ETV Bharat / state

কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰি কি আলোচনা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণকাৰ্যৰ সন্দৰ্ভত আলোচনাৰ বাবে কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰীৰ ।

ASSAM CM MEET NITIN GADKARI
কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

গুৱাহাটী: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত আজি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে । এই সাক্ষাতকালত মুখ্যমন্ত্রীৰ সৈতে আছিল কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্র মাৰ্ঘেৰিটা আৰু সাংসদ দিলীপ শইকীয়া । কেন্দ্ৰীয় মন্ত্রীগৰাকীক সাক্ষাৎ কৰাৰ পাছতে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

মুখ্যমন্ত্রীয়ে কয়, "আমাৰ লগত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আছিল । মূলতঃ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণকাৰ্য যাতে অতি সোনকালে সম্পূৰ্ণ হয় তাৰবাবে আজি আমি কেন্দ্ৰীয় মন্ত্রীগৰাকীৰ সৈতে সবিস্তাৰে আলোচনা কৰিছিলো । আজিৰ এই আলোচনাত ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ কাম হাতত লোৱা ভাৰত চৰকাৰৰ সংস্থা এন এছ আই ডি চি এল, কামত নিয়োজিত ঠিকাদাৰ, চৰকাৰী বিষয়া, অসম চৰকাৰৰ মুখ্য সচিব আদি সকলো উপস্থিত আছিলো ।"

তেওঁ লগতে কয়, "সকলো পক্ষই আমাক আশ্বাস দিছে যে এইবাৰ যিহেতু উজনি অসমত যথেষ্ট বৰষুণ হৈছিল, সেয়ে কামৰ অগ্ৰগতি আশানুৰূপ কৰিব পৰা হোৱা নাছিল । যোৱা সপ্তাহৰ পৰা বৰষুণ হোৱা নাই বাবে কামটো ক্ষিপ্ৰতাৰে কৰাৰ বাবে তেওঁলোকে আমাক আশ্বাস দিছে । আমি যিদৰে মই, সৰ্বানন্দ সোণোৱাল, পবিত্র মাৰ্ঘেৰিটা, দিলীপ শইকীয়া আমি চাৰিওজনো নীতি গাডকাৰীক সাক্ষাৎ কৰি কামটো সোনকালে শেষ কৰাৰ বাবে যথেষ্ট অনুৰোধ কৰিছো । কামটোৰ লগত জড়িত সংশ্লিষ্ট সকলোকে আজি কেন্দ্ৰীয় মন্ত্রীগৰ‍াকীয়ে মাতি আনিছিল । এনেকুৱা প্ৰচেষ্টা আমি দুই-তিনি মাহৰ মূৰে মূৰে লৈ থাকিম যাতে যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামটো সোনকালে শেষ হয় ।"

"গাডকাৰীৰে হোৱা আলোচনাত আৰু দুই-তিনিটা কথা উল্লেখ হৈছিল । প্ৰস্তাৱিত কাজিৰঙাৰ ওপৰত এলিভেটেড ক'ৰিডৰ । ইতিমধ্যে ইয়াৰ এলাইমেণ্ট ভাৰত চৰকাৰে অনুমোদন জনাইছে । নীতিন গাডকাৰীয়ে আমাক আশ্বাস দিছে যে দুমাহ-তিনি মাহৰ ভিতৰত কেবিনেটত ফাইনেল অনুমোদনৰ বাবে যাব । তেখেতে আশা কৰে যে অহা দুই-তিনিমাহৰ ভিতৰত এই ৫,৫০০ কোটি টকাৰ প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিব পাৰিব । গহপুৰৰ পৰা নুমলীগড়লৈকে টাৰ্ণেলৰ নিৰ্মাণ সন্দৰ্ভতো আজি আলোচনা হয় । তাৰ ডি পি আৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে ।" মুখ্যমন্ত্রীয়ে লগতে কয় ৷

মুখ্যমন্ত্রী শৰ্মাই আৰু কয়, "গাডকাৰীয়ে আমাক জনাইছে যে ডি পি আৰৰ কাম শেষ হোৱাৰ লগে লগে পৰৱৰ্তী পদক্ষেপ তেওঁলোকে ল'ব । আজি আমি আৰু এটা বিষয় আলোচনা কৰিছিলো । সেইটো হৈছে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন কৰা । এই বিষয়ত তেওঁ আমাক কথা দিছে যে অহা তিনিমাহৰ ভিতৰত এই গোটেই প্ৰকল্পটো ভাৰত চৰকাৰৰ পৰা অনুমোদন কৰাৰ বাবে চেষ্টা কৰিব । আজি মূলতঃ গোটেই আলোচনাটো যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰতে আলোচনা কৰা হৈছিল ।"

লগতে পঢ়ক: ঝাৰখণ্ড বিধানসভা নিৰ্বাচন সন্দৰ্ভত চিৰাগ পাছোৱানৰে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.