ETV Bharat / state

ৰাস্তা বন্ধ কৰি বেৰিকেড দি জনতাক অসুবিধা নিদিব : জিলা আয়ুক্তসকললৈ আহ্বান মুখ্যমন্ত্ৰীৰ - Assam CM urges DCs

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 10:05 AM IST

Assam CM Himanta Biswa Sarma : এখন গাড়ী কৰিব নোৱাৰি, কিন্তু এজন মুখ্যমন্ত্ৰীৰ লগত বহু গাড়ীৰ প্ৰয়োজন নাই ৷ আনকি সাধাৰণ জনতাৰ কোনো অসুবিধা হোৱাকৈ যাতে কোনো ৰাস্তা বন্ধ কৰা নহয় ৷ জিলা আয়ুক্তসকললৈ এই আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Assam CM Himanta Biswa Sarma
জিলা আয়ুক্তসকললৈ আহ্বান মুখ্যমন্ত্ৰীৰ (Himanta Biswa Sarma,s FB page)

গুৱাহাটী, ৩০ জুলাই : ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে নিশা প্ৰায় ১২ বজালৈকে হোৱা সন্মিলনৰ পাচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া । জিলা আয়ুক্তৰে হোৱা সন্মিলনৰ পাচত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কেতবোৰ মন্তব্য কৰে ৷

  • জিলা আয়ুক্তৰে সন্মিলন :

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আজি জিলা আয়ুক্তৰে সন্মিলন হৈ গ'ল । নিশা ১২ বজালৈকে প্ৰায় ১৩ ঘণ্টা সন্মিলন চলিল । আজিও নিশা ১২-১ বজালৈ সন্মিলন চলিব । ইয়াৰ মাজতে ৰাজ্যপালৰ শপত গ্ৰহণ অনুষ্ঠানত থাকিম । প্ৰতি ছয়মাহৰ অন্তৰে অন্তৰে জিলা আয়ুক্তৰ অনুষ্ঠিত কৰা হয় । চৰকাৰী আঁচনিসমূহ কিদৰে অতি ভালদৰে ৰূপায়ন কৰা সন্দৰ্ভত আলোচনা কৰা হয় ।

তেওঁ কয়, ‘‘লগতে নতুন আঁচনিসমূহ ৰূপায়ণৰ পৰিকল্পনা সম্পৰ্কেও আলোচনা কৰা হয় । এইবাৰ লখিমপুৰত কৰাৰ কথা আছিল যদিও বানপানীৰ বাবে গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে ।’’

লগতে পঢ়ক : চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ - Assam Government

  • খাদ্যৰ ব্যৱস্থা :

সন্মিলনত জিলা আয়ুক্তসকলক দিয়া পৰামৰ্শ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী নাইবা মন্ত্ৰীসকল গ'লে জিলা আয়ুক্তসকলে ভালৰো ভাল খাদ্যৰ ব্যৱস্থা কৰে । এইটো হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী থকা দিনৰ পৰাই প্ৰত্যক্ষ কৰি আহিছো । কিন্তু মই নিজে মুখ্যমন্ত্ৰী হোৱাৰ পাচত অনুভৱ কৰিছো যে এজন ব্যক্তিৰ বাবে ইমান আয়োজনৰ প্ৰয়োজন নাই । যাৰ বাবে মই কৰোবালৈ গ'লে মোৰ খাদ্য সাধাৰণ নিৰামিষ আহাৰ হ'ব লাগে বুলি নিৰ্দেশনা দিয়া হৈছে । কিবা খাব মন গলে দলীয় কাৰ্যকৰ্তা নাইবা মন্ত্ৰীৰ ঘৰত গৈ খাই আহিম । কিন্তু চৰকাৰী ব্যৱস্থাটো সাধাৰণ নিৰামিষ হ'ব লাগে ।’’

তেওঁ কয়, ‘‘নিৰ্দেশ দিয়াৰ পাচতো জিলা আয়ুক্তসকলে কেতিয়াবা কেতিয়াবা অলপ ডাঙৰকৈ আয়োজন কৰে । আজি জিলা আয়ুক্ত সকলক কোৱা হৈছে যে মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে কেতিয়াও ডাঙৰকৈ খোৱাৰ ব্যৱস্থা নকৰিব । চৰকাৰী অনুষ্ঠানত নিৰামিষ খাদ্যৰ বাহিৰে আন কোনো ব্যৱস্থা নকৰিব । কেৱল বাহিৰৰ পৰা কোনোবা অতিথি আহিলে ভালদৰে আপ্যায়নৰ ব্যৱস্থা কৰিব ।’’

  • মুখ্যমন্ত্ৰীৰ গাড়ীৰ সংখ্যা :

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘আগতে একোজন মুখ্যমন্ত্ৰীৰ লগত ২৮ ৰ পৰা ৩২ খন গাড়ী গৈছিল । মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত নিৰ্দেশ দিছিলো যে গুৱাহাটীত মোৰ গাড়ীৰ সংখ্যা ১২ খনৰ বেছি হ'ব নালাগে । সেই সংখ্যাও লাহে লাহে কমাই ৭-৮ খন কৰা হৈছে । অৱশ্যে মই চেষ্টা কৰিলেও কিছুমান কাম কৰিব নোৱাৰো । এখন গাড়ী কৰিব নোৱাৰো ।’’

তেওঁ কয়, ‘‘গুৱাহাটীত ঠিকে আছে যদিও জিলাসমূহলৈ গ'লে গাড়ীৰ সংখ্যা ২২ ৰ পৰা ২৫ খনলৈ বৃদ্ধি পায় । যাৰ বাবে জিলা আয়ুক্তসকলক কোৱা হৈছে যে মই য’তেই নাযাও কিয় মোৰ কনভয়ত ১০-১২ খনৰ বেছি গাড়ী যাতে নাথাকে ।’’

তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীৰ ওচৰলৈ কোনো আহিব নোৱাৰাকৈ ডাঙৰ ডাঙৰকৈ বাঁহৰ বেৰিকেড দিয়াৰ ব্যৱস্থাটো নকৰাৰ বাবে জিলা আয়ুক্ত সকলক কোৱা হৈছে । মোৰ ভ্ৰমণৰ সময়ত যাতে কোনো ৰাস্তা বন্ধ কৰা নহয় তাৰে বাবে কোৱা হৈছে । সাধাৰণ জনতাৰ কোনো অসুবিধা হ'ব নালাগে । আমি সাধাৰণ আৰু সাত্ত্বিক জীৱন যাপনৰ প্ৰচেষ্টা কৰিব লাগে ।’’

লগতে পঢ়ক : চৰাইদেউৰ কৃতিত্ব কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নহয় : তথ্যসহ দাবী কৰিলে দেৱব্ৰত শইকীয়াই - UNESCO world heritage site

  • নতুন দিল্লীত তিনি দিন নীতি আয়োগৰ বৈঠক :

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বিজেপি শাসিত মুখ্যমন্ত্ৰীসকলৰে হোৱা বৈঠকত মই অসম চৰকাৰৰ বিভিন্ন দিশ উল্লেখ কৰিছিলো । কোনো ধৰণৰ গোচৰ-আপত্তি নোহোৱাকৈ এক লাখ নিযুক্তিৰ বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষন কৰিছিল । সেই বিষয়ে এটা দীঘলীয়া প্ৰেজেনটেচন দিয়া হৈছিল । সকলোৱে অসমৰ স্বচ্ছ নিযুক্তিৰ ব্যৱস্থাটোক আদৰণি জনাইছিল ।’’

  • বসুন্ধৰা-৩ :

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘২ অক্টোবৰৰ পৰা বসুন্ধৰা-৩ আৰম্ভ কৰিম । নবেম্বৰ-ডিচেম্বৰত বাল্য বিবাহৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ হ'ব । ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব । মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰম্ভ হ'ব । বহু হিতাধিকাৰীলৈ অৰুণোদয়-৩.০ আঁচনিখন সম্প্ৰসাৰণ কৰা হ'ব ।’’

তেওঁ কয়, ‘‘অসমৰ ১২৬ টা সমষ্টি একোটাকৈ মহকুমা নাইবা উপ জিলা আমি গঠন কৰিব বিচাৰিছো । প্ৰথম বেটচটো ২ অক্টোবৰৰ পৰা আৰম্ভ কৰিম । সেই সম্পৰ্কে জিলা আয়ুক্তৰ সন্মিলনত আলোচনা কৰা হৈছে । ৫০ হাজাৰ নিযুক্তি দিয়া হ'ব । একোটা পৰীক্ষাত ১২-১৩ লাখ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব । জিলা আয়ুক্ত সকলে সুচাৰুৰূপে পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব ।’’

লগতে পঢ়ক : মিছন বসুন্ধৰা, ভূমিপট্টাৰ বাবে কৰা আবেদনৰ ৯৭ শতাংশই নহ'ল বিবেচিত - Mission Basundhara Assam

  • পৰ্যটন উদ্যোগ :

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘অসমত বহু পৰ্যটন ক্ষেত্ৰ আছে যদিও সেই স্থানসমূহত হোটেল আদিৰ ব্যৱস্থা নথকা বাবে পৰ্যটন উদ্যোগটো বঢ়াব পৰা নাই । পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ সেই স্থানসমূহত হোম ইষ্টেৰ এটা ডাঙৰ আন্দোলন আৰম্ভ কৰিব খুজিছো । হোম ইষ্টে হ'লে বহু পৰ্যটকক আনিব পৰা যাব । এই সন্দৰ্ভত এটা ডাঙৰ আঁচনি এই বছৰ আৰম্ভ কৰা হ'ব ।’’

  • প্ৰধানমন্ত্ৰীৰ মন কি বাত :

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে এনেদৰে অসমৰ ঐতিহ্যৰ বিষয়ে ইমান সুন্দৰকৈ কোৱা মই কেতিয়াও শুনা নাই । মৈদামৰ স্বীকৃতিৰ পাচত দুই-এজনে ক্ৰেডিটৰ কথা ওলাইছে । ক্ৰেডিট কাকো নালাগে । কোনোবাই কৈছে আমাৰ দিনতে আৰম্ভ হৈছিল । অসমৰ নাম আগবাঢ়িব লাগে ।’’

তেওঁ কয়, ‘‘আমি আজি আছো আৰু কাইলৈ নোহোৱা হৈ যাম । মোৰ মাতৃভূমি অসমখন সদায় থাকিব । চৰাইদেউ মৈদাম হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয় । চৰাইদেউ মৈদাম অসমবাসীৰ কৃতিত্ব । অসমত কিছুমান মানুহ আছে কৃতিত্বকলৈ নতুন বুৰঞ্জী আৰম্ভ কৰে । ৩ তাৰিখে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ভূমিপূজন আৰু নিৰ্মাণৰ কাম আৰম্ভ হ'ব ।’’

তেওঁ কয়, ‘‘এটা ছেমি কণ্ডাক্টৰ উদ্যোগে অসমৰ অৰ্থনৈতিক ইতিহাস সম্পূৰ্ণ সলনি কৰি দিব । দহ বছৰ পাচত মই নকও যে এই উদ্যোগটো মই আনিছিলো । ক্ৰেডিট মোৰ নহয় । কৃতিত্ব অসমবাসীৰ আৰু তাৰ মাজত ময়ো এজন ।’’

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ 'মন কি বাত'ত চৰাইদেউ মৈদামৰ প্ৰসংগ - Mann Ki Baat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.