ETV Bharat / state

ঐতিহাসিক পথৰুঘাটক বিশ্ব দৰবাৰত তুলিবলৈ নিজাকৈ পদক্ষেপ ল’ব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই - Assam Governor in Pathrughat

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 3:49 PM IST

Assam Governor in Sipajhar : অসমৰ ৰাজ্যপাল হিচাপে শনিবাৰে প্ৰথমবাৰৰ বাবে ছিপাঝাৰৰ ঐতিহাসিক পথৰুঘাট ভ্ৰমণ কৰে লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷ কৃষক শ্বহীদৰ বলিদানৰ কথা সোঁৱৰণ কৰি ৰাজ্যপালগৰাকীয়ে এই স্থানক উল্লেখযোগ্য স্থান হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব বুলি মন্তব্য কৰে ৷

Assam Governor in Pathrughat
ছিপাঝাৰত ৰাজ্যপালৰ প্ৰথম ভ্ৰমণ (ETV Bharat Assam)

মঙলদৈ, ১৭ আগষ্ট : ‘‘প্ৰধানমন্ত্ৰীয়ে কৃষকৰ বাবে বহু কাম কৰিছে ৷ তেওঁ কৃষকক যথেষ্ট সন্মানো কৰে । এই ত্যাগক অথ’লে যাব দিব নোৱাৰি ৷ বিশ্ব দৰবাৰত ইয়াক তুলি নিবলৈ মই সম্পূৰ্ণ চেষ্টা কৰিম ।’’ ঐতিহাসিক ছিপাঝাৰৰ পথৰুঘাটৰ কৃষক শ্বহীদ বাকৰিত শনিবাৰে উপস্থিত হৈ এই মন্তব্য কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷

উল্লেখ্য যে, শনিবাৰে ছিপাঝাৰত প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই । তেওঁ দিনৰ প্ৰায় ১০:৩০ বজাত পথৰুঘাট পৰিদৰ্শন বঙলাত দৰং জিলা প্ৰশাসনৰ গাৰ্ড অৱ অ'নাৰ গ্ৰহণ কৰে ৷ তাৰ পিছতে ইতিহাস প্ৰসিদ্ধ পথৰুঘাটৰ কৃষক শ্বহীদৰ স্মৃতি স্তম্ভত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ লগতে তেওঁ শ্বহীদৰ নামত এটি গছপুলি ৰোপণ কৰে ।

১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাটত স্থানীয় খেতিয়কসকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলীচালনা কৰিছিল ৷ ফলত বহু কৃষক শ্বহীদ হৈছিল ৷

সেই ঠাইডোখৰ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মিলনভূমি । কিন্তু আজিও পথৰুঘাটে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পোৱা নাই । কৃষক বিদ্ৰোহৰ বিষয়ে ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰাৰ লগতে কৃষক শ্বহীদ বাকৰিৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ।

লগতে পঢ়ক : ৰকিবুল-পুত্ৰৰ বিৰুদ্ধে বহু কংগ্রেছীয়েও বিচাৰিছে শক্তিশালী প্ৰাৰ্থী; এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলাম - Assam bye elections

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবাদ মাধ্যমৰ আগত কয়, ‘‘বহু লোকৰ বলিদানৰ পিছতো দেশ তথা ৰাজ্যৰ কৃষকে উপযুক্ত মৰ্যাদা নাপালে । সেয়ে মই ৰাজ্যপাল হিচাপে এই পবিত্ৰ ক্ষেত্ৰৰ পৰাই প্ৰথম ভ্ৰমণ কৰিছো । এই পবিত্ৰ ভূমিৰ মাটিৰে কপালত ফোঁট লৈছো, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ৷ ইয়াক কেনেকৈ উল্লেখযোগ্য স্থান হিচাপে গঢ়ি তুলিব পাৰি তাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰিম ।’’

লগতে পঢ়ক : সপোনৰ ঘৰখন বালি-পলসৰ তলত; জোনাইৰ এখন গাঁৱৰ ৫০ টা পৰিয়ালৰ হিয়াভগা বিননি - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.