ETV Bharat / state

ৰাজপথত চিনেমাৰ কায়দাৰে হত্যা ব্যৱসায়ীক; হত্যাৰ কাহিনী শুনিলে মূৰে-কপালে হাত দিব আপুনিও - Businessman shot dead

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 10:49 AM IST

Businessman killed in Goalpara: গোৱালপাৰা কল্যাণপুৰত দুৰ্বৃত্তৰ গুলীত নিহত এগৰাকী ব্যৱসায়ী । নিহত ব্যৱসায়ীগৰাকী বৰবজাৰৰ অশোক গোৱেল । শ’লমাৰী-গোৱালপাৰা সংযোগী পথত সংগঠিত হয় এই ঘটনা । তিনি দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা মূৰত গুলীয়াই হত্যা কৰে ব্যৱসায়ীজনক ।

BUSINESSMAN SHOT DEAD
Businessman killed in Goalpara (ETV Bharat Assam)

গোৱালপাৰা, 15 জুলাই : গুলীৰ শব্দই দেওবাৰে নিশা কঁপাই গ’ল গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰৰ ৰাজপথ । শূন্য দূৰত্বৰ পৰা দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে ব্যৱসায়ী অশোক গোৱেলক । চিনেমাৰ কায়দাৰে হত্যা কৰা হ’ল ব্যৱসায়ীগৰাকীক ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

ৰাজপথত চিনেমাৰ কায়দাৰে হত্যা ব্যৱসায়ীক (ETV Bharat Assam)

তিনিজনীয়া ডকাইতৰ দলে আগভেটিছিল ব্যৱসায়ী গোৱেলৰ বাহনখন :

গোৱালপাৰা চহৰৰ বৰ বজাৰৰ বাসিন্দা অশোক গোৱেল নামৰ ব্যৱসায়ীজনে নিজ পুত্ৰৰ সৈতে দেওবাৰে পুৱাৰ ভাগত ব্যৱসায়সূত্ৰে জিলাখনৰ ধূপধৰালৈ গৈছিল । নিশা আঠ মান বজাত ব্যৱসায়ী গোৱেল নিজ পুত্ৰৰ সৈতে এখন চাৰিচকীয়া বাহনেৰে ধূপধৰাৰ পৰা গোৱালপাৰা চহৰ অভিমুখে আহি আছিল ।

গোৱালপাৰা চহৰৰ উপকণ্ঠ অঞ্চল কল্যাণপুৰৰ শ’লমাৰী-গোৱালপাৰা সংযোগী পথত তিনি দুৰ্বৃত্তৰ দল এটাই এখন অল্ট’ বাহনেৰে আহি ব্যৱসায়ী অশোক গোৱেলৰ চাৰিচকীয়া বাহনখন আগভেটি ধৰে ।

হত্যাৰ পূৰ্বে মাৰপিট; হত্যা কৰি কাঢ়ি নিলে নগদ ধন :

তিনি দুৰ্বৃত্তই গাড়ীৰ পৰা নামি প্ৰথমে অশোক গোৱেলক মাৰপিট কৰে ৷ তাৰ পিচত গাড়ীত থকা অশোক গোৱেলৰ পুত্ৰ আৰু গাড়ী চালকক গাড়ীৰ পৰা নমাই দি ব্যৱসায়ী অশোক গোৱেলক গাড়ীখনৰ সৈতে ওচৰৰে এটা ভিতৰুৱা ৰাস্তাৰে লৈ যায় দুৰ্বৃত্তৰ দলটোৱে । গাড়ীৰ ভিতৰত দুৰ্বৃত্তৰ দলটোৱে অশোক গোৱেলক মাৰপিট কৰি শূন্য দূৰত্বৰ পৰা মূৰত গুলীয়াই হত্যা কৰে ৷ তাৰ পিচতেই গাড়ীত থকা নগদ ধনৰ টোপোলা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে ।

আৰক্ষীলৈ পুত্ৰৰ ফোন :

দুৰ্বৃত্তই অশোক গোৱেলক গুলীওৱাৰ পিচতেই ব্যৱসায়ী গোৱেলৰ পুত্ৰ আৰু গাড়ী চালকগৰাকীয়ে ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আগিয়া আৰু গোৱালপাৰা সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ অশোক গোৱেলৰ তেজেৰে লুতুৰী পুতুৰী হৈ থকা মৃতদেহটো প্ৰত্যক্ষ কৰে । ততাতৈয়াকৈ ১০৮ এম্বুলেন্সৰে অশোক গোৱেলক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইতিমধ্যে অশোক গোৱেলৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ।

কিছুদিন পূৰ্বে গোৱেলৰ ঘৰত সোমাইছিল ডকাইত :

দুৰ্বৃত্তৰ গুলীত নিহত হোৱা অশোক গোৱেল গোৱালপাৰা চহৰৰ বৰ বজাৰৰ বাসিন্দা আছিল । কিছুদিন পূৰ্বে নিহত অশোক গোৱেলৰ বাসগৃহত ডকাইতৰ দল এটা সোমাইছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । এই সম্পৰ্কে গোৱালপাৰা চহৰ আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছিল দুৰ্বৃত্তৰ গুলীত নিহত হোৱা অশোক গোৱেল নামৰ ব্যৱসায়ীজনে ।

গাড়ীচালকক জেৰা আৰক্ষীৰ:

এই ঘটনা সন্দৰ্ভত তদন্তৰ খাতিৰত আৰক্ষীয়ে নিহত হোৱা অশোক গোৱেলৰ গাড়ী চালকক সোধ-পোছ অব্যাহত ৰাখিছে । কোনে কি কাৰণত ব্যৱসায়ীগৰাকীক গুলীয়াই হত্যা কৰিলে বৰ্তমানলৈকে কোনো তথ্য জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: চাৰিদুৱাৰত দুৰ্বৃত্তই শোৱাপাটীতেই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে মহিলাক - Sensational murder in Rangapara

গোৱালপাৰাত নিচামুক্তি কেন্দ্ৰত যুৱকক মৰিয়াই মৰিয়াই হত্যা; ৮ অভিযুক্তক গ্ৰেপ্তাৰ - Murder in Rehab Center

পঞ্চায়ত সচিব হত্যাকাণ্ড: চন্দ্ৰকান্ত দাসৰ পত্নীৰ নিৰ্দেশতে হৈছিল হত্যাকাণ্ড; হত্যাকাৰীক দিছিল 2 লক্ষাধিক টকা - Panchayat secretary murder case

শ্ৰেণীকোঠাত পাঠদানৰ সময়তে ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষক - Teacher stabbed to death

মহিলাসহ গ্ৰেপ্তাৰ চাৰি : ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাকাণ্ডৰ নতুন মোৰ - Sensational murder in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.