ETV Bharat / state

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি : লখিমপুৰত লোমহর্ষক হত্যা - Sensational Murder

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 8:26 PM IST

Sensational Murder in Lakhimpur : পৰকীয়া প্ৰেমৰ বাবেই ৰাজ্য়ত নিতৌ সংঘটিত হৈ আছে এটাৰ পিচত আন এটা হত্য়াকাণ্ড । ইয়াৰ আঁৰত থাকে আন বহুতো কাৰণ । এইবাৰ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিত লখিমপুৰত প্ৰাণ হেৰুৱালে শ্ৰমিকে ।

Sensational Murder in Lakhimpur
নৃশংস হত্যাকাণ্ড (ETV Bharat Assam)

লখিমপুৰ, ৩০ জুলাই : লখিমপুৰ জিলাৰ চিয়াজুলিৰ ভালাবস্তিত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড । বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ভালাবস্তিত সোমবাৰে নিশা সংঘটিত হয় এই ঘটনাটো । শ্ৰমিক হিচাপে কাম কৰি জীবিকা নির্বাহ কৰা ৰাজু ধানোৱাৰ নামৰ লোকজনক কনকেশ্বৰ বুঢ়াগোহাঁইয়ে হত্যা কৰি কুঁৱাত পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি : লখিমপুৰত লোমহর্ষক হত্যা (ETV Bharat Assam)

কোনে সংঘটিত কৰিলে হত্য়াকাণ্ড ?

একেখন গাঁৱৰে কনকেশ্বৰ বুঢ়াগোহাঁই নামৰ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজ তথা মৃতকৰ পৰিয়ালৰ । গাঁওখনৰ শিক্ষক কনকেশ্বৰ বুঢ়াগোহাঁই ওৰফে মাহুৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে । ৰাজু ধানোৱাৰৰ পত্নীৰ লগত থকা অবৈধ প্ৰেমৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । বিগত সময়ত এনে অবৈধ সম্পর্ক থকাৰ অভিযোগত স্থানীয় মহিলাই ৰাজু ধানোৱাৰৰ পত্নীক সকীয়নি দিয়া বুলি কয় একাংশ মহিলাই ।

কুঁৱাত কোনে পেলালে মৃতদেহ ?

সোমবাৰে সন্ধিয়াৰে পৰাই নিৰুদ্দেশ হৈ আছিল ৰাজু । মঙলবাৰে পুৱা তেওঁৰ ঘৰৰ কাষতে থকা পানী খোৱা কুঁৱাটোত মৃতদেহটো প্ৰত্যক্ষ কৰে চুবুৰীয়া লোকে । ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰে । কিন্তু স্থানীয় লোকে কনকেশ্বৰ বুঢ়াগোহাঁইয়ে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ কৰি তেওঁৰ ঘৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ৰাইজে কনকেশ্বৰ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ দাবী তুলি তেওঁৰ ঘৰৰ চৌহদত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ।

স্থানীয় লোকৰ অভিযোগ মতে, কনকেশ্বৰ বুঢ়াগোহাঁইৰ যিখন ক্ষুদ্র চাহ বাগিচা আছে তাতেই ৰাজুক হত্যা কৰা হৈছিল । তাৰ পৰা মৃতদেহ চোঁচৰাই নিয়া স্পষ্ট চিন আছে বুলি ৰাইজে অভিযোগ কৰে । ৰাইজে সৃষ্টি কৰা এনে পৰিস্থিতি ক্ৰমে উত্তপ্ত হৈ পৰাত বগীনদী থানাৰ আৰক্ষীৰ লগতে জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে ।

অভিযুক্তক আটক :

আৰক্ষীয়ে শিক্ষক কনকেশ্বৰ বুঢ়াগোহাঁইক ৰাইজৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিকভাৱে আটক কৰে । অভিযুক্তটোক আটক কৰাৰ লগতে এই ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে আইনী ব্যবস্থা গ্রহণ কৰা হ'ব বুলি আৰক্ষীয়ে আশ্বাস দিয়াৰ পাচত পৰিস্থিতি শান্ত হয় ।

লগতে পঢ়ক:প্ৰেমিকৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে প্ৰেমিকাই - Sensational murder

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি : পত্নীৰ হাতত নিধন পতি

প্ৰেমৰ ভয়ংকৰ পৰিণতি : প্ৰেমিকে প্ৰাণ ল'লে প্ৰেমিকাৰ - Murder in Bilashipara

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.