ETV Bharat / state

কোনো কাৰণতে ৰাইজৰ শান্তি বিঘ্নিত কৰিবলৈ দিয়া নহ'ব: হৰমিত সিং - Assam Special DGP review meeting

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 9:26 PM IST

Assam Special DGP Harmeet Singh: নগাঁৱত ছয়খন জিলাৰ আৰক্ষী অধীক্ষক, উচ্চপদস্থ আৰক্ষী বিষয়াৰে বৈঠক অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙৰ । কোনো কাৰণত অসমৰ ৰাইজৰ শান্তি বিঘ্নিত কৰিবলৈ নিদিয়ে অসম আৰক্ষীয়ে । আনহাতে সমগ্ৰ দেশৰ ৬৭৫ টা মললৈ বোমা সংস্থাপনৰ ই মেইল প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে সিঙে ৷

Assam Special DGP Harmeet Singh
আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং (ETV Bharat Assam)

নগাঁও, ২০ আগষ্ট: স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ পাছতেই অধিক তৎপৰ হৈছে অসম আৰক্ষী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘনাই ঘনাই বৈঠক অনুষ্ঠিত কৰিছে অসম আৰক্ষীয়ে । মঙলবাৰে নগাঁৱত মধ্য অসমৰ ছয়খন জিলাৰ আৰক্ষী অধীক্ষকৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং ।

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নগাঁও জিলাৰ লগতে মৰিগাঁও, হোজাই, গোলাঘাট, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে উচ্চপদস্থ আৰক্ষীৰ বিষয়াৰ সৈতে প্ৰায় তিনিঘণ্টা সময় ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী । এই বৈঠকত শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তও উপস্থিত থাকে ৷

লগতে পঢ়ক: গুৱাহাটীৰ চিটী চেণ্টাৰত বোমাৰ আতংক : হুৱাদুৱা পৰিস্থিতি - Bomb scare at City Centre

বৈঠকৰ অন্তত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ কথা ব্যক্ত কৰি তদন্ত সকলো পোহৰলৈ আহিব বুলি উল্লেখ কৰে ৷ অসমৰ ৰাইজৰ হাৰাশাস্তি তথা ৰাজ্যৰ শান্তি কোনো কাৰণতে বিঘ্নিত কৰিবলৈ দিয়া নহ'ব বুলিও একপ্ৰকাৰ সকীয়নি দিয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

তেওঁ লগতে অসমৰ তথা ৰাইজৰ উন্নয়ন বিচৰা কোনো লোকেই ৰাইজক হাৰাশাস্তি তথা অশান্তি কৰাৰ কাম নকৰে বুলিও মন্তব্য কৰে । ইপিনে শ্বপিং মলত বোমা সংস্থাপন কৰা বুলি বিদ্ৰোহী সংগঠনে প্ৰেৰণ কৰা ই-মেইল সন্দৰ্ভতো মন্তব্য কৰি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সমগ্ৰ দেশৰ ৬৭৫ টা মললৈ এনে ই-মেইল প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ এনে ভাবুকি পোৱাৰ পাছত আৰক্ষী-প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ সুৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক: দিল্লীৰ এইমছকে ধৰি ৮টা শ্বপিং মল আৰু বহু চিকিৎসালয়লৈ বোমাৰ ভাবুকি - BOMB THREATS IN DELHI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.