁটা আৰক্ষী বিষয়াৰ পৰা কাঢ়ি নিয়া হ'ল কিয় ? - DERGAON SUICIDE CASE

বেজৰ নাকতেই খৰ । দেৰগাঁৱৰ যান-বাহন আৰক্ষীৰ বিৰুদ্ধে তদন্ত ঘোষণা ।

CM Special Service Medal
দেৰগাঁৱৰ যান-বাহন আৰক্ষীৰ বিৰুদ্ধে তদন্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 4:45 PM IST

গোলাঘাট: দেৰগাঁৱৰ এজন যান-বাহন আৰক্ষীয়ে লাভ কৰা মুখ্যমন্ত্ৰীৰ বঁটা ওভতাই ল'লে গৃহ বিভাগে । দেৰগাঁও আৰক্ষী থানাত কৰ্মৰত নিতুল ফুকন নামৰ আৰক্ষী বিষয়াগৰাকীয়ে স্বাধীনতা দিৱসত লাভ কৰিছিল এই বঁটা । মুখ্যমন্ত্ৰীৰ বিশেষ সেৱাৰ পদক আৰু অসাধাৰণ সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক লাভ কৰিছিল নিতুল ফুকনে ।

ফেচবুক লাইভ কৰি আত্মহনন কৰিছিল অজয় দত্তই:

দেৰগাঁৱৰ যান-বাহন আৰক্ষীৰ বিৰুদ্ধে তদন্ত (ETV Bharat Assam)

অভিযোগ অনুসৰি ২০২৩ বৰ্ষৰ বিজয়া দশমীত নিতুল ফুকনৰ বাবেই দেৰগাঁৱৰ দ'লৰমুখ গাঁৱৰ অজয় দত্ত নামৰ যুৱকজনে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল । এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল দেৰগাঁৱত । ২০২৩ বৰ্ষৰ বিজয়া দশমীৰ নিশা ফেচবুক লাইভ কৰি আত্মহননৰ পথ বাছি লৈছিল অজয় দত্তই । যান-বাহন আৰক্ষী আৰু এজন গাড়ী চালকে অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি আত্মহনন কৰিছিল যুৱকজনে ।

এই ঘটনাৰ তদন্ত চলি থাকোতেই নিতুল ফুকনলৈ আগবঢ়োৱা হৈছিল মুখ্যমন্ত্ৰী বিশেষ সেৱা বঁটা । অৱশেষত কিছু পলমকৈ হ'লেও আৰক্ষী বিভাগে ঘূৰাই বিচাৰিলে নিতুল ফুকনক প্ৰদান কৰা পদক আৰু বঁটা । গৃহ বিভাগৰ এই তৎপৰতাত সন্তুষ্টি প্ৰকাশ কৰি অজয় দত্তৰ মাতৃয়ে কয়, "এবছৰ পূৰ্বে দেৰগাঁৱত যান-বাহন আৰক্ষী বিষয়া নিতুল ফুকনে মোৰ পুত্ৰক গাড়ীত তুলি নি প্ৰহাৰ কৰিছিল । তাৰ পাছত নিতুল ফুকনক বঁটা প্ৰদান কৰিলে, আকৌ সেই বঁটা আৰক্ষীয়ে ঘূৰাই ল'লে । কিন্তু হত্যাকাৰীয়ে কেনেকৈ বঁটা লাভ কৰিছিল ? আমি আদালতলৈ যাওঁতে আৰক্ষীয়ে আমাক গোচৰ উঠাই ল'বলৈ হেঁচা প্ৰয়োগ কৰিছে । "

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ নকৰাৰ অভিযোগ :

তেওঁ আৰু কয়- " এতিয়ালৈকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, মোবাইল ফোন আমি লাভ কৰা নাই । মোৰ পুত্ৰই কৈছিল সকলো কথা । নিতুল ফুকনৰ পৰা বঁটা ঘূৰাই লোৱাৰ লগতে তদন্ত প্ৰক্ৰিয়া চলাই থকাৰ বাবে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো । কোনোপধ্যেই গোচৰ উঠাই নলও । তেওঁ এজন হত্যাকাৰী আৰু মুকলি আকাশৰ তলত ঘুৰি ফুৰিছে । আৰক্ষীয়ে কোৱা মতে অজয় দত্তই ছোৱালী জোকাইছিল যাৰ বাবে তাক গাড়ীৰ ভিতৰত বহুৱাই থৈছিল । তাক মাৰপিট কৰা নাই, কিন্তু গাড়ীৰ পৰা নামোতে এচাট দিছিল, কিন্তু মোৰ পুত্ৰই কৈছিল যে মা মোক বহুত মাৰপিট কৰিছিল ।"

দোষীয়ে উচিত শান্তি নাপালে আত্মহত্য়াৰ ভাবুকি ভুক্তভোগীৰ :

আৰক্ষীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ অজয় দত্তৰ মাতৃয়ে কয়," এতিয়া অকল গোচৰ উঠাই ল'বলৈ মাতি আছে । আজি বেলেগ কোনোবা হ'লে শান্তি পালেহেতেন, কিন্তু চৰকাৰী মানুহ হোৱাৰ বাবে একো কৰা নাই । দোষীয়ে উচিত শান্তি নাপালে মই আৰক্ষী থানাত ওলমি দিম ।"

আনহাতে, এই সমগ্ৰ ঘটনাৰ বিষয়ে প্ৰয়াত অজয় দত্তৰ ভাতৃয়ে কয় ," প্ৰথমতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো । নিতুল ফুকনৰ নিচিনা এটা দুস্কৃতিকাৰী, যি মুখ্যমন্ত্ৰীৰ পদক লাভ কৰিছিল সেই পদক উঠাই লোৱাৰ বাবে জি পি সিঙক ধন্যবাদ জনাইছো । ২০২৩ বৰ্ষৰ ২৪ অক্টোবৰত মোৰ ভাইটি অজয় দত্তই নিতুল ফুকনৰ অকথ্য নিৰ্যাতনৰ বলি হৈ চৰম পন্থা বাচি লৈছিল । যাৰ পৰিপ্ৰেক্ষিতত আমি নিতুল ফুকন আৰু চিত্তৰঞ্জন বৰাৰ ওপৰত গোচৰ ৰুজু কৰিছিলো । তাৰ পাছত তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে কিছুদিন পূৰ্বে আদালতৰ পৰা আমালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰত নস্য়াৎ কৰিব বিচাৰিছিল আৰু তাৰ পাছত আমি পুনৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আবেদন কৰিছিলো । যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিতুল ফুকনৰ পৰা বঁটা ঘূৰাই লৈছে ।"

তেওঁ পুনৰ কয়," মোৰ ভাতৃৰ মৃত্যুৰ এবছৰ নহওঁতেই নিতুল ফুকনক বঁটা প্ৰদান কৰাৰ বাবে আমাৰ অলপ দুখ লাগিছিল । কিন্তু এতিয়া আমাক কিছু আনন্দ দিছে । ইয়াৰ উপৰি মোৰ ভাতৃৰ আত্মাই তেতিয়া শান্তি পাব যেতিয়া নিতুল ফুকনে উচিত শান্তি পাব ।" ইয়াৰ উপৰি নিৰপেক্ষ তদন্তৰ খাতিৰত নিতুল ফুকনক দেৰগাঁও থানাৰ পৰা বদলি কৰিবলৈ দাবী জনাই অজয় দত্তৰ ভাতৃয়ে ।

লগতে পঢ়ক:দেৰগাঁৱত চুৰিৰ অভিযোগত অভিযুক্ত ১৩ বছৰীয়া ছাত্ৰৰ আত্মহত্য়া - Student Commits Suicide

বিজেপি নেতাৰ মৃত্যুৰ ঘটনাৰ আৰক্ষীৰ তদন্তত অসন্তুষ্ট বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.