ETV Bharat / state

বলিয়া বানৰ ভয়ংকৰ ৰূপ : তিনি হাজাৰ কোটিৰো অধিক আন্তঃগাঁথনি ক্ষতিৰ আশংকা - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 8:47 PM IST

Assam flood crisis : কালৰূপ লোৱা বানে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ধন-জনৰ বিস্তৰ ক্ষতিসাধন কৰিছে ৷ বানত ৰাজ্যৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে ৷ শেহতীয়া বানত ৰাজ্যৰ প্ৰায় 3,000 কোটি টকাৰো অধিক পৰিমাণৰ আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ আশংকা কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ৷

Assam flood crisis
ধন-জনৰ বিস্তৰ ক্ষতিসাধন (ETV BHARAT ASSAM)

গুৱাহাটী, 5 জুলাই : বিগত তিনিবছৰৰ ভিতৰত এইবাৰ বানত এতিয়ালৈকে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যবাসী ৷ অৰুণাচল, ভূটানত নদীবান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত চলিত বছৰৰ দ্বিতীয়টো বানে প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যত ৷ চলিত বছৰৰ বানত এতিয়ালৈক 52 জনৰ মৃত্যু হৈছে ৷ লক্ষাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে; লক্ষাধিক পশুধন ক্ষতিগ্ৰস্ত হৈছে ৷ ঘৰ-বাৰীৰ পৰা আৰম্ভ কৰি কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে বলিয়া বানত ৷ লগতে বানত ৰাজ্যৰ আন্ত গাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে ৷ ইয়াৰ ফলত বিভিন্ন জিলাত আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণত ৰাজ্য চৰকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷

মুখ্যমন্ত্ৰীয়ে 'এক্স' ত দিয়া তথ্য মতে, 4 জুলাই পর্যন্ত বানত ৰাজ্যৰ 922 টা পথৰ বিস্তৰ ক্ষতি হৈছে ৷ বানে ঠায়ে ঠায়ে পথৰ অংশ খহাই নিছে ৷ বানৰ ফলত 40 টা স্থানত মথাউৰিৰ অংশ ছিগাৰ লগতে 60 টা মথাউৰিৰ ক্ষতিসাধন হৈছে ৷ তদুপৰি বানৰ ফলত 52 খন দলঙৰ ক্ষতি হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সদৰী কৰা এই তথ্য দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে ৷ তদুপৰি চৰকাৰী বিদ্যালয়, পানী যোগান প্ৰকল্প, চৰকাৰী কাৰ্যালয় আদিৰ ক্ষতিৰ হিচাপো আৰম্ভ কৰিবলৈ লোৱা হৈছে ৷

মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য মতে, বঙাইগাঁও জিলাৰ 17 টা, চৰাইদেউ জিলাৰ 15 টা, ধেমাজি জিলাৰ দুটা, ধুবুৰীৰ 16 টা, ডিব্ৰুগড়ৰ 3 টা, গোলাঘাটৰ 4 টা, যোৰহাটৰ 8 টা, কৰিমগঞ্জ জিলাৰ 4 টা, লখিমপুৰৰ 2 টা, মাজুলীৰ 2 টা, মৰিগাঁৱৰ 15 টা, নগাঁৱৰ 2 টা, শিৱসাগৰৰ 6 টা, শোণিতপুৰৰ 1 টা পথ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে ৰাজ্যিক দুৰ্যোগ প্ৰশমন কর্তৃপক্ষই শেহতীয়াকৈ দিয়া তথ্য মতে, বানত বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন ঠাইত নতুনকৈ 145 টা পথ ক্ষতিগ্ৰস্ত হৈছে, দুখন দলং খহি গৈছে, 13 টা মথাউৰি ছিঙিছে ৷ তথ্য মতে,‌ ধুবুৰী জিলাত 49 টা , ধেমাজি জিলাত 10 টা , গোলাঘাট জিলাত 20 টা, কামৰূপ জিলাত 10 টা, কৰিমগঞ্জ জিলাত 10 টা, মৰিগাঁও জিলাত‌ 10 টা , লখিমপুৰ জিলাত 8 টা, হোজাই জিলাত 7 টা আৰু গোৱালপাৰা জিলাত 6 টা পথ বানত খহি গৈছে ৷

লগতে পঢ়ক : এফালে বানত বিধ্বস্ত খেতি-পথাৰ আনফালে পানীৰ বাবে হাহাকাৰ কৃষকৰ - Lack of water

ইফালে বৃহস্পতিবাৰৰ দিনটোত কাছাৰ জিলাত 11 টা , ডিব্ৰুগড় আৰু কৰিমগঞ্জত এটাকৈ মথাউৰি খহি গৈছে ৷ আনহাতে শেহতীয়া বানত ৰাজ্যৰ প্ৰায় 3,000 কোটি টকাৰো অধিক পৰিমাণৰ আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ আশংকা কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন কর্তৃপক্ষই ৷ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে অহা এমাহৰ ভিতৰত এই সম্পৰ্কত সঠিক বিশ্লেষণ কৰিব যদিও এইবাৰৰ বাবে ৰাজ্যৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি কৰাৰ এনে পূৰ্বানুমান চৰকাৰৰ লগতে দু্ৰ্যোগ প্ৰশমন কর্তৃপক্ষই কৰা বুলি জানিব পৰা গৈছে ৷ লক্ষণীয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে সন্ধিয়া বান পৰিস্থিতি সম্পৰ্কত বিভিন্ন জিলাৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠকত মিলিত হৈছিল ৷ এই বৈঠকতে বানত ক্ষতিগ্ৰস্ত হোৱা পথ, দলং, মথাউৰি আদিৰ তথ্য বিশ্লেষণ কৰি আন্তঃগাঁথনিৰ ক্ষতি প্ৰায় 3,000 কোটি টকা হোৱাৰ সম্ভাৱনা থকা বুলি পূৰ্বানুমান কৰা হৈছে ৷

মন কৰিবলগীয়া যে অসম চৰকাৰে বানত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰৰপৰা সাহায্য বিচাৰিলেও কেন্দ্ৰীয় চৰকাৰে বিচৰা ধৰণে সাহায্য দিয়াৰ উদাহৰণ নাই ৷ এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ ঋণ লৈ নে সামগ্ৰীৰ ওপৰত অধিক কৰ-কাটল লগাই প্ৰয়োজনীয় পুঁজি সংগ্ৰহ কৰি বানত ক্ষতিৰ সমস্যা সমাধান কৰিব সেয়া‌ সময়হে ক'ব ৷

লগতে পঢ়ক : বান সাহাৰ্যৰ নামত কেন্দ্ৰৰ প্ৰতাৰণা : পাঁচ বছৰত ক্ষতিপূৰণ হিচাপে বিচৰা ১০৭৮৫ কোটি টকাৰ বিপৰীতে কিমান পালে অসমে ? - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.