ETV Bharat / state

দীপাৱলীৰ বাবে আৰু চিন্তাৰ প্ৰয়োজন নাই; ২৮ অক্টোবৰত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা - DIWALI 2024

Diwali gift : ভাল খবৰ ৷ দীপাৱলীৰ বাবে ২৮ অক্টোবৰতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব দৰমহা ৷

Assam Govt to disburse salaries of State Govt employees from 28th October announces Assam CM
দীপাৱলী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 1:53 PM IST

গুৱাহাটী : অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ । অসম চৰকাৰে দীপাৱলী উদযাপনৰ বাবে কৰ্মচাৰীসকলৰ অক্টোবৰ মাহৰ দৰমহা ২৮ অক্টোবৰৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আজি সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে যাতে সুন্দৰভাৱে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, ৩১ অক্টোবৰত পোহৰৰ উৎসৱ দীপাৱলী ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হ'ব । ইতিমধ্যে কালী পূজা আৰু দিপাৱলীক কেন্দ্ৰ কৰি ৰাজ্যজুৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । এই আনন্দ-উৎসৱ উদযাপন কৰাৰ বাবে অসম চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহা আগতীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে ।

আনহাতে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বাচনো বৃদ্ধি পাব । অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামজিক মাধ্যমযোগে এই কথা সদৰী কৰিছিল । দীপাৱলীৰ প্ৰাকঃক্ষণত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল । তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰো মৰগীয়া বানচ বৃদ্ধি কৰাৰ কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Assam Govt to disburse salaries of State Govt employees from 28th October announces Assam CM
দীপাৱলী (ETV Bharat)
লগতে পঢ়ক : ভাল খবৰ … দেৱালীৰ পূৰ্বে বৃদ্ধি হ’ব পাৰে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা!

সেইদৰে মাতৃ-পিতৃক সময় দিয়াৰ বাবে অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলে নবেম্বৰ মাহতে লাভ কৰিব বিশেষ ছুটী । ২০২১ বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা এই বিশেষ ছুটিৰ ব্যৱস্থা ৰাজ্য চৰকাৰে এই বছৰো কৰিছে । ‘‘মাতৃ-পিতৃ বন্দনা’’ শীৰ্ষক এই আঁচনিৰ যোগেদি ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰি আহিছে বিশেষ নৈমিত্তিক ছুটী ।

২৮ অক্টোবৰত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা (ETV Bharat)

চলিত বৰ্ষটো ৰাজ্য চৰকাৰে এই বিশেষ ছুটিৰ ব্যৱস্থা কৰিছে । এই বছৰ ৬ আৰু ৮ নবেম্বৰত ৰাজ্যিক কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । লক্ষণীয় বিষয় যে এই বিশেষ দুটা দিনৰ ছুটীৰ উপৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে তিনিটাকৈ স্বাভাৱিক ছুটি লাভ কৰিব ।

৭ নবেম্বৰত ষঠ পূজাৰ বন্ধ । আনহাতে ৯ নবেম্বৰ দ্বিতীয় শনিবাৰ আৰু ১০ নবেম্বৰ দেওবাৰ । অৰ্থাৎ লগতে তিনিদিনৰ স্বাভাৱিক বন্ধ । মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে এই বন্ধ মিলাই একেলেথাৰিয়ে পাঁচদিনৰ বন্ধৰ সুবিধা লাভ কৰিব ।

লগতে পঢ়ক : কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দেৱালীৰ উপহাৰ… 3 শতাংশ বাঢ়িল মৰগীয়া বানচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.