ETV Bharat / state

ইউনেস্কো বিশ্ব ঐতিহ্য সমিতিৰ সভাত চৰাইদেউ মৈদামক লৈ আলোচনাৰ সম্ভাৱনা - Charaideo Maidam

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 10:04 PM IST

UNESCO World Heritage Site: কাইলৈ নতুন দিল্লীত ইউনেস্কো বিশ্ব ঐতিহ্য সমিতিৰ সভা ৷ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভৰ বাবে চৰকাৰৰ প্ৰচেষ্টা ৷ বিশ্বৰ ১৯৫খন দেশৰ দুহেজাৰতকৈও অধিক ঐতিহ্য সমল বিশেষজ্ঞই কৰিব অংশগ্ৰহণ ৷

UNESCO World Heritage Site
চৰাইদেউ মৈদাম ক্ষেত্ৰ (ETV Bharat Assam)

গুৱাহাটী, ২০ জুলাই: ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সভা ২১ জুলাইৰ পৰা ৩১ জুলাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব । ভাৰত আয়োজক দেশ হিচাপে থকা এই গুৰুত্বপূৰ্ণ সভাত ১৯৫খন দেশৰ দুহেজাৰতকৈও অধিক ঐতিহ্য সমল বিশেষজ্ঞই অংশগ্ৰহণ কৰিব । উক্ত সভাত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ মূল্যৱান সাংস্কৃতিক ঐতিহ্য সমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এই বিশেষজ্ঞ সকলে নিজস্ব দৃষ্টিভংগী দাঙি ধৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুলাইৰ সন্ধিয়া উদ্বোধন কৰিবলগা সভাখনত অধ্যক্ষতা কৰিব ভাৰত বিশাল শৰ্মাই ।

গুৰুত্ব লাভ কৰিব অসমৰ চৰাইদেউ মৈদামে:

দেওবাৰে হ’বলগীয়া এই সভাত অসমৰ চৰাইদেউ মৈদাম ক্ষেত্রক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্রৰ তালিকাত স্থান প্ৰদানৰ বিষয়টিয়েও আলোচনাত বিবেচনাৰ সম্ভাৱনা আছে । কাইলৈ নতুন দিল্লীত অনুষ্ঠিতব্য বিশ্ব সংস্থাটোৰ এই গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়ায়ো অংশগ্ৰহণ কৰিব । ইউনেস্কোৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত চৰাইদেউৰ বিষয়টোৱে গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে । ইয়াতেই বহু আকাংক্ষিত চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভৰ কথাটোৱে এঢাপ আগুৱাই যোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য় যে যে ইজিপ্তৰ পিৰামিডৰ নিচিনা আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ লোক সকলৰ সমাধি সদৃশ চৰাইদেউ মৈদাম ক্ষেত্রই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে ছশ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসে অন্যতম এক মাত্ৰা লাভ কৰিব । বিগত কেইবাবছৰো ধৰি অসম চৰকাৰৰ লগতে কেন্দ্রীয় চৰকাৰেও বিষয়টো বিশ্ব সংস্থাটোৰ সন্মুখত সজোৰে উত্থাপন কৰি আহিছে ।

লগতে পঢ়ক:ইউনেস্ক'ৰ ভাৰতীয় প্রতিনিধিয়ে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰ

বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলন : চৰাইদেউ মৈদামৰ বাবে আহিব পাৰে ভাল খবৰ - Charaideo Maidam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.