ETV Bharat / state

হাতত নৱতম গ্ৰন্থ লৈ কামাখ্যা মন্দিৰত চেতন ভগৎ - Chetan Bhagat at kamakhya temple

Chetan Bhagat in Guwahati: সোমবাৰে মুকলি কৰা হ’ল চেতন ভগতৰ নৱতম গ্ৰন্থ 11 Rules of Life. বিশেষ দিনটোত নতুন গ্ৰন্থখনৰ সৈতে চেতন ভগতে আশিস গ্ৰহণ কৰিলে কামাখ্যা মন্দিৰৰ ৷

Chetan Bhagat at kamakhya temple
কামাখ্যা মন্দিৰত চেতন ভগৎ
author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 5:12 PM IST

নিউজ ডেস্ক, 27 ডেচেম্বৰ: কেৱল ভাৰতবৰ্ষই নহয়, বিশ্বৰ ভিন্ন প্ৰান্তৰ পঢ়ুৱৈৰ মাজত এগৰাকী পৰিচিত তথা জনপ্ৰিয় লেখক চেতন ভগৎ ৷ ওৱান নাইট ইন এ কল চেন্টাৰ, হাফ গাৰ্লফ্ৰেণ্ড অথবা ৰিভল্যুশ্যন 2020 যিখন গ্ৰন্থৰ কথাই কওক ইখনতকৈ সিখন জনপ্ৰিয়তা শীৰ্ষত ৷ আনহে নালাগে, চলচ্চিত্ৰপ্ৰেমীৰ হৃদয়ত আজীৱন সাঁচ বহুৱাব পৰা ছবি থ্ৰী ইডিয়টচৰ কাহিনীও সংগ্ৰহ কৰা হৈছিল চেমন ভগতৰ Five Point Someone উপন্যাসৰ পৰাই ৷

বিশেষকৈ নতুন প্ৰজন্মক নিজস্ব লিখনশৈলীৰে আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা প্ৰখ্যাত লেখকগৰাকী সোমবাৰে উপস্থিত হ’ল কামাখ্যা মন্দিৰত ৷ শক্তিপীঠ কামাখ্যাত প্ৰখ্যাত লেখকগৰাকী উপস্থিত হৈ কামাখ্যাৰ আশিস গ্ৰহণৰ কাৰণো আছিল পঢ়ুৱৈ সমাজৰ বাবে এক আনন্দৰ খবৰ ৷ কিয়নো চেতন ভগতৰ নৱতম গ্ৰন্থ ‘ইলেভেন ৰুলচ্ ফৰ লাইফ (11 Rules for Life)’’ মুকলি হয় সোমবাৰে ৷ বিশেষ দিনটোত গুৱাহাটীত উপস্থিত হোৱা লেখকগৰাকীয়ে নৱতম গ্ৰন্থখনৰ বাবেও কামাখ্যা মন্দিৰৰ আশিস গ্ৰহণ কৰে ৷

বিশেষ আনুষ্ঠানিকতা অবিহনে জনপ্ৰিয় লেখকগৰাকীৰ নৱতম গ্ৰন্থখন ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হয় সোমবাৰে ৷ অৱশ্যে কিতাপখন মুকলি পূৰ্বৰে পৰা অনলাইন প্লেটফৰ্মযোগে পাঠকসমাজে গ্ৰন্থখনৰ বুকিং অব্যাহত ৰাখিছিল ৷ কেৱল অপেক্ষা কৰা হৈছিল মুকলিৰ ক্ষণটোলৈ ৷ অৱশেষত বিশেষ দিনটো আহিল সোমবাৰে ৷ সোমবাৰে শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হৈ চেতন ভগতে ৰাইজলৈ আগবঢ়াই দিয়ে তেওঁৰ নৱতম সৃষ্টিক ৷

‘11 Rules For Life’ হাতত লৈ থকা কেবাখনো ফটোৰ সৈতে প্ৰখ্যাত, জনপ্ৰিয় লেখকগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে ‘‘ আজি মই নতুন গ্ৰন্থখনৰ সৈতে গুৱাহাটীৰ পৱিত্ৰ কামাখ্যা মন্দিৰৰ আশিস গ্ৰহণ কৰিলো ৷ ১১ Rules Of Lifeৰ মুকলিৰ দিনটোত ইয়াত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিলোঁ ৷’’

লগতে পঢ়ক: পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰে নিৰ্মাণ কৰিব সংগ্ৰহালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.