ETV Bharat / state

নগাঁৱত বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ এটা দিনৰ পাছত উপস্থিত আই জি পি দেৱজ্যোতি মুখাৰ্জী - ULFA I BOMB PLANS

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 10:14 PM IST

ULFA I bomb plans failed : আলফা স্বাধীনে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱৰো দুটাকৈ স্থানত বোমা সংস্থাপনৰ কথা উল্লেখ কৰিছিল এক ই-মেইল বাৰ্তাত। লগে লগে বোমাৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল নগাঁও আৰক্ষীয়ে। এটা স্থানৰ পৰা বোমাসদৃশ সামগ্ৰী উদ্ধাৰ হৈছে যদিও আনটো স্থানত কি পালে আৰক্ষীয়ে ? ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে। শুকুৰবাৰে হঠাৎ নগাঁৱত উপস্থিত অসম আৰক্ষীৰ আই জি পি দেৱজ্যোতি মুখাৰ্জী ।

ULFA I Bomb plans failed
নগাঁৱত আই জি পি দেৱজ্যোতি মুখাৰ্জী (ETV Bharat Assam)

নগাঁও, 16 আগষ্ট : 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো সৃষ্টি হৈছিল বোমাৰ আতংক ৷ নগাঁৱৰ দুটাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনে এক বিবৃতিত উল্লেখ কৰাৰ পাছতেই হাহাকাৰ লাগিছিল নগাঁও আৰক্ষীত ৷ সমান্তৰালকৈ সাধাৰণ জনতাৰ মাজত সৃষ্টি হৈছিল এক আতংকময় পৰিৱেশ ৷

নগাঁৱত উপস্থিত আই জি পি দেৱজ্যোতি মুখাৰ্জী (ETV Bharat Assam)

লগে লগে নগাঁও আৰক্ষীয়ে বোমা বিশেষজ্ঞৰ সহায়ত আলফা স্বাধীনে বিবৃতিটোত উল্লেখ কৰা স্থান নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ সমীপৰ পৰা এটা বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে সেয়া বোমা নহয় বুলি দাবী কৰিছিল নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷ একেদৰে বিবৃতিটোত উল্লেখ কৰা আন এটা স্থান নগাঁও মেডিকেল কলেজ ৰোডৰ আদিত্য হাস্পতালৰ সমীপতো শুকুৰবাৰে নিশা পৰ্যন্ত বোমাৰ সন্ধানত অভিযান চলাইছিল যদিও এই স্থানৰ পৰা বোমা অথবা বোমাসদৃশ আন কোনো সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীৰ এক সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷

নগাঁও তথা ৰাজ্যৰ আন প্ৰান্তত বোমা সংস্থাপন কৰাৰ খবৰে তোলপাৰ লগোৱাৰ সময়তে শুকুৰবাৰে নগাঁৱৰ ধিঙত উপস্থিত হয় অসম আৰক্ষীৰ মহা-পৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী ৷ শুকুৰবাৰে নগাঁৱৰ ধিং, বটদ্ৰৱা আদি আৰক্ষী থানাত কেবাগৰাকী প্ৰাক্তন আলফাক বোমা সংস্থাপন সন্দৰ্ভত সোধা-পোচা কৰাৰ এক খবৰ ওলোৱাৰ সময়তেই বিয়লি ধিং আৰক্ষী থানাত উপস্থিত হয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকী ৷ ধিং আৰক্ষী থানাত আই জি পি দেৱজ্যোতি মুখাৰ্জীয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক, ধিং আৰক্ষীৰ সৈতে এক আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে যদিও কি বিষয়ত আলোচনা কৰে সেয়া সংবাদ মাধ্যমক অৱগত নকৰিলে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী আৱাসৰ পিছফালেই উদ্ধাৰ আলফা (স্বাধীন)ই স্থাপন কৰা বোমা - ULFA I BOMB PLANS

ইফালে বোমা সংস্থাপন আৰু প্ৰাক্তন আলফাক সোধা-পোচা কৰা সন্দৰ্ভতো কোনো স্পষ্ট মন্তব্য নকৰিলে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ৷ ইয়াৰ বিপৰীতে বিভাগীয় পৰিদৰ্শনৰ বাবেহে ধিং আৰক্ষী থানাত উপস্থিত হোৱা বুলি উল্লেখ কৰে আই জি পি দেৱজ্যোতি মুখাৰ্জীয়ে ৷

লগতে পঢ়ক : আৰক্ষীয়ে দুদিন চলাথ কৰিও উলিয়াব পৰা নাই তৃতীয়টো বোমা: নাবালকক আটক - ULFA I Bomb Plans

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.