ETV Bharat / state

মূল সমস্যাবোৰ ডাইভাৰ্ট কৰোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে উচ্ছেদৰ বিৰ্তক আনিছে: ৰিপুণ বৰা - Sonapur Eviction

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 6:20 PM IST

Congress leader Ripun Bora: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সোণাপুৰত উচ্ছেদ চলোৱা হৈছে । মানৱ অধিকাৰ ভংগ কৰিছে চৰকাৰে । ট্ৰেডিংকাণ্ডত অসম পুলিচ-চৰকাৰপক্ষ জড়িত থকাৰ সন্দেহ প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ । ট্ৰেডিংকাণ্ডৰ সকলো তথ্য সন্নিবিষ্ট এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ বাবে চৰকাৰক দাবী বৰাৰ ৷

Congress leader Ripun Bora
কংগ্ৰেছ নেতা ৰিপুণ বৰা (ETV Bharat Assam)

নলবাৰী, ১৪ ছেপ্টেম্বৰ: "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইচ্ছাকৃতভাৱে উচ্ছেদৰ বিৰ্তক আনিছে ৷ বৰ্তমান চলি থকা ৰাজনৈতিক তথা মূল সমস্যাবোৰ কেনেকৈ ডাইভাৰ্ট কৰোৱা হয় সেয়াই হৈছে তেওঁলোকৰ মূল উদ্দেশ্য ৷ মানৱ অধিকাৰ খৰ্ব কৰিছে এইখন চৰকাৰে । যদি তেওঁলোক বেদখলকাৰী হয়, তেন্তে কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰাকৈ কিয় উচ্ছেদ চলাইছে ৷" শনিবাৰে নলবাৰী ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত যোগদান সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰিপুণ বৰাই ৷

বৰাই লগতে কয়, " চৰকাৰে সাম্প্ৰদায়িক ভিত্তিক, আক্ৰমণাত্মকমূলকভাৱে এই উচ্ছেদ চলাইছে ৷ ইতিমধ্যে বুলড'জাৰ চলোৱাৰ বাবে উচ্চ ন্যায়ালয়ে চৰকাৰক ভৰ্ৎসনা কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰ বাবে নিৰ্দেশ দিছে ৷" ইপিনে ৰাজ্য জোকাৰি থকা ট্ৰেডিংকাণ্ডত অসম আৰক্ষী আৰু চৰকাৰৰ কোনো মন্ত্ৰী-আমোলাও জড়িত থকাৰ সন্দেহ কৰে কংগ্ৰেছ নেতা তথা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই । অপৰাধ অনুসন্ধান শাখা চৰকাৰ ইমান দিনে শুই আছিল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ একালৰ সভাপতি ৰিপুণ বৰাই ।

লগতে পঢ়ক: সোণাপুৰত বেদখলকাৰী-আৰক্ষীৰ সংঘৰ্ষ, দুই বেদখলকাৰী নিহত - Sonapur eviction incident

সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident

সোণাপুৰকাণ্ড : জি এম চি এইচত ভৰ্তি ১১, এজনৰ অৱস্থা সংকটজনক - Sonapur eviction incident

আনহাতে ট্ৰেডিংকাণ্ডৰে সাঙোৰ খোৱা চুমি বৰা আৰু তাৰ্কিক বৰাক কিয় ৰাজআতিথ্য প্ৰদান কৰিছে তাক লৈও চৰকাৰৰ ওপৰত সন্দেহ প্ৰকাশ কৰে ৰিপুণ বৰাই । তেওঁ লগতে কিমানজনে ট্ৰেডিং কৰিছে, কিমান মানুহৰ ধন লুট কৰিছে, কিমান টকা ট্ৰেডিঙত আত্মসাৎ কৰিছে আৰু কোন কোন মানুহ ইয়াত জড়িত আছে, কাৰ কাৰ বিনিয়োগ আছে, কোন কোন ৰাজনৈতিক নেতা-বিজেপি নেতাৰ ইয়াত বিনিয়োগ আছে, কোন আৰক্ষী বিষয়া ইয়াত জড়িত আছে, এই গোটেই কথাবিলাক উল্লেখ কৰি এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷

উল্লেখ্য যে, আজি অনুষ্ঠিত যোগদান সভাত তৃণমূল কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ প্ৰায় ডেৰ শতাধিক নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে । জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰিপুণ বৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ লগতে জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: এছ টি এফে আটক কৰি কোনো অজ্ঞাত স্থানত ৰাখিছে চুমী আৰু তাৰ্কিক বৰাক - STF apprehended Sumi Borah

বিলাসী হোটেলত ব্ৰেকফাষ্ট ! চুমী-তাৰ্কিকক দিয়া হৈছে নেকি ৰাজ আতিথ্য ? - Stock Trading scam

লক্-আপৰ ভিতৰত শোৱাৰ সুন্দৰ ব্যৱস্থা ! চুমী-তাৰ্কিক প্ৰসংগত বিস্ফোৰক অভিযোগ - Assam Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.