ETV Bharat / state

যোৰহাটত ২৮ টা কেন্দ্ৰত অৱৰ্তীণ হ'ব ১১,৫৪১গৰাকী পৰীক্ষাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 5:23 PM IST

Assam HSLC Exam 2024 : যোৰহাট জিলাত 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২৮ টা কেন্দ্ৰত অৱৰ্তীণ হ'ব ১১,৫৪১ গৰাকী পৰীক্ষাৰ্থী ৷ কেন্দ্ৰ সমূহত ব্যৱস্থা কৰা হৈছে কটকটীয়া নিৰাপত্তা ৷

Assam HSLC Exam 2024
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ
যোৰহাটত ২৮ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

যোৰহাট, 15 ফেব্ৰুৱাৰী : 16 ফেব্ৰুৱাৰী, শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি অনুষ্ঠিত হ'ব 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ইতিমধ্য হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ৰাজ্যখনৰ জিলাই জিলাই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে শিক্ষা বিভাগে ৷ ৰাজ্যৰ আন আন জিলাৰ লগতে যোৰহাটতো শিক্ষা বিভাগে সম্পূৰ্ণ কৰি তুলিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি ৷ সুকলমে এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসনল ৷

ইফালে যোৰহাট জিলা বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক শুভলক্ষ্মী ৰাজকুমাৰীয়ে জানিবলৈ দিয়া অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে যোৰহাট জিলাত 28 টা পৰীক্ষা কেন্দ্ৰ সাজু কৰি তোলা হৈছে ৷ এই 28 টা পৰীক্ষা কেন্দ্ৰত জিলাখনৰ মুঠ 11,541 গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ’ব ৷ ইয়াৰে 5,595 গৰাকী ছাত্ৰ আৰু 5,946 গৰাকী ছাত্ৰী ৷ পৰীক্ষা কেন্দ্ৰৰ বাহিৰে-ভিতৰে চি চি টি ভি সংস্থাপন কৰা হৈছে বুলিও জানিবলৈ দিয়ে শিক্ষা বিষয়াগৰাকীয়ে ৷ মূলতঃ অসৎ উপায় ৰোধৰ বাবে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

এই পৰীক্ষাত বিভাগীয় বিষয়া নিয়োগ কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰলৈ উত্তৰ বহী অনা আৰু খোলাৰ সময়ত বহু নতুন নিয়ম সনিবিষ্ট কৰা হৈছে ৷ উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অ এম আৰ (OMR Sheet) শ্বীট ব্যৱহাৰ কৰা হৈছে ৷ অ এম আৰ শ্বীট পূৰ কৰাৰ বাবে পৰীক্ষাৰ্থীক নিৰ্দিষ্ট সময় দিয়া হৈছে ৷ পৰীক্ষাৰ্থী সকলক সজাগ কৰাৰ বাবে আৰু পৰীক্ষা কেন্দ্ৰ কি কি নিব পাৰিব লগতে অসৎ উপায় অৱলম্বন কৰিলে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সকলো কথা আৰু বিষয় সামৰি পৰীক্ষা কেন্দ্ৰৰ সন্মুখত হৰ্ডিং লগোৱা হ’ব বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ৷

আনহাতে পৰীক্ষা কেন্দ্ৰ সমূহত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ উল্লেখ্য যে, পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে পৰীক্ষাৰ প্ৰৱেশ পত্ৰত অ এম আৰ শ্বীট কেনেদৰে পূৰণ কৰিব লাগিব সেয়া সনিবিষ্ট কৰা হৈছে ৷

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.