ETV Bharat / state

পুনৰ আশাৰ ৰেঙণি : অসম চুক্তিৰ ছয় নং দফা আৰু ইয়াৰ দীঘলীয়া পৰিক্ৰমা - Assam Accord

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 4:01 PM IST

Implementation of Assam Accord : পুনৰ অসম চুক্তিৰ ছয় নং দফাৰ কাৰ্যকৰী কৰাক লৈ অসমৰ ৰাইজে দেখিছে আশাৰ ৰেঙণি । বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেবিনেট সিদ্ধান্ত । ২০১৯ চনৰ ১৫ জুলাইত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছিল ১৩ জনীয়া এখন উচ্চস্তৰীয় কমিটী । অসম চৰকাৰক দিছিল প্ৰতিবেদন । ২০২১ চনত পুনৰ অসম চৰকাৰে আয়োগৰ প্ৰতিবেদনখন পৰীক্ষা কৰিবলৈ গঠন কৰিছিল আন এখন উপ-সমিতি । অসম চুক্তিৰ ছয় নং দফা আৰু ইয়াৰ ৰূপায়ণক লৈ চলা দীঘলীয়া পৰিক্ৰমাৰ এক বিশেষ প্ৰতিবেদন...

Implementation of Assam Accord
অসম চুক্তি (File Photo/ETV Bharat Assam)

গুৱাহাটী, ৬ ছেপ্টেম্বৰ : আশাত বন্দী অসমৰ ৰাইজে পুনৰ এবাৰ আশাৰ ৰেঙণি দেখিছে । এক ঐতিহাসিক আৰু দীঘলীয়া সংগ্ৰামৰ মাজেৰে ‘অসম চুক্তি’ হৈছিল । ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা স্বাক্ষৰিত হৈছিল ঐতিহাসিক অসম চুক্তি । অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা ছয় বছৰীয়া আন্দোলনৰ প্ৰেক্ষাপটত হোৱা ঐতিহাসিক অসম চুক্তিয়ে ৪০ বছৰত ভৰি দিলে । কিন্তু বিগত ৩৯ বছৰে কাৰ্যতঃ ৰূপায়ণ নহ'ল অসম চুক্তি ।

অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

আজিও অসমে অনুপ্ৰৱেশৰ সমস্যাৰ পৰা মুক্ত হোৱা নাই । বিগত সময়ত অসম চুক্তিক লৈ কেৱল ৰাজনীতি কৰা হ'ল । বিশেষকৈ অসম চুক্তিৰ গুৰুত্বপূৰ্ণ ছয় নং দফা কাৰ্যকৰী কৰাৰ লৈ কেৱল আলোচনাৰ নামত আলোচনাই চলি আহিছে । এইবাৰ পুনৰ অসম চুক্তিৰ ছয় নং দফাৰ কাৰ্যকৰী কৰাক লৈ অসমৰ ৰাইজে আশাৰ ৰেঙণি দেখিছে । কাৰণ এইবাৰ অসম চৰকাৰে ছয় নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সময়সীয়া ধৰি দিছে ।

কেবিনেটত ছয় নং দফা ৰূপায়ণৰ সিদ্ধান্ত :

অসম চৰকাৰৰ লখিমপুৰত অনুষ্ঠিত হোৱা শেহতীয়া কেবিনেট বৈঠকত অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে গঠন কৰা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৰ সন্দৰ্ভত পুংখানুপুংখ আলোচনা কৰা হয় । কেবিনেটে বিপ্লৱ শৰ্মা আয়োগৰ ৬৭টা পৰামৰ্শৰ ভিতৰত ৫৭টা কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনায় । বাকী ১০টা পৰামৰ্শৰ বাবে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰা হ’ব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ১০ টা পৰামৰ্শ ৰূপায়ণ কৰিব কেন্দ্ৰীয় চৰকাৰে ।

এই পৰামৰ্শসমূহ ষষ্ঠ অনুসূচী অঞ্চল আৰু বৰাক উপত্যকাৰ বাহিৰে ৰাজ্যজুৰি প্ৰযোজ্য হ’ব । লগতে এটা গোট গঠন কৰি সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনৰ সৈতে আলোচনা কৰি এক স্পষ্ট ৰূপৰেখা আৰু ৰূপায়ণৰ পৰিকাঠামো প্ৰস্তুত কৰাৰ সিদ্ধান্ত কেবিনেটত লোৱা হয় । আনহাতে পৰামৰ্শসমূহ ২০২৫ চনৰ ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । স্বাভাৱিকতে কেবিনেটৰ এই সিদ্ধান্তই আশাৰ বতৰা কঢ়িয়াই আনিছে । আছুকে ধৰি বিভিন্ন দল-সংগঠনে ইয়াক আদৰণি জনাইছে । অৱশ্যে সকলোৱে বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শসমূহ ৰাজহুৱা কৰাৰো দাবী জনাইছে ।

বিধানসভাৰ সদ্যসমাপ্ত অধিৱেশনতো চৰ্চা হৈছিল ছয় নং দফা :

অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণ আৰু ইয়াৰ বাবে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগক লৈ বিধানসভাৰ সদ্যসমাপ্ত শৰৎকালীন অধিৱেশন উত্তপ্ত হৈ পৰিছিল । কংগ্ৰেছৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে এই সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ কোনো সঠিক উত্তৰ নোপোৱাত বিৰোধীয়ে সদন উত্তপ্ত কৰি তুলিছিল । বিশেষকৈ চুক্তি ৰূপায়ণৰ প্ৰসংগত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই কংগ্ৰেছক সমালোচনা কৰাক লৈ উত্তপ্ত হৈ পৰিছিল সদন ।

কেতিয়া আৰু কিয় গঠন কৰা হৈছিল বিপ্লৱ শৰ্মা আয়োগ :

‘কা’ আন্দোলনৰ মাজতে ২০১৯ চনৰ ১৫ জুলাইত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসমত ১৩ জনীয়া এখন উচ্চস্তৰীয় কমিটী গঠন কৰি দিছিল । এই কমিটীৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক । এই কমিটীয়ে ৰাজ্যৰ আটাইবোৰ ৰাজনৈতিক দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছিল ।

লক্ষ্যণীয় বিষয় যে উচ্চস্তৰীয় কমিটী গঠন সন্দৰ্ভত সংসদত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এই প্ৰতিবেদন আখৰে আখৰে পালন কৰা হ'ব বুলি কৈছিল । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সেই প্ৰতিশ্ৰুতিৰ পিছত সেই সময়তো অসমৰ ৰাইজে আশাৰ সপোন দেখিছিল । কিন্তু প্ৰতিবেদন প্ৰস্তুত হৈ উঠাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰহস্যজনকভাৱে ইয়াক গ্ৰহণ নকৰিলে । উপায়ন্তৰ হৈ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাততে এই প্ৰতিবেদন দাখিল কৰিলে বিপ্লৱ শৰ্মা আয়োগে । যদিও চুক্তি ৰূপায়নৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ তথাপিও কেন্দ্ৰীয় চৰকাৰে এই চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ দায়িত্ব অসম চৰকাৰৰ বুলিহে উল্লেখ কৰি বিষয়টোৰ পৰা আঁতৰি থাকিল ।

এই সন্দৰ্ভত দাখিল হোৱা এক আৰ টি আইৰ আবেদনত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্টকৈ জনাইছিল যে ছয় নং দফা কাৰ্যকৰী সন্দৰ্ভত গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে তেওঁলোকৰ প্ৰতিবেদন ৰাজ্য চৰকাৰক জমা দিছে । এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ । লক্ষ্যণীয় বিষয় যে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় আইন সংশোধন কৰাৰ প্ৰয়োজন আছে । যিটো ৰাজ্য চৰকাৰৰ বাবে সম্ভৱ নহয় । অসম চৰকাৰে আইন সংশোধন কৰিব নোৱাৰে । ইয়াৰ দ্বাৰা সহজতে অনুমান কৰিব পাৰি যে কেন্দ্ৰীয় চৰকাৰৰ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিমান গুৰুত্ব আছে ।

অসম চৰকাৰে গঠন কৰিছিল উপ-সমিতি :

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন সংসদৰ মজিয়াতে আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ একো নহ’ল । ইয়াৰ পিছত ২০২১ চনত পুনৰ অসম চৰকাৰে আয়োগৰ প্ৰতিবেদনখন পৰীক্ষা কৰিবলৈ আন এক উপ-সমিতি গঠন কৰিছিল । এই কমিটীৰ সদস্য আছিল মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ আৰু পীযুষ হাজৰীকা । লগতে আছিল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব । তিনিমাহৰ ভিতৰতে এই কমিটীয়ে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন পৰীক্ষা কৰি এই সন্দৰ্ভত প্ৰতিদেবন দাখিল কৰাৰ কথা আছিল যদিও এই পৰ্যন্ত সেই সমিতিৰ কোনো প্ৰতিবেদন প্ৰস্তুত হোৱা নাই ।

অসম চৰকাৰৰ তিনিগৰাকী মন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰে গঠিত কমিটীখনে প্ৰতিবেদন প্ৰস্তুত কৰিব নোৱৰা বিষয়টো বিধানসভাৰ শেহতীয়া অধিৱেশনতে স্পষ্ট হৈছিল । বিধানসভাত মন্ত্ৰী অতুল বৰাই কৈছিল, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক আৰু বিধিগত দিশসমূহৰ ওপৰত যাতে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সেই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বিষয়ে চোৱাচিতা কৰিবলৈ এখন উপ-কমিটী গঠন কৰি দিছিল । এই উপ-কমিটীত আমাৰ লগতে আন দুগৰাকী মন্ত্ৰী অজন্তা নেওগ আৰু পীযুষ হাজৰীকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা, সম্পাদকদ্বয় আছিল । যোৱা দিনবোৰত আমি ৫ বাৰ বৈঠকত মিলিত হৈছো । প্ৰতিটো দফা সন্দৰ্ভত আলোচনা কৰিছো । আমি অচিৰেই আৰু এলানি আলোচনাত বহিম । আমি আশা কৰিছো যে অহা ৩ মাহৰ ভিতৰত আমি স্পষ্টভাৱে ইয়াৰ এটা ৰূপৰেখা প্ৰস্তুত কৰিব পাৰিম আৰু আমি দাখিল কৰিব পাৰিম ।’’

অসম চুক্তিৰ ছয় নং দফা :

খিলঞ্জীয়া লোকৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে স্বাক্ষৰিত হোৱা অসম চুক্তিত অসমীয়া মানুহৰ সামাজিক, সাংস্কৃতিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা কৰা হ’ব বুলি উল্লেখ আছে । ইয়াৰ বাবে সংৰক্ষণ আৰু বিকাশৰ অৰ্থে সাংবিধানিক, আইনগত, প্ৰশাসনীয় ৰক্ষাকৱচ দিয়া হ'ব বুলি অসম চুক্তিৰ ৬নং দফাত উল্লেখ আছে । ছয় নং দফাত উল্লেখ থকা অনুসৰি, ‘‘সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা । অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা ।’’

কিন্তু প্ৰকৃতাৰ্থত অসম চুক্তিৰ ছয় নং দফাৰ কাৰ্যকৰী আজিও সম্ভৱ হোৱা নাই । ঐতিহাসিক অসম চুক্তিৰ এই গুৰুত্বপূৰ্ণ দফাটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সংশোধনক লৈও আলোচনা হৈছিল অসম বিধানসভাত । ২০১৭ চনৰ ৪ মাৰ্চত অসম বিধানসভাত ছয় নং দফাৰ সংশোধনৰ পৰিৱৰ্তে চুক্তিখন সম্পূৰ্ণ কাৰ্যকৰী কৰাৰ বাবে আৰু অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰূপে ইয়াৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিল । লক্ষ্যণীয় বিষয় যে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীৰ ক্ষেত্ৰত দেখা দিয়া আন এক সমস্যা আছিল অসমীয়াৰ সংজ্ঞা । এই দফাত অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা তথা সংৰক্ষণ আৰু বিকাশৰ বাবে সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক ব্যৱস্থাৰ কথা কোৱা হৈছিল ।

কিন্তু অসমীয়া কোন তাক লৈয়ো প্ৰশ্ন আৰু বিতৰ্কৰ সূত্ৰপাত হৈছিল । যাক লৈ চলিছিল এক দীঘলীয়া ৰাজনীতি । অসম চুক্তিৰ ৬নং দফাত উল্লেখ থকা কথাখিনি আছিল- ‘‘Constitutional, legislative and administrative safeguards, as may be appropriate shall be provided to protect, preserve and promote the culture, social, linguistic identity and heritage of the Assamese people.’’ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত কোনেও ভবা নাছিল যে এদিন অসমতে অসমীয়াৰ সংজ্ঞাক লৈ বিতৰ্কৰ সৃষ্টি হ'ব ।

অসমীয়াৰ সংজ্ঞাক লৈ বিতৰ্ক :

২০০৫ চনত আছু, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অসম চুক্তি ৰূপায়ণৰ বাবে এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকখনত অসমীয়াৰ বাবে সাংবিধানিক ৰক্ষাকৱচৰ কথা মানি ল'লেও কিন্তু ইয়াৰ স্বৰূপ কি হ'ব সেই সিদ্ধান্ত নহ'ল । এই ত্ৰিপাক্ষিক বৈঠকৰ পিছতেই ব্যাপক চৰ্চালৈ আহিছিল অসমীয়াৰ সংজ্ঞা । সেই সময়তে বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছিল, কিন্তু কোনো মতামতেই সৰ্বজন গ্ৰহণযোগ্য হোৱা নাছিল । এচাম বুদ্ধিজীৱীয়ে অসমীয়াৰ সংজ্ঞাক লৈ নিজস্ব মত আগবঢ়াইছিল । আনকি ২০১৫ চনত এইক্ষেত্ৰত বিশেষ উদ্যোগ লৈছিল তেতিয়াৰ অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়ে । বিভিন্ন দল-সংগঠনৰে আলোচনাত বহি তেওঁ অসমীয়াৰ সংজ্ঞা নিৰূপণৰ চেষ্টা কৰিছিল । কিন্তু সেই সময়তো অসমীয়াৰ সংজ্ঞাক লৈ কোনো এক সিদ্ধান্তত উপনীত হ'ব পৰা নগ'ল ।

অসম চুক্তিৰ ছয় নং দফাক লৈ চলা দীঘলীয়া চৰ্চা আৰু কাৰ্যব্যৱস্থা :

এন আৰ চি, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি প্ৰসংগত ৰাজ্যত এক সৰৱ পৰিৱেশ বিৰাজ কৰাৰ সময়তে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ অসম চুক্তিৰ ৬নং দফাৰ প্ৰসংগ উত্থাপন হৈছিল । চৰকাৰে ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে মতামত গ্ৰহণাৰ্থে এক উচ্চস্তৰীয় সমিতি গঠনৰ কথাও ঘোষণা কৰিছিল । সেই অনুসৰি ২০১৯ চনৰ ৬ জানুৱাৰীত ৯ গৰাকী বিশেষ ব্যক্তিৰে গঠন কৰা হৈছিল অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে এক উচ্চস্তৰীয় কমিটী ।

সেই কমিটীত বিশিষ্ট সাহিত্যিক নগেন শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাস, মদন প্ৰসাদ বেজবৰুৱা, ড৹ মুকুন্দ ৰাজবংশী আৰু ৰমেশ বৰপাত্ৰ গোঁহাইৰ নাম অন্তৰ্ভূক্ত কৰা হৈছিল । কমিটিখনত এইসকল সদস্যৰ উপৰি আছুৰ প্ৰতিনিধি, গৃহ মন্ত্ৰণালয়ৰ এজন প্ৰতিনিধি থাকিব বুলি উল্লেখ কৰা হৈছিল । ৬ মাহৰ ভিতৰত অসম চুক্তি কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক এই কমিটীয়ে পৰামৰ্শ প্ৰদান কৰাৰ কথা আছিল ।

কিন্তু এই কমিটী গঠনৰ পিছতেই ইয়াৰ বিৰুদ্ধে ৰাজ্যত সৃষ্টি হোৱা জনমতৰ ফলশ্ৰুতিত অসম চুক্তিৰ ৬নং দফাৰ এই উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষৰূপে থকা মদন প্ৰসাদ বেজবৰুৱাই সেই বছৰৰ ১২ জানুৱাৰীতে পদত্যাগ কৰিছিল । বিশিষ্ট সাহিত্যিক নগেন শইকীয়ায়ো কমিটীখনত নথকাৰ কথা ঘোষণা কৰিছিল । ৰংবং তেৰাং, মুকুন্দ ৰাজবংশী আদিয়েও কমিটীত নথকাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিচত এই কমিটীখনৰ অস্তিত্ব একপ্ৰকাৰ নোহোৱা হৈ পৰিছিল । কমিটীখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰূপে আছিল উত্তৰ-পূবত দায়িত্বত থকা কেন্দ্ৰীয় গৃহ দপ্তৰৰ যুটীয়া সচিব জীতেন্দ্ৰ গাৰ্গ । কমিটীখন গঠনৰ পিচতেই সদৌ অসম ছাত্ৰ সন্থাই এই কমিটী নাকচ কৰিছিল । কমিটীখনৰ পৰা গৰিষ্ঠ সংখ্যক সদস্যই আঁতৰি অহাত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ অৰ্থে গঠন কৰা কমিটীখনৰ কোনো অস্তিত্ব নাথাকিল ।

ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ পাছত ২০১৯ চনৰ ১৫ জুলাইত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত পৰামৰ্শদানৰ অৰ্থে আন এখন উচ্চপদস্থ কমিটী কেন্দ্ৰীয় চৰকাৰে গঠন কৰে । গুৱাহাটী উচ্চ ন্যায়ালৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত ১৩ জনীয়া উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছিল । অধিসূচনা অনুসৰি ছয় মাহৰ ভিতৰত কমিটীখনে ভিতৰত বিভিন্ন দল-সংগঠনৰ পৰামৰ্শ আৰু মতামত গ্ৰহণেৰে তেওঁলোকৰ প্ৰতিবেদন জমা দিয়াৰ কথা উল্লেখ আছিল । পৰ্যায়ক্ৰমে কমিটীখনৰ বৈঠক অনুষ্ঠিত হোৱাৰ লগতে ছয় নং দফা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত বিভিন্ন ব্যক্তিৰ মন্তব্য-মতামত বিচৰা হৈছিল । সেই অনুসৰি ২০১৯ চনৰ ১১ ছেপ্টেম্বৰত কমিটীয়ে মতামত আৰু মন্তব্য তথা পৰামৰ্শ বিচাৰি বাতৰিকাকতযোগে ৰাজহুৱা জাননীও প্ৰকাশ কৰিছিল । সেই জাননীত দফাটোৰ আধাৰত চৰকাৰে গ্ৰহণ কৰিবলগা ব্যৱস্থা সম্পৰ্কে বিভিন্ন দল-সংগঠন, ব্যক্তি তথা সংশ্লিষ্ট পক্ষক মতামত জনাবলৈ অনুৰোধ জনাইছিল ।

সমিতিয়ে মতামত আহ্বান কৰা বিষয়সমূহ আছিল :

(১) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ, অসম বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা ।

(২) অসমীয়া আৰু অসমৰ অন্যান্য খিলঞ্জীয়া ভাষাসমূহলৈ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা ।

(৩) অসম চৰকাৰ, অসমত অৱস্থিত কেন্দ্ৰীয় চৰকাৰ, অৰ্ধ-কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ অধীনত থকা কাৰ্যালয়সমূহত নিয়োগৰ সংৰক্ষণ ।

(৪) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰৰ সুৰক্ষাৰ ব্যৱস্থা ।

(৫) অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় তথা ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ তথা প্ৰসাৰৰ বাবে ল'বলগীয়া অন্যান্য ব্যৱস্থা ।

উচ্চস্তৰীয় কমিটিখনে এই বিষয়সমূহৰ সন্দৰ্ভত ২০১৯ চনৰ ২০ ছেপ্টেম্বৰৰ ভিতৰত মতামত বিচাৰিছিল । উচ্চস্তৰীয় কমিটীখনে লাভ কৰিছিল যথেষ্ট সংখ্যক পৰামৰ্শ আৰু মতামত । উচ্চস্তৰীয় কমিটিখনে সকলো দিশ চালি-জাৰি চাই প্ৰস্তুত কৰা প্ৰতিবেদন অসম চৰকাৰক জমা দিলে । সুদীৰ্ঘ সময় প্ৰতিবেদনখন ৰাজ্য চৰকাৰৰ ওচৰতে পৰি থাকিল । প্ৰতিবেদনৰ বিষয়সমূহো চৰকাৰে ৰাজহুৱা নকৰিলে । অৱশেষত এতিয়া অসম চৰকাৰে আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱেশ্যে এই সিদ্ধান্ত কিমানদূৰ কাৰ্যকৰী হয় সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক : ঐতিহাসিক অসম চুক্তিয়ে ভৰি দিলে ৪০ বছৰত : কি পালে অসমে ?

অসম চুক্তি ৰূপায়ণ আৰু এন আৰ চি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰাৰ দাবী বিৰোধী দলপতিৰ

৩৯ বছৰে অসম চুক্তি ৰূপায়ণ কৰিব নোৱৰাটো লাজৰ বিষয় : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.