ETV Bharat / state

লখিমপুৰত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ বিজেপি অ'বিচি মৰ্চাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 5:45 PM IST

BJP protest: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অ'বিচিৰ নাছিল বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বিৰোধিতাৰে লখিমপুৰত প্ৰতিবাদ । বিজেপিৰ জিলা অ'বিচি মৰ্চাৰ উদ্যোগত কংগ্ৰেছ নেতাগৰাকীৰ পুত্তলিকা দাহ । ৰাহুল গান্ধীক এই সন্দৰ্ভত ক্ষমা বিচাৰিবলৈ দাবী জনালে প্ৰতিবাদকাৰীয়ে ।

BJP protest
লখিমপুৰত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ বিজেপি অ'বিচি মৰ্চাৰ

লখিমপুৰত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ বিজেপি অ'বিচি মৰ্চাৰ

লখিমপুৰ,১০ ফেব্ৰুৱাৰী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ লখিমপুৰ জিলাৰ অ'বিচি মৰ্চাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগত বিজেপিৰ কৰ্মীসকলে ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰে । লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ অ'বিচি মৰ্চাই এই প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপি কৰ্মীসকলে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদস্থলীত জিলা অবিচি মৰ্চাৰ নেতৃত্বই অভিযোগ কৰা মতে শেহতীয়াকৈ ভাৰত জোড়ো ন্যায় যাত্রাৰ সময়ত ওড়িশাত ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অ'বিচিৰ নহয় বুলি কৈছিল । গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ সময়ত হে তেওঁ অ'বিচিলৈ সলনি হোৱা বুলি কয় ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীৰ এই ভাষ্যই প্ৰধানমন্ত্ৰীৰ লগতে অ'বিচিসকলক অপমানিত কৰা বুলি ক্ষোভ প্ৰকাশ কৰে বিজেপিৰ কৰ্মীসকলে । যাৰ বাবে ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰি বিজেপিৰ অ'বিচি মৰ্চাৰ কৰ্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

এই বিষয়ত ৰাহুল গান্ধীক শীঘ্ৰে প্ৰধানমন্ত্ৰীৰ ওচৰত ক্ষমা বিচাৰিবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায় । আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোন বৰ্ণৰ, কেতিয়াৰ পৰা অ'বিচিত অন্তর্ভুক্ত হ'ল সেই কথা স্পষ্ট কৰি দিয়ে । দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক অযথা এনেদৰে অপমান কৰা সহ্য কৰা নহ'ব বুলিও প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে ।

উল্লেখ্য যে ৰাহুল গান্ধীয়ে ওড়িশাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্পৰ্কত কৰা মন্তব্যৰ পিচতে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ দেখা গৈছে । ৰাহুল গান্ধীৰ বিৰুদ্ধে বিভিন্ন জিলাত বিজেপিৰ অ'বিচি মৰ্চাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

লগতে পঢ়ক :বিতৰ্কিত মন্তব্য: ৰাজ্যজুৰি ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰিলে বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.