ETV Bharat / state

মুখ্যমন্ত্রীয়ে অসমখনক গুণ্ডাৰাজলৈ পৰিণত কৰিলে: মীৰা বৰঠাকুৰ

Attack on Bhupen Borah: মুখ্যমন্ত্ৰীয়ে অসমখনক বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দৰে গুণ্ডাৰাজলৈ পৰিণত কৰিলে বুলি মন্তব্য কৰিছে মীৰা বৰঠাকুৰৰ ৷ ইয়াৰোপৰি তেওঁ কয় যে এনেকুৱা ৰামৰাজ্য কাৰো কাম্য নহয় ।

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 10:35 PM IST

Updated : Jan 23, 2024, 10:06 AM IST

Bhupen Borah Attack
ভূপেন বৰাক আক্ৰমণৰ সন্দৰ্ভত মীৰা বৰঠাকুৰ গোস্বামী

গুৱাহাটী, ২১ জানুৱাৰী: ৰাহুল গান্ধীৰ নেতৃত্বত অসমত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত দেওবাৰে জামুগুৰিহাটত আক্ৰমণৰ সন্মুখীন হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা । সভাপতিগৰাকীক আক্ৰমণ কৰাৰ এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ।

উল্লেখ্য যে আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ গাড়ীত বিজেপিৰ গুণ্ডাবাহিনীয়ে আক্ৰমণৰ প্ৰয়াস চলোৱাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক জামুগুৰিহাটত বিজেপিৰ দুৰ্বৃত্তই আক্ৰমণ কৰে ।

উক্ত আক্ৰমণত ভূপেন বৰাৰ নাকৰ ৰক্তক্ষণ হয় । এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মীৰা বৰঠাকুৰ গোস্বামীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাবাহিনীয়ে কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীৰ নাকত আঘাত কৰি গোটেই ভাৰতবৰ্ষতে অসমবাসীৰ স্বাভিমানক আঘাত কৰিলে ।

‘বিনাশ কালে বিপৰীত বুদ্ধি’ বুলি সদৰী কৰি মীৰা বৰঠাকুৰ গোস্বামীয়ে কয় যে এই ঘটনাক কংগ্ৰেছ দলে সহজভাৱে লোৱা নাই । ৰাম ৰাজ্যৰ কথা কোৱা বিজেপিয়ে এটা বিৰোধী দলৰ ৰাজ্যিক সভাপতিক আক্ৰমণ কৰিলে । এনেকুৱা ৰামৰাজ্য কাৰো কাম্য নহয় ।

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে লগতে কয় যে মাত মতাৰ বাবেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে উপাচাৰ্যক নিৰ্দেশ দিয়া হৈছে । এইজন মুখ্যমন্ত্ৰীয়ে অসমখনক বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দৰে গুণ্ডাৰাজলৈ পৰিণত কৰিলে বুলি সদৰী কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ভাৰতবাসীৰ ওচৰত অসমীয়াৰ অতিথি পৰায়ণতাক অপমানিত কৰিলে ।

লগতে পঢ়ক: আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

Last Updated : Jan 23, 2024, 10:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.