ETV Bharat / state

সোণাপুৰকাণ্ডত আৰক্ষীক সমৰ্থন কৰি পুনৰ কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 7:44 PM IST

সোণাপুৰত কোনে বেদখলকাৰীক সংস্থাপিত কৰিছে তাৰ ব্য়াখ্য়া আগবঢ়ালে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । মহানগৰীৰ কৃষি বিভাগৰ কাৰ্যালয়ত নিৰ্মীয়মাণ প্ৰেক্ষাগৃহ পৰিদৰ্শনৰ সময়ত পুনৰ কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰীৰ । ইয়াৰ বাবে কিয় কংগ্ৰেছক জগৰীয়া কৰিলে মুখ্য়মন্ত্ৰীয়ে ?

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী ১৩ ছেপ্টেম্বৰ: ট্ৰাইবেল বেল্টত চলি থকা বেদখল আৰু ইয়াৰ উচ্ছেদ চলোৱাৰ সময়ত গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক জগৰীয়া কৰিছে বিভিন্ন যুক্তিৰে । কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য় কৰি এই বেদখলৰ আঁৰৰ কাহিনী ব্য়াখ্য় কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । তদুপৰি এই ঘটনা আৰু শেহতীয়াভাৱে বাংলাদেশত হোৱা ঘটনাৰ সময়ত দিয়া শ্লোগানৰ মাজত সাদৃশ্য় থকা বুলিও ক'লে মুখ্যমন্ত্ৰীয়ে ।

  • কংগ্ৰেছলৈ ঠেলি দিলে দোষ

সোণাপুৰ উচ্ছেদ অভিযানত কালি সৃষ্টি হোৱা পৰিস্থিতি প্ৰসংগত পুনৰ কংগ্ৰেছলৈ দোষ ঠেলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ট্ৰাইবেল বেল্ট আৰু ব্লক আইনখন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়েই আনিছিল । কিন্তু সেই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটিত বৰ্তমান ওচৰৰে কিছু লোক সোমাই আছে । ৪-৫ বছৰৰ পিছত এনে অঞ্চলত মানু্হ ২০-২৫ হাজাৰলৈ বৃদ্ধি হয় আৰু তেতিয়া উচ্ছেদ কৰিলে ভোটৰ স্বাৰ্থত ৰাজনৈতিক নেতাসকলেও বেয়া পায় । "

  • দালালে আনিছে বেদখলকাৰীক

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়," সোণাপুৰত এনে লোকক একাংশ দাললে আনি সংস্থাপিত কৰে । এনে দালালক আমি চিনাক্ত কৰিছো,গ্ৰেপ্তাৰ কৰিম । গুৱাহাটীৰ নিচেই ওচৰত এনে ঘটনা সংঘটিত হৈছে আৰু বাকী ঠাইত কি হ'ব পাৰে ? কালিৰ ঘটনাত বাংলাদেশত যিবোৰ শ্লোগান ব্যৱহাৰ হৈছিল একেই শ্লোগান শুনিবলৈ পোৱা গৈছিল । তদুপৰি ৰে'ল ৰখাই দিয়া হৈছে, শিশুৰ পৰা বয়োজ্য়েষ্ঠলৈকে সকলোৱে লাঠি,দা লৈ আক্ৰমণ কৰিছিল । যদি আৰক্ষীয়ে এইখিনি নকৰিলেহেতেন অসমৰ ইতিহাসত নোহোৱা কিবা হ'লেহৈ । আৰক্ষীয়ে ব্যৱস্থা লৈ আছে, আজি ডি জি পি গৈছে, কাইলৈ মই যাব পাৰো ।"

  • নিৰ্মীয়মাণ প্ৰেক্ষাগৃহ পৰিদৰ্শন

মহানগৰীৰ কৃষি বিভাগৰ কাৰ্যালয়ত নিৰ্মীয়মাণ অৱস্থাত আছে পাঁচ হাজাৰ দৰ্শকে একেলগে বহি অনুষ্ঠান উপভোগ কৰিব পৰা এটা বিশাল প্ৰেক্ষাগৃহ ৷ লগতে নিৰ্মাণ হৈ আছে এটা মাল্টি লেভেল কাৰ পাৰ্কিং আৰু পাঁচশ মানু্হ বহিব পৰা এটা প্ৰেক্ষাগৃহ । আহলুৱালিয়া কন্টেক্ট (ভাৰত) লিমিটেড ৰ উদ্যোগত নিৰ্মাণ হৈ থকা এই প্ৰকল্পটোৰ কামকাজ পৰিদৰ্শন কৰিবলৈ উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইদৰে মন্তব্য় কৰি কংগ্ৰেছক সমালোচনা কৰে ।

উক্ত প্ৰকল্পটো পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," ২০২৫ চনৰ মাৰ্চ মাহত শুভ উদ্বোধন কৰা হ'ব প্ৰকল্পটোৰ । প্ৰেক্ষাগৃহটো দেখিবলৈ কেনেকুৱা হ'ব আৰু শব্দ যন্ত্ৰবোৰ কেনেধৰণৰ হ'ব তাৰ বাবে অসমৰ কলা-কুশলীসকলক লৈ এখন কমিটী গঠন কৰা হ'ব । নৱেম্বৰ মাহত বাহিৰৰ পৰা কেনেকুৱা হ'ব তাক ঠিক কৰা হ'ব । সৰু সৰু সভাগৃহও নিৰ্মাণ কৰা হৈছে, গতিকে তাৰ ওপৰতো চকু দিব কমিটীখনে ।"

লগতে পঢ়ক:সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident

সোণাপুৰৰ হিংসাত্মক ঘটনাত নিহত দুজন, আহত কমেও ৩৫ জন: ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডিজিপিৰ - Violence during eviction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.