জোনাই, ৬ ছেপ্টেম্বৰ: মিচিং জনগোষ্ঠীৰ একালৰ বলিষ্ঠ নেতা তথা বিধায়ক ভুৱন পেগুৰ একালৰ ঘনিষ্ঠ ৰাজু মেদকৰ নেতৃত্বত নতুনকৈ গঠন কৰা জোনাই জনজাগৰণ মঞ্চ আৰু বিৰোধী দলৰ সমৰ্থকৰ মাজত শুকুৰবাৰে জোনাইৰ তাকে তিনিআলিত তীব্ৰ সংঘাতৰ সৃষ্টি হয় ।
জানিব পৰা মতে ৰাজু মেদকৰ নেতৃত্বত নতুনকৈ গঠন কৰা জোনাই জনজাগৰণ মঞ্চৰ উদ্যোগত যুৱ প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ উদ্দেশ্যে শুকুৰবাৰে জোনাই সদৰৰ পৰা প্ৰায় পাঁচ শতাধিক বাইকেৰে এক ৰেলী উলিওৱা হয় । তেনে সময়তে জোনাইৰ তাকে তিনিআলিত জোনাই জনজাগৰণ মঞ্চ আৰু বিৰোধীৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হয় । একাংশ দুষ্কৃতিকাৰীয়ে শিলগুটি দলিওৱাৰ লগতে দা, লাঠী আদিৰে আক্ৰমণ কৰাত জোনাই জনজাগৰণ মঞ্চৰ কেবাগৰাকীও সদস্য আহত হয় ৷
প্ৰায় এঘন্টা ধৰি দুয়োপক্ষৰ মাজত তুমুল সংঘৰ্ষ সৃষ্টি হোৱাৰ পিছত অৱশেষত জোনাই আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
জোনাই জনজাগৰণ মঞ্চৰ সম্পাদক বিজয় লালুঙে জনোৱা মতে তেওঁলোকে বাইক ৰেলী কৰি আহি থকাৰ সময়তে তাকে তিনিআলিত প্ৰায় দহ-বাৰজনীয়া এটা দুৰ্বৃত্তৰ দলে অতৰ্কিতে আক্ৰমণ কৰে ৷ দা, লাঠী আদিৰে জোনাই জনজাগৰণ মঞ্চৰ সদস্যৰ ওপৰত আক্ৰমণ কৰাৰ লগতে দুষ্কৃতিকাৰীয়ে শিলগুটিও নিক্ষেপ কৰে ৷ এই ঘটনাত কেবাজনো সদস্য আহত হৈছে ৷ এই আক্ৰমণৰ আঁৰত ভুৱন পেগুৰ সমৰ্থিত লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিজয় লালুঙে ৷ এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক দাবী জনাইছে জোনাই জনজাগৰণ মঞ্চৰ সম্পাদকগৰাকীয়ে ৷
লগতে পঢ়ক: অনিশ্চয়তাৰ মাজত জোনাইৰ ৫০ টা পৰিয়াল : চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ - Flood Victim of Jonai
অহা ৬-৭ মাহত কি গৰম খবৰ দিব ৰাণা গোস্বামীয়ে ! - BJP membership campaign 2024