ETV Bharat / state

চিৰাঙত পালন কৰা হ’ল বিশ্ব চিকল চেল এনিমিয়া দিৱস - Anemia Awareness and Testing Camp

World sickle cell day 2024: চিৰাঙৰ পাণবাৰী থানাত ৰক্তহীনতা সজাগতা আৰু পৰীক্ষা শিবিৰৰ আয়োজন জিলা স্বাস্থ্য বিভাগৰ । জিলাখনত মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত উদ্বেগ প্ৰকাশ জিলা স্বাস্থ্য বিষয়াৰ । 46 জন আক্ৰান্ত মেলেৰীয়া ৰোগত ।

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 4:57 PM IST

Updated : Jun 19, 2024, 10:05 PM IST

mosquito borne disease
চিৰাঙত পালন কৰা হ’ল বিশ্ব চিকল চেল এনিমিয়া দিৱস (ETV Bharat Assam)

চিৰাং, 19 জুন: আজি বিশ্ব চিকল চেল এনিমিয়া দিৱস ৷ দিৱসটিৰ সৈতে সংগতি ৰাখি চিৰাঙৰ পাণবাৰী থানাত বিশ্ব ৰক্তহীনতা দিৱস উদযাপন কৰে জিলা স্বাস্থ্য বিভাগে । বুধবাৰে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৰক্তহীনতা সজাগতা আৰু পৰীক্ষা শিবিৰৰ ৷ অনুষ্ঠানটোত উপস্থিত থকা জিলা স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া, চিকিৎসক ডা° দিগেন্দ্ৰ ৰামচিয়াৰীয়ে কয়, "জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত চিকল চেল এনিমিয়া অৰ্থাৎ ৰক্তহীনতা সজাগতা ও পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে । ৰক্তহীনতা দূৰীকৰণৰ প্ৰয়াসেৰে সমগ্ৰ বিশ্বৰ লগতে চিৰাঙতো এই দিৱসৰ আয়োজন কৰা হৈছে ।"

লগতে পঢ়ক: সজাগতাৰ অভাৱ-নাই চিকিৎসক : কলেৰাৰ সংক্ৰমণ ৰোধ হ'ব কেনেকৈ ? - Cholera cases in Assam

জিলা মেলেৰীয়া নিয়ন্ত্ৰণ বিষয়া ডাঃ ৰবিন বড়োৱে এই সন্দৰ্ভত কয়, "চিৰাং জিলাত বৃদ্ধি পাইছে মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ । জিলাখনত এতিয়ালৈ প্ৰায় 30 হেজাৰ লোকৰ তেজ পৰীক্ষা কৰা হৈছে আৰু তাৰে মাজত 46 জন মেলেৰীয়া ৰোগত আক্ৰান্ত ৰোগী ধৰা পৰিছে । ইতিমধ্যে জিলা স্বাস্থ্য বিভাগে উক্ত মেলেৰীয়া ৰোগীসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিছে ।"

সমান্তৰালভাবে, মেলেৰীয়া ৰোগৰ পৰা সাধাৰণ লোকক ৰক্ষা কৰাৰ বাবে গাঁৱে-ভূঞে, চহৰে-নগৰে মেলেৰীয়া ৰোগৰ সজাগতা সৃষ্টিৰ লগতে প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছে বুলিও জনাই জিলা জিলা মেলেৰীয়া বিষয়া ডাঃ ৰবিন বড়োৱে ।

মেলেৰীয়াৰ লগতে ডিব্ৰুগড় জিলাৰ কেইবাখনো চাহ বাগিচাত শেহতীয়াকৈ কলেৰা আৰু ডায়েৰীয়া ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত এজনৰ পাচত আন এজন ৰোগী আক্ৰান্ত হৈছে এই ৰোগত । ইতিমধ্যে জিলা স্বাস্থ্য় বিভাগে ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: এনকেফেলাইটিছ-ডেংগু-মেলেৰীয়া সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ স্বাস্থ্য বিভাগ - Assam dengue cases

Last Updated : Jun 19, 2024, 10:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.