ETV Bharat / state

খেতিয়কে চোৰাংকৈ লগোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বনৰীয়া হাতীটোৰ মৃত্যু !

Elephant death in Assam: ৰাজ্য়ৰ বিভিন্ন ঠাইত দিনক দিনে বৃদ্ধি পোৱা বন্যহস্তীৰ মৃত্যুৰ খবৰে চিন্তিত কৰিছে প্ৰকৃতিপ্ৰেমীক ।

Elephant death in Assam
হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

গোৱালপাৰা: ৰাজ্য়ত হাতী-মানুহৰ সংঘাত অব্য়াহত । ৰাজ্য়খনৰ বিভিন্ন অঞ্চলত হোৱা এই সংঘাতৰ ফলত বনৰীয়া হাতীৰ মৃত্য়ুৰ সংখ্য়া বৃদ্ধি পাইছে । আনহাতে, হাতীৰ আক্ৰমণত বহুতো লোকে হেৰুৱাইছে প্ৰাণ । ইয়াৰ মাজতেই গোৱালপাৰাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয় ।

খেতিয়কে চোৰাংকৈ লগোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বনৰীয়া হাতীটোৰ মৃত্যুৰ সন্দেহ কৰিছে বন বিভাগে । মঙলবাৰে পুৱা গোৱালপাৰা ৰঙাগড়াত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয় । গোৱালপাৰা আঞ্চলিক বন বিভাগৰ অধীনস্থ বৃহত্তৰ ৰঙাগড়া অঞ্চলত এটা বনৰীয়া হাতীৰ জাকে বিগত এসপ্তাহ ধৰি উপদ্ৰৱ চলাই আহিছে । বন বিভাগৰ হাতী সুৰক্ষা বাহিনীয়ে বনৰীয়া হাতীৰ জাকটোক পঞ্চৰত্ন পাহাৰৰ পিনে খেদি পঠিয়াই যদিও হাতীৰ জাকটোৰ পৰা এটা হাতী ৰঙাগড়াত থাকি যায় ।

হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

‘‘ৰঙাগড়াৰ স্থানীয় একাংশ কৃষক ৰাইজে নিজৰ ধান খেতি বচাবলৈ নিশাৰ ভাগত চোৰাংকৈ বিদ্যুতৰ তাঁৰ ওলমাই ৰাখে । ফলত বনৰীয়া হাতীৰ জাকটোৱে বিদ্যুতৰ তাঁৰ দেখি গুচি যায় । যোৱা নিশাও ৰঙাগড়াত এজন খেতিয়কে বিদ্যুতৰ তাঁৰ খেতিৰ চাৰিওফালে ওলোমাই ৰখাত বনৰীয়া হাতীটোৱে ৰাস্তা পাৰ হ'বলৈ লওঁতেই বিদ্যুতৰ সংস্পৰ্শলৈ আহে ৷ ফলত অকলশৰীয়া বনৰীয়া হাতীটোৰ মৃত্যু ঘটে’’ বুলি কয় গোৱালপাৰা আঞ্চলিক বন বিষয়া শশী মোহন সিঙে ।

আজি পুৱা একাংশ স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ এটি দলে পশু চিকিৎসকক লগত লৈ ঘটনাস্থলীত উপস্থিত হয় । বন বিভাগৰ লোক আৰু পশু চিকিৎসকে বনৰীয়া হাতীটোৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ঘটনাস্থলীতে শেষকৃত্য সম্পন্ন কৰা হয় হাতীটোৰ ।

এই সংঘাতৰ ফলত বিগত ৫ বছৰত শোণিতপুৰ জিলাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ লৈ বৃদ্ধি পাইছে ৷ ইয়াৰ বিপৰীতে ১৯ টা হাতীৰ মৃত্যু হৈছে । আনহাতে, চিৰাং আৰু কলাইগাঁৱত যোৱা ২০২০ চনৰ পৰা চলিত বৰ্ষলৈ মুঠ ৮ টা হাতীৰ মৃত্যু হৈছে । তদুপৰি গোলাঘাটত এবছৰতেই ৮ টাকৈ বন্যহস্তীৰ মৃত্যু হৈছে ।

লগতে পঢ়ক:গোলাঘাটত এবছৰত ৮ টা বন্যহস্তীৰ মৃত্যু

বিগত ৫ বছৰত শোণিতপুৰ আৰু চিৰাঙত ২৭ টা হাতীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.