ETV Bharat / state

এমাহ ধৰি সন্ধানহীন যুৱক; নিৰ্বিকাৰ স্থিতিত আৰক্ষী, প্ৰেমিকাৰ পৰিয়াললৈ সন্দেহৰ আঙুলি - Youth missing in Cachar

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 1:54 PM IST

Assam Youth Missing : সন্ধানহীন এজন যুৱকক লৈ কাছাৰত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ অৰ্থৰ বিনিময়ত আৰক্ষীয়ে ঘটনা গাপ দিয়াৰ অভিযোগ । বিগত এমাহ ধৰি ৰহস্যজনকভাবে নিৰুদ্দেশ হৈ আছে যুৱকজন ৷ প্ৰেমিকালৈ সন্দেহৰ আঙুলি ৷

Youth missing since one month in Cachar
সন্ধানহীন চিপন আহমেদ (ETV Bharat Assam)

শিলচৰ, 22 জুন : এমাহ ধৰি ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে কাছাৰৰ এজন 23 বছৰীয়া যুৱক । যুৱকজন কাছাৰ জিলাৰ উধাৰবন্ধ গোছাইপুৰৰ 23 বছৰীয়া চিপন আহমেদ বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, যোৱা 17 মে’ৰ দিনা নিৰুদ্দেশ হৈছিল যুৱকগৰাকী । কিন্তু নিৰুদ্দেশ হোৱাৰ আজি এমাহ উকলি যোৱাৰ পাচতো আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাই যুৱকগৰাকীৰ । যাৰ ফলত যুৱকগৰাকীৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

এমাহ ধৰি যুৱক নিৰুদ্দেশ (ETV Bharat Assam)

যোৱা 17 মে’ৰ দিনা দুই বন্ধুৰ লগত প্ৰতিবেশীৰ ঘৰলৈ বিয়া খাবলৈ গৈছিল নিৰুদ্দিষ্ট চিপন আহমেদ আৰু ইয়াৰ পাচতে সন্ধানহীন হৈ পৰে যুৱকজন । ঘটনাৰ পাচত পৰিয়ালৰ লোকসকলে উধাৰবন্ধ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে যদিও আজিলৈকে আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাই যুৱকজনৰ ।

লগতে পঢ়ক: চাকৰি এৰি ক’লৈ গ’ল কলিয়াবৰৰ 18 বছৰীয়া দিগম্বৰ - Kaliabor youth missing

যুৱকজনৰ মাতৃৰ অভিযোগ অনুসৰি, প্ৰতিবেশী এক যুৱতীৰ লগত তেওঁৰ পুত্ৰৰ এবছৰ ধৰি আছে প্ৰেমৰ সম্পৰ্ক । প্ৰেমিকাৰ ঘৰৰ কাষতে হোৱা এক বিবাহ অনুষ্ঠানলৈ যোৱাৰ পাচতে যুৱকজন সন্ধানহীন হৈ পৰিছিল । চিপনৰ নিৰুদ্দেশৰ সৈতে প্ৰেমিকাৰ পৰিয়ালৰ লোক জড়িত আছে বুলি গুৰুতৰ অভিযোগ তোলে যুৱকজনৰ মাতৃয়ে ।

লগতে তেওঁ উধাৰবন্ধ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰি কয় যে সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীক অৱগত কৰাইছে যদিও আৰক্ষীয়ে উচিত তদন্ত চলোৱা নাই । মাতৃগৰাকীৰ অভিযোগ আৰক্ষীয়ে ধনৰ বিনিময়ত প্ৰেমিকাৰ পৰিয়ালক ৰক্ষণাবেক্ষণ দি সমগ্ৰ ঘটনা ঘাপ দিয়াৰ চেষ্টা চলাই আছে ৷ যাৰ বাবে আজি এমাহ হৈ যোৱাৰ পাচতো তেওঁৰ পুত্ৰৰ কোনো সন্ধান ওলাব পৰা আৰক্ষীয়ে ।

লগতে পঢ়ক: চিত্ৰৰঞ্জনৰ নৰকংকালৰ অৱশিষ্ট পৰিয়ালক গতালে CBI এ - Chittaranjan Dutta death case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.