ETV Bharat / state

বিশ্ব গঁড় দিৱসত বিশেষ প্ৰতীকীৰে সজাগতা ৰেলী - World Rhino Day 2024

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Kaziranga National Park : ভাৰতত থকা গঁড়ৰ আশী শতাংশ আছে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত । অসমত আছে ৩০০০টা এশিঙীয়া গঁড় । গঁড়ৰ পাঁচবিধ প্ৰজাতিৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা হৈছে প্ৰয়াস ।

Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ (ETV Bharat Assam)

কলিয়াবৰ, ২২ ছেপ্টেম্বৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন সংমণ্ডল আৰু লাওখোৱা অভয়াৰণ্যৰ বিশেষ প্ৰতীকীৰে সজাগতা ৰেলীৰ আয়োজন কৰা হয় । দেওবাৰে বিশ্ব গঁড় দিৱস ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কঁহৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা হৈছে এক সজাগতা যাত্ৰা । বিশ্বনাথ চাৰিআলি আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা অহা প্ৰতীকী শোভাযাত্ৰাটো কলিয়াবৰত লগ হৈ কঁহৰা অভিমুখে যাত্ৰা কৰে । জখলাবন্ধাত দলটোক ৰাইজে আদৰণি জনায় ।

  • বিশ্বত গঁড়ৰ সংখ্য়া ২৮ হাজাৰলৈ হ্ৰাস

প্ৰতি বছৰে আজিৰ দিনটোত বিশ্বজুৰি এই দিৱস উদযাপন কৰা হয় । মূলতঃ মানুহক গঁড়ৰ পাঁচবিধ প্ৰজাতিৰ বিষয়ে সজাগ আৰু শিক্ষা দিবলৈ এই দিৱস পালন কৰা হয় । বিংশ শতাব্দীৰ প্ৰাৰম্ভতে বিশ্বত গঁড়ৰ সংখ‍্যা আছিল প্ৰায় পাঁচ লাখ । ১৯৭০ চনত এই সংখ‍্যা সত্তৰ হাজাৰলৈ হ্ৰাস পালে । বৰ্তমান এই সংখ‍্যা ২৮ হাজাৰ হৈছে । এই সংখ‍্যাৰ বেছিভাগেই আফ্ৰিকা আৰু এছিয়া দেশতেই জীৱিত আছে ।

  • ভাৰতৰ গঁড়ৰ আশী শতাংশ আছে কাজিৰঙা

ভাৰতত থকা গঁড়ৰ আশী শতাংশ আছে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত । তদুপৰি, ওৰাং ৰাষ্ট্ৰীয় উদ‍্যানত ৪ শতাংশ, পবিতৰা অভয়াৰণ‍্যত ৩ শতাংশ আৰু মানাহ ৰাষ্ট্ৰীয় উদ‍্যানত ১ শতাংশ গঁড়সহ কেৱল অসমতেই প্ৰায় ৩,০০০টা গঁড় থকাৰ বিষয়ে চৰকাৰী তথ‍্যত প্ৰকাশ ।

শেহতীয়াকৈ অসমত চোৰাং চিকাৰীৰ হাতত গঁড় নিধনৰ সংখ‍্যা হ্ৰাস পোৱাটো ৰাজ‍্য তথা বিশ্ববাসীৰ বাবে সুখৰ বিষয় । এই দিৱসটো পালন কৰাৰ উদ্দেশ্য হৈছে আফ্ৰিকা আৰু এছিয়াত বাস কৰা গঁড়ৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে সজাগতা বৃদ্ধি আৰু মানুহক গঁড়ৰ সংৰক্ষণ কৰাৰ বাবে উৎসাহিত কৰা ।

লগতে পঢ়ক:বিশ্ব গঁড় দিৱস; কাজিৰঙা ভ্ৰমণৰ কথা স্মৰণ প্ৰধানমন্ত্ৰীৰ - World Rhino Day 2024

বিশ্ব গঁড় দিৱস; কাজিৰঙাত নীৰৱে চলিছে এশিঙীয়া গঁড় সুৰক্ষাৰ যুঁজ - World Rhino Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.