ETV Bharat / state

কেবিনেট সিদ্ধান্তৰ পাচতে প্ৰকাশ পাব পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ অধিসূচনা - ASSAM PANCHAYATS DELIMITATION - ASSAM PANCHAYATS DELIMITATION

Assam Panchayat polls : পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ নিৰ্ধাৰণ কৰা হ'ব পঞ্চায়তৰ সীমা ৷ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাচতে প্ৰকাশ পাব চৰকাৰী অধিসূচনা ৷ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পাচতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷

PANCHAYATS DELIMITATION
প্ৰকাশ পাব পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ অধিসূচনা (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 6:54 PM IST

গুৱাহাটী, 15 জুন : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত এইবাৰ অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ নিৰ্ধাৰণ কৰা হ'ব পঞ্চায়তৰ সীমা ৷ ইয়াৰ বাবে বুধবাৰে প্ৰকাশ পাব পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ অধিসূচনা ৷ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাচতে এইক্ষেত্ৰত প্ৰকাশ পাব চৰকাৰী অধিসূচনা ৷

উল্লেখ্য যে নবেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ব আৰু ডিচেম্বৰত সমাপ্ত হ'ব ৷ ৰাজ্য চৰকাৰৰ আগন্তুক সাপ্তাহিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি কৰা হ'ব ৷ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পাচতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ আনহাতে এইবাৰো পূৰ্বৰ দৰে বেলটৰ জৰিয়তে হ'ব পঞ্চায়ত নিৰ্বাচন ৷ বিভাগীয় সূত্ৰে জানিব পৰা মতে চেপ্টেম্বৰ মাহৰ ভিতৰত পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব ৷ ইয়াৰ বাবে সাজু হৈ আছে বিভাগীয় কৰ্তৃপক্ষ ৷

অধিসূচনা প্ৰকাশ পোৱাৰ লগে লগে সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব ৷ সীমা নিৰ্ধাৰণ হোৱাৰ পাচতে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰকাশ পাব ভোটাৰ তালিকা ৷ এই সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাচতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰী কৰিছে যে নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ ইয়াৰ পূৰ্বে ৰাজ্যৰ পঞ্চায়ত সমূহৰ নতুনকৈ সীমা নির্ধাৰণ কৰা হ'ব ৷

লগতে পঢ়ক : ফণীভূষণ চৌধুৰীৰ দুৰ্গত কোন হ’ব উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ? - BYE ELECTION IN ASSAM

উল্লেখ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত পঞ্চায়তৰো সীমা নিৰ্ধাৰণৰ বিষয়টো জৰুৰী হৈ পৰে ৷ 30 আগষ্টৰ ভিতৰত উন্নয়ন খণ্ডসমূহৰ নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰা হ'ব ৷ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিটো পঞ্চায়ত যাতে দুটা বিধানসভা সমষ্টিত নাথাকে তাৰ বাবে প্ৰতিটো ব্লকৰ পুনৰ নিৰ্ধাৰণ কৰা হ'ব ৷ আনহাতে চেপ্টেম্বৰ মাহৰ পৰা ভোটাৰ তালিকাৰ সংশোধনীৰ কাম আৰম্ভ হ'ব ৷ ৱাৰ্ড, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ, গাঁও পঞ্চায়ত সকলোৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব ৷ প্ৰয়োজনত সমষ্টিৰ সংখ্যাও বৃদ্ধি পাব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল ৷

ইফালে লোকসভা নিৰ্বাচনৰ পাচত খালী হোৱা পাঁচটা বিধানসভা সমষ্টিৰ বাবে ৰাজ্যত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷ অৱশ্যে উপ-নিৰ্বাচন বিধানসভাৰ পুৰণি সমষ্টি অনুসৰিয়েই অনুষ্ঠিত হ'ব ৷ বঙাইগাঁও, চামগুৰি, ঢলাই, বিহালী আৰু চিদলী বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷ সাংবিধানিক নিয়ম অনুসৰি ছমাহৰ ভিতৰত বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব ৷ ইয়াৰ লগতে খালী হোৱা দুই ৰাজ্যসভাৰ সাংসদ পদৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ সেয়েহে উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণ গৰম হৈ পৰিব ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতেই প্ৰদান কৰা হ’ব সকলো আঁচনি: মুখ্যমন্ত্ৰীৰ আশ্বাস - ASSAM GOVT SCHEMES

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.