ETV Bharat / state

অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা; সামাজিক মাধ্যমত একাংশৰ আক্ষেপ কিয় ? - Classical language recognition

Assamese language: ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ অসমীয়া ভাষাৰ ৷ শিক্ষামন্ত্ৰীয়ে সকলোকে জনালে অভিনন্দন ৷ কিন্তু এটা বিশেষ কথাত সামাজিক মাধ্যমত দুখ প্ৰকাশ একাংশৰ ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Assamese language
অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা (X handle Ranoj Pegu)

গুৱাহাটী, ৪ অক্টোবৰ: সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত ভাৰত চৰকাৰৰ দ্বাৰা অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা । এই মৰ্যাদা লাভৰ লগে লগে দুৱাৰ মুকলি হ’ব অসমীয়া ভাষাৰ বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত বিকশিত জগতৰ সমান্তৰালভাৱে যুঁজ দিয়াৰ আন এক যাত্ৰা ৷ বিভিন্ন পৰ্যায়ত ব্যক্তি আৰু প্ৰতিষ্ঠান সাপেক্ষে কৰা নিৰলস প্ৰচেষ্টাৰ ফলশ্ৰুতিত অসমীয়া ভাষাক অৱশেষত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমতি জনালে কেন্দ্ৰীয় কেবিনেটে ৷

ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ ক্ষেত্ৰত বিশেষকৈ চৰ্চিত হৈছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া আৰু অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা ৷ কুলধৰ শইকীয়াৰ সভাপতিত্বকালত অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা লাভৰ বাবে সভাই আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । ২০২১ চনৰ ১৯ মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়লৈ ৩৯৪ পৃষ্ঠাৰ এক প্ৰতিবেদন কুলধৰ শইকীয়াৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল ।

পৰৱৰ্তী সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আনুষ্ঠানিক প্ৰক্ৰিয়াৰ মাজেৰে ৩ অক্টোবৰ, ২০২৪ ত আহিল এই বহু আকাংক্ষিত খবৰটো ৷ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে দেশৰ আন ৪ টা ভাষাৰ লগতে অসমীয়া ভাষাৰ ধ্ৰুপদীৰ মৰ্যাদাত জনালে অনুমোদন ৷ বিশিষ্ট সাহিত্যিক কুল শইকীয়াৰ নেতৃত্বত অসম সাহিত্য সভাৰ এই প্ৰক্ৰিয়াত থকা অৱদানৰ কথা সৰ্বজনবিদিত । ড৹ শইকীয়াই এই প্ৰক্ৰিয়া প্ৰসংগত ৰাজহুৱাভাৱেও নিজৰ মন্তব্য প্ৰকাশ কৰিছে ৷

ধ্ৰুপদী যাত্ৰাপথৰ পৰিক্ৰমা: কি কয় কুলধৰ শইকীয়াই ?

অসমীয়া ভাষাৰ এই ঐতিহাসিক ক্ষণৰ মুহূৰ্তত ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ বাবে প্ৰস্তুতি আৰু পৰিক্ৰমাৰ বিষয়ে কুলধৰ শইকীয়াই সামাজিক মাধ্যমত তথ্য-প্ৰমাণসহ উল্লেখ কৰিছে । ধ্ৰুপদী যাত্ৰাপথৰ পৰিক্ৰমাৰ কথা এইদৰে সদৰী কৰিছে, ‘‘অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা আমাৰ ভাষা সাহিত্যৰ বাবে এক গৌৰৱময় মাইলৰ খুঁটি । অসম সাহিত্য সভাৰ মোৰ সভাপতিত্বৰ কালচোৱাত আৰম্ভ কৰা এই যাত্ৰাপথৰ গুৰুত্বপূৰ্ণ স্তৰসমূহ এনেধৰণৰঃ

  1. প্ৰথম অৱস্থাত ভাৰত চৰকাৰৰ কেইবাজনো সচিব পৰ্যায়ৰ বিষয়াৰ লগত অনানুষ্ঠানিক আলোচনা কৰোঁ । ওড়িয়া ভাষাৰ প্ৰতিবেদনৰ কপি বিশেষ সূত্ৰৰ পৰা সংগ্ৰহ কৰা হয়, যাতে তেনে আৰ্হি আমাৰ প্ৰতিবেদন প্ৰস্তুতিত সহায়ক হয় ।
  2. ২০২১ চনৰ ১৯ মাৰ্চ: ভাষাতত্ববিদ, প্ৰত্নতত্ত্ববিদ, শিল্পী, ভাস্কৰ আৰু বিজ্ঞ লোকৰ উচ্চস্তৰীয় সমিতিৰ দ্বাৰা প্ৰস্তুত ৩৯১ পৃষ্ঠাৰ MEMORANDUM FOR GRANTING CLASSICAL STATUS TO ASSAMESE LANGUAGE সচিত্ৰ প্ৰতিবেদন সাহিত্য সভাৰ হৈ ভাৰত চৰকাৰ আৰু সাহিত্য অকাডেমিলৈ প্ৰেৰণ ।
  3. ইয়াৰ পাছত কেবাজনো সাংসদক এই বিষয়টো সংসদত উত্থাপনৰ হেতু আলোচনা কৰোঁ ।
  4. ২১আগষ্ট ২০২৩ ত সাহিত্য অকাডেমিৰ সচিবৰ SA 16/14/10356 পত্ৰৰ দ্বাৰা অসম সাহিত্য সভাক জনোৱা হয় যে সভাৰ দ্বাৰা প্ৰেৰিত আৰু উপলব্ধ প্ৰতিবেদনখন Linguistic Expert Committee 21/06/2023 তাৰিখৰ মিটিঙত আলোচিত হয় । সেই সমিতিয়ে প্ৰতিবেদনৰ PDF কপি পঠিয়াবলৈ সভাক জনায়, যাতে পৰবৰ্তী বৈঠকত সেই প্ৰস্তাৱ আলোচনা কৰিব পৰা যায় । সেই মৰ্মে PDF কপি প্ৰেৰণ কৰা হয় ।
  5. ২০২৪ চনৰ জুন মাহত গুজৰাটৰ বৈঠকত অকাডেমিৰ বিষয়াৰ সৈতে অনানুষ্ঠানিক আলোচনাত মিলিত হওঁ ।
  6. ২০২৪ চনৰ ৯ জুলাইত এই সম্পৰ্কত হস্তক্ষেপ বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰোঁ ।
  7. এনে এক যাত্ৰাৰ এক সফল সমাপ্তিয়ে অসমৰ ৰাইজক আনন্দিত কৰি তুলিছে ।

ৰণোজ পেগুৰ শুভেচ্ছাবাৰ্তা আৰু সামাজিক মাধ্যমত একাংশৰ আক্ষেপ-

অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা লাভৰ গৌৰৱময় এই বিশেষ ক্ষণত প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৱে সুখ প্ৰকাশ কৰিছে । তাৰ মাজতে সুখ প্ৰকাশ কৰি নিজৰ ৰাজহুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৱে ৷ সামাজিক মাধ্যমত তেওঁ নিজৰ মন্তব্যত এই মৰ্যাদা লাভৰ প্ৰক্ৰিয়াত অসম সাহিত্য সভা আৰু সাহিত্যিক কুলধৰ শইকীয়াৰ কথা এবাৰো উল্লেখ কৰা দেখা নগ’ল । অসম প্ৰকাশন পৰিষদ আৰু কৰ্ম-কৰ্তা সকলকেই সমগ্ৰ প্ৰক্ৰিয়াৰ কৃতিত্বৰে আলংকৃত কৰা দেখা গ’ল মন্ত্ৰী পেগুৱে ৷ যাক লৈ সামাজিক মাধ্যমত একাংশই আক্ষেপ কৰা দেখা গৈছে ৷

সামাজিক মাধ্যমত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰা মন্তব্যৰ এটা অংশ হ’ল- “আমি গৌৰৱান্বিত যে সংস্কৃত, তামিল, মালয়ালম, কানাড়া, তেলুগু আৰু ওড়িয়া ভাষাৰ লগতে চিৰচেনেহী অসমীয়া ভাষাই আজি ‘ধ্ৰুপদী ভাষা’ৰ স্বীকৃতি লাভ কৰিলে ।

তেওঁ লগতে কয়, ‘‘অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে মাননীয় মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াৰ পৰা পোৱা নিৰ্দেশনা মৰ্মে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ বাবে অসমীয়া ভাষাৰ প্ৰাচীনত্ব আৰু বিশেষত্বৰ বিষয়ে টোকা প্ৰস্তুত কৰাৰ দায়িত্ব অসম প্ৰকাশন পৰিষদক দিয়া হৈছিল । পৰিষদে প্ৰয়োজনীয় তথ্য সংগ্ৰহৰ বাবে বিভিন্ন বিশিষ্ট ব্যক্তিৰ সৈতে পৰামৰ্শ কৰাৰ উপৰি ওড়িয়া ভাষাই ‘ধ্ৰুপদী ভাষা’ৰ স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শ্ৰীযুক্ত দেৱীপ্ৰসন্ন পাটনায়কক সাক্ষাৎ কৰিছিল । শিক্ষা বিভাগে এই তথ্যসমূহ সামৰি সময়মতে টোকাটো কেন্দ্ৰৰ ওচৰত দাখিল কৰিছিল, লগতে সংসদৰ মাননীয় সদস্য শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই বিষয়টো সংসদত উত্থাপন কৰিছিল ।”

যদিহে ব্যক্তি হিচাবে নহয়, অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী হিচাবে ৰণোজ পেগুৰ মন্তব্যক গণ্য কৰা হয় তেন্তে তেওঁৰ এই মন্তব্য যথেষ্ট মনকৰিবলগীয়া । কিয়নো অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে শেষত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ বাবে উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিৰে শলাগ ল’লেও কিন্তু এবাৰো উল্লেখ নকৰিলে কুলধৰ শইকীয়াৰ নেতৃত্বত অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে ৷ খোদ শিক্ষামন্ত্ৰীৰ এই কথাই কিন্তু এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: মধুৰ-ঐতিহাসিক ক্ষণ: অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি - Classical Language

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.