ETV Bharat / state

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনকে ধৰি একাধিক কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - CM HIMANTA VISITS DELHI

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 7:57 PM IST

Assam CM in Delhi : বাজেট দাখিলৰ এদিন পিচতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিত্তমন্ত্ৰীৰ সৈতে হোৱা এই সাক্ষাৎকালত বাজেটৰ লগতে অন্যান্য বহুকেইটা গুৰুত্বপূর্ণ বিষয়ৰো এক ফলপ্ৰসূ আলোচনা কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে ৷

ASSAM CM in Delhi
দিল্লীত অসমৰ মুখ্যমন্ত্ৰী (Assam CM X Account)

গুৱাহাটী, 24 জুলাই : লোকসভাত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিলৰ এদিন পিচতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক বুধবাৰে নতুন দিল্লীত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি মঙলবাৰে আগবঢ়োৱা বাজেটক ‘বিকশিত ভাৰতৰ বাজেট’ আখ্যা দি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক আন্তৰিক শলাগ জ্ঞাপন কৰে ৷

কি আলোচনা কৰিলে বিত্তমন্ত্ৰীৰে ?

বিত্তমন্ত্ৰীৰ সৈতে হোৱা এই সাক্ষাৎকালত বাজেটৰ লগতে অন্যান্য বহুকেইটা গুৰুত্বপূর্ণ বিষয়ৰো এক ফলপ্ৰসূ আলোচনা কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় —1) বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আশ্বস্ত কৰিছে যে কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা ধৰণে এক বান স্থিতিস্থাপক সবল অৰ্থনীতি গঢ়ি তোলাৰ অৰ্থে সকলো সহায়-সহযোগিতা অসমলৈ আগবঢ়োৱা হ'ব ৷ 2) এম এছ এম ই, দক্ষতা আৰু ডিজিটেল অৰ্থনীতিৰ লগত জড়িত বিস্তৃত বিষয় বাজেটত ঘোষণা কৰাৰ বাবে অসম যথেষ্ট উপকৃত হ'ব ৷ ৰাজ্যৰ পৰা অহা এনে সকলো প্ৰস্তাৱ যথাযথভাৱে খৰতকীয়া কৰা হ’ব বুলিও বিত্তমন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰে ৷ 3) মূলধনী ব্যয়ৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনিৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰি এই আঁচনিখন আৰু অধিক শক্তিশালী কৰাৰ বাবে বিত্তমন্ত্ৰীলৈ সৌজন্যতামূলক পৰামৰ্শ আগবঢ়ায় ৷ 4) ৰাজ্যৰ হাইড্ৰ’কাৰ্বন উদ্যোগৰ পৰা ৰয়েল্টি সম্পৰ্কীয় সকলো বিষয় সোনকালে নিষ্পত্তি হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক আশ্বাস প্ৰদান কৰে ৷ 5) অসমৰ ৰাসায়নিক আৰু হাইড্ৰ'কাৰ্বন উদ্যোগৰ ক্ষমতা বিকাশৰ ক্ষেত্ৰতো বিত্তমন্ত্ৰীলৈ প্ৰস্তাৱ আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিত্তমন্ত্ৰীয়ে বিষয়টো ইতিবাচকভাৱে বিবেচনা কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰিছে ৷

বিত্তমন্ত্ৰী সীতাৰমণক সাক্ষাৎ কৰাৰ পিচত আজি নতুন দিল্লীত কেন্দ্ৰীয় শক্তি তথা নগৰ উন্নয়ন আৰু হাউচিং পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰকো সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই সাক্ষাৎকালত ৰাজ্যৰ সকলো অঞ্চলতে বিদ্যুতৰ উপলব্ধতা সুনিশ্চিত কৰা তথা গ্ৰাহক, বিতৰক আৰু উৎপাদকসকল উপকৃত হোৱাকৈ শক্তি খণ্ডত বিভিন্ন সংস্কাৰ প্ৰৱৰ্তনৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰি কার্যকৰী কৰা; পৰিৱেশ অনুকূল পদ্ধতিৰে নগৰাঞ্চলত আৰ্দ্ৰভূমিৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণ আদিকে ধৰি কেবাটাও বিষয়ত মন্ত্ৰীজনৰ সৈতে মুখ্যমন্ত্ৰীয়ে এক গঠনমূলক আলোচনা কৰে ৷ তাৰোপৰি এই বৈঠকতে অসমৰ মুখ্যমন্ত্ৰীক গুৱাহাটীৰ সমীপত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ বাবে কৰা প্ৰচেষ্টাক কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰে সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপিন্দৰ যাদৱকো আজি একেদিনাই সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু বনাঞ্চল বৃদ্ধিৰ দিশত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে ৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ লাঘৱ কৰিবলৈ অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা মূল আঁচনিসমূহৰ দ্বাৰা কিদৰে লাভৱান হ’ব পাৰে সেই বিষয়ত আলোচনা কৰে ৷ এই আঁচনিসমূহৰ শলাগ লোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেখেতৰ ফালৰ পৰা সম্ভৱপৰ সকলো সহযোগিতা প্ৰদানৰ আশ্বাস প্ৰদান কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ উল্লেখযোগ্য যে, যোৱা দুদিনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আদিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিকে ধৰি ৰাজ্যখনৰ কেতবোৰ আন গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰিছিল ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিনটোত নতুন দিল্লীত সাক্ষাৎ কৰা চতুৰ্থগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হ’ল ধৰ্মেন্দ্ৰ প্ৰধান ৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীৰ সৈতে এক উৎকৃষ্ট বৈঠক হোৱা বুলি সামাজিক মাধ্যম এক্স-ত উল্লেখ কৰিছে মুখ্য৷মন্ত্ৰী শৰ্মাই । কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অহা শিক্ষাবৰ্ষৰ পৰা IIM-গুৱাহাটীত পাঠ্যক্ৰম আৰম্ভ কৰাৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত সন্মতি দিয়া বুলি জনাইছে । এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।

আনহাতে, ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ বিত্তীয় সাহায্য প্ৰদানৰ কেন্দ্ৰীয় আঁচনি PM-USHA ৰ অধীনত অসমৰ প্ৰতি ভাৰত চৰকাৰৰ সমৰ্থনৰ বিষয়েও
ধৰ্মেন্দ্ৰ প্ৰধানৰ লগত আলোচনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ৷ লগতে, অসমৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সামৰ্থ্য শক্তিশালী কৰাৰ ব্যৱস্থাসমূহ ইতিবাচকভাৱে বিবেচনা কৰিবলৈ সৌজন্যতা প্ৰকাশ কৰে বুলে সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অসমত কাৰিকৰী শিক্ষা বৃদ্ধিৰ উপায় সন্দৰ্ভতো এই বৈঠকত আলোচনা হয় বুলি জানিব পৰা গৈছে । আজিৰ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাচা আৰু দিলীপ কুমাৰ শইকীয়াই ৷

লগতে পঢ়ক : ৰাজ্য এৰি দিল্লীত কিহত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ? - CM HIMANTA VISITS DELHI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.