বিশ্বনাথ, 13 ফেব্ৰুৱাৰী : বিতৰ্কই পিচ এৰা নাই অভিনন্দন থিয়েটাৰ গোষ্ঠীক । পূৰ্বে অভিনেত্ৰীক মাননি নিদিয়া অভিযোগৰ পিচতে পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অসমৰ ভ্ৰাম্যমাণ জগতত প্ৰথমবাৰলৈ খোজ পেলোৱা অভিনন্দন থিয়েটাৰ ।
এইবাৰ অভিনেত্ৰী বা অভিনেতাক মাননি নিদিয়া বিতৰ্ক নহয় । এইবাৰ অভিনন্দন থিয়েটাৰ গোষ্ঠীৰ মালিকে আয়োজক সমিতিক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, অভিনন্দন থিয়েটাৰ গোষ্ঠীৰ মালিকে সময় মতে আয়োজক সমিতিৰ পৰা ল’লে ১ লাখ টকা আগধন ৷ কিন্তু এই টকা লৈ সময়ত উপস্থিত নহ’ল অভিনন্দন থিয়েটাৰ গোষ্ঠীৰ কোনো সদস্য । এই ঘটনাৰ সংঘটিত হৈছে বিশ্বনাথৰ বিহালী সমষ্টিত ।
উল্লেখ্য যে, বিশ্বনাথৰ বিহালী সমষ্টিৰ বিহালী জাতীয় বিদ্যালয়ৰ সাহাৰ্যাথে সোমবাৰৰ (12 ফেব্ৰুৱাৰী) পৰা অহা তিনিটা নিশাৰ বাবে নাট্য-দৰ্শনী প্ৰদৰ্শন কৰাৰ কথা আছিল অভিনন্দন থিয়েটাৰে । সোমবাৰে দিনৰ ভাগতে বিহালীৰ জাতীয় বিদ্যালয় খেলপথাৰত উপস্থিত হোৱাৰ কথা আছিল অভিনন্দন থিয়েটাৰৰ সকলো কলা-কুশলী ৷ কিন্তু সময় মতে উপস্থিত নহ'ল অভিনন্দন থিয়েটাৰৰ কোনো লোক ।
সমিতিৰ পৰা আগধন লৈ বিহালীৰ শ শ দৰ্শকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছে 'অভিনন্দন থিয়েটাৰ'ৰ বিৰুদ্ধে । আনহাতে, আজি পৰ্যন্ত বিহালী জাতীয় বিদ্যালয়ৰ খেলপথাৰত অভিনন্দন থিয়েটাৰৰ পেণ্ডেল নপৰিল ৷ আনকি থিয়েটাৰ কৰ্তৃপক্ষক ফোন কৰাতো ফোন ৰিচিভ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে কমিটীৰ বিষয়ববীয়াই ৷
উপায়ন্তৰ হৈ বিহালী আৰক্ষী থানাত অভিনন্দন থিয়েটাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে আয়োজক সমিতিয়ে । কিন্তু কিয় থিয়েটাৰ কৰ্তৃপক্ষই বিহালীৰ শ শ ৰাইজক প্ৰৱঞ্চনা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক : ব্যতিক্ৰমী বিয়া; বিয়ালৈ অহা অভ্যাগতক কইনাই দিছে উপহাৰ