ETV Bharat / state

২০২১ চনৰ আগৰ আৰু পিচৰ; কিহৰ তুলনা কৰিলে মুখ্যমন্ত্রীয়ে ? - Assam CM on road development

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 7:04 AM IST

CM Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমৰ এটা পোষ্টত ২০২১ চনৰ আগৰ আৰু বৰ্তমানৰ উন্নয়নৰ তুলনা কৰা হৈছে । কিন্তু এই তুলনাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কি বুজাব বিচাৰিছে ? সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা, কোন বেছি সফল ? পোষ্টটোক লৈ এতিয়া চৰ্চাৰ সৃষ্টি হৈছে ।

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত অসমৰ উন্নয়ন হোৱা নাছিল নেকি ? বিশেষকৈ বাট-পথৰ অৱস্থা বেয়া আছিল নেকি ? এই প্ৰশ্নৰ অৱতাৰণা আমি কৰা নাই । এই প্ৰশ্নৰ অৱতাৰণা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ যোগেদি ।

বুধবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ভিডিঅ'সহ এটা পোষ্ট আপলোড কৰে । বৰ্তমান চৰকাৰখনৰ কাজ-কাজৰ এটা স্বৰূপ দেখুৱাই আপলোড কৰা পোষ্টটোৰ যোগেদি ২০২১ চনৰ আগৰ আৰু বৰ্তমানৰ এক তুলনা আগবঢ়োৱা হৈছে । পোষ্টটোত মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে, "২০২১ চনত আমি ৰাইজৰ সেৱাৰ্থে চৰকাৰ গঠনৰ পাচৰে পৰা আমি আমাৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৰাজ্যৰ সকলো অঞ্চলৰ পথসমূহ উন্নত কৰাৰ দিশত কাম কৰি আছোঁ । এই যাত্ৰা আমি ২০২৬ চনলৈ অব্যাহত ৰাখি এই সময়ৰ ভিতৰতে প্ৰতিটো পথ যাতায়াত উপযোগী কৰি তুলিম । আজি আপোনালোকক অসম-নাগালেণ্ড সীমান্তৰ সমীপৰ এসময়ৰ দুৰ্গম উৰিয়ামঘাটৰ ৰূপান্তৰ দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ ৷"

লক্ষণীয়ভাৱে পোষ্টটোৰ লগত সংলগ্ন কৰা ভিডিঅ'টোত অসম-নাগালেণ্ড সীমান্তৰ সমীপৰ উৰিয়ামঘাটৰ ৰাস্তাটো দেখুওৱা হৈছে । এখন স্ক্ৰীণত দুটা ভিডিঅ'ৰ তুলনা কৰা হৈছে । ওপৰৰ ভিডিঅ'টোত ২০২১ চনৰ পূৰ্বৰ ৰাস্তাটো দেখুওৱা হৈছে আৰু তলৰ ভিডিঅ'টোত সেই ৰাস্তাটোৰে বৰ্তমানৰ স্বৰূপটো দেখুওৱা হৈছে ।

২০২১ চনত ৰাস্তাটো আছিল সম্পূৰ্ণৰূপে বিধ্বস্ত আৰু জৰাজীৰ্ণ । বৰ্তমানৰটো সুন্দৰকৈ নিৰ্মাণ কৰা এটা আটকধুনীয়া পথ । ৩১ ছেকেণ্ডৰ ভিডিঅ'টোৰ যোগেদি মুখ্যমন্ত্রীয়ে পূৰ্বৰ চৰকাৰৰ আৰু বৰ্তমান চৰকাৰৰ কাম-কাজৰ এক তুলনামূলক ব্যাখ্যা আগবঢ়াইছে ।

আনহাতে, মুখ্যমন্ত্রীয়ে কৈছে যে ২০২১ চনত চৰকাৰ গঠনৰ পাচৰে পৰা আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৰাজ্যৰ সকলো অঞ্চলৰ পথসমূহ উন্নত কৰাৰ দিশত কাম কৰি থকা হৈছে আৰু এই যাত্ৰা ২০২৬ চনলৈ অব্যাহত থাকিব । এইখিনিতে প্ৰশ্ন হয় যে ২০২১ চনৰ আগত কাৰ চৰকাৰ আছিল আৰু কোন আছিল মুখ্যমন্ত্রী । এই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসমত বিজেপিৰে চৰকাৰ আছিল আৰু মুখ্যমন্ত্রী আছিল সৰ্বানন্দ সোণোৱাল ।

২০২১ চনত দ্বিতীয়বাৰৰ বাবে বিজেপি শাসনলৈ অহাৰ পাচত মুখ্যমন্ত্রীৰ পদত অধিষ্ঠিত হৈছিল হিমন্ত বিশ্ব শৰ্মা । আনহাতে, সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় কেবিনেট মন্ত্রী হিচাপে দিল্লীলৈ যাবলগীয়া হৈছিল । তেনেস্থলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত তুলনা কৰি ভিডিঅ'সহ আপলোড কৰা পোষ্টটোৱে কিহৰ ইংগিত বহন কৰিছে । স্বাভাৱিকতেই মুখ্যমন্ত্রীৰ এই পোষ্টটো ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চিত হৈছে ।

লগতে পঢ়ক :নগাঁৱৰ সভাত কিয় চকু সেমেকিল গৌৰৱ গগৈৰ - Nagaon District Congress
লগতে পঢ়ক :তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অসৎ উপায় ল'লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড, ১০ কোটিলৈকে জৰিমনা - Assam Direct Recruitment Exam 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.