লখিমপুৰ, 20 জানুৱাৰী : শনিবাৰে পুৱা লখিমপুৰত উপস্থিত হ’ল ৰাহুল গান্ধীৰ নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ কিন্তু মূৰকত কেইবাটাও পূৰ্বনিৰ্ধাৰিত সূচী বাতিল কৰিবলগীয়া হ’ল । উল্লেখ্য যে, পূৰ্ব নিৰ্ধাৰিত সূচী মতে, গোগামুখৰ পৰা শনিবাৰে পুৱা বাহনেৰে আহি ভাৰত জোড়ো ন্যায় যাত্রা প্রথম উপস্থিত হৈছিল পদুমণি আই থানত ।
ইমানখিনিলৈ সকলো ঠিকে আছিল কিন্তু গোগামুখৰ পৰা আহি পদুমণি আই থানত সেৱা কৰাৰ পাছতে বাহনেৰে আহি নগৰৰ সমীপৰ চৰাই মৰীয়াত থকা সতী সাধনীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰ্যসূচী বাতিল কৰা হয় । ঠিক সেইদৰে নগৰৰ মাজেৰে কৰিব লগীয়া পদযাত্রাও বাতিল কৰা হয় । নিৰাপত্তাৰ দোহাই দি উক্ত কাৰ্যসূচীসমূহ বাতিল কৰিবলগীয়া হ’ল ৷
উল্লেখ্য যে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, লখিমপুৰ নগৰৰ সমীপৰ চৰাই মৰীয়াত থকা সতী সাধনীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই আৰু তেওঁ তাৰ পৰাই লখিমপুৰ নগৰৰ মাজেৰে পদযাত্রা কৰাৰ কথা আছিল । কিন্তু নগৰখন পাৰ হোৱাৰ পিছত পুনৰ বাহনেৰে গৈ পহুমৰাত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি আৰু নাওবৈচাত থকা বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই লালুকত ৰাজহুৱা সভাত অংশগ্রহণ কৰি তাৰ পৰা অৰুণাচল লৈ বুলি ৰাওনা হোৱাৰ সূচী নিৰ্ধাৰণ কৰা আছিল ।
ইফালে ৰাহুল গান্ধীক চাবলৈ পুৱাৰে পৰা নগৰখনত দলীয় কৰ্মীসহ একাংশ লোকে অপেক্ষা কৰি আছিল ৷ কিন্তু সকলোৰে আশাত পৰিল চেঁচা পানী ৷ কিয়নো পদযাত্রা বাতিল কৰি বাহনেৰে লখিমপুৰ নগৰ পাৰ হৈ গৈ পহুমৰাত বীৰ লাচিতৰ প্ৰতিমূৰ্তি আৰু নাওবৈচাত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই লালুকত ৰাজহুৱা সভাত অংশগ্রহণ কৰে ৰাহুল গান্ধীয়ে ।
লগতে পঢ়ক : বিজেপিৰ গোচৰলৈ ভয় নকৰে ৰাহুল গান্ধীয়ে : কংগ্ৰেছ