গুৱাহাটী : আগন্তুক ২০২৫ বৰ্ষত কিমানটা চৰকাৰী বন্ধ আছে , এই সন্দৰ্ভত ২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এক অধিসূচনাৰ জৰিয়তে প্ৰকাশ কৰা বন্ধৰ তালিকা অনুসৰি ২০২৫ বৰ্ষটোত চৰকাৰী বন্ধ হ'ব ৩৬ দিন ।
ইয়াৰ ভিতৰত এন আই এক্টৰ অধীনত হোৱা ১৮ টা বন্ধৰ দিনো আছে । আনহাতে সীমিত বন্ধ হ'ব ৩৭ দিন । তদুপৰি ২০২৫ চনৰ ৬ অক্টোবৰৰ লক্ষ্মী পূজাৰ দিনটো অৰ্ধছুটীৰ দিন হিচাপে তালিকাত উল্লেখ কৰা হৈছে ।

৩৬ দিনৰ চৰকাৰী বন্ধসমূহ হৈছে -
- ১৪ আৰু ১৫ জানুৱাৰীত মাঘ বিহু আৰু তুছু পূজা
- ২৩ জানুৱাৰীত নেতাজীৰ জন্মদিন
- ২৬ জানুৱাৰীত গণৰাজ্য দিৱস
- ২৮ জানুৱাৰীত গৌথাৰ বাথৌ চাম
- ৩১ জানুৱাৰীত মে-দাম-মেফি
- ১২ ফেব্ৰুৱাৰীত বীৰ চিলাৰায় দিৱস
- ১৪ মাৰ্চত দৌলযাত্ৰা
- ৩১ মাৰ্চত ঈদ-উল-ফিটৰ
- ১৪, ১৫ আৰু ১৬ এপ্ৰিলত ব'হাগ বিহু
- ১৮ এপ্ৰিলত গুড ফ্ৰাইডে'
- ২১ এপ্ৰিলত সতী সাধনী দিবস
- ২৮ এপ্ৰিলত দামোদৰদেৱৰ তিথি
- ১ মে'ত মে' দিৱস
- ১২ মে'ত বুদ্ধ পূৰ্ণিমা
- ৭ জুনত ঈদ-উজ-জোহা
- ১২ জুনত শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মোৎসৱ
- ১৫ আগষ্টত স্বাধীনতা দিৱস
- ২৫ আগষ্টত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি
- ৩ ছেপ্টেম্বৰত কৰম পূজা
- ১২ ছেপ্টেম্বৰত শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি
- ১৪ ছেপ্টেম্বৰত জন্মাষ্টমী
- ২৯, ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত দুৰ্গা পূজা
- ২ অক্টোবৰত বিজয়া দশমী, শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আৰু মহাত্মা গান্ধীৰ জন্ম দিৱস
- ১৮ অক্টোবৰত কাতি বিহু
- ২০ অক্টোবৰত কালী পূজা আৰু দীপাৱলী
- ২৩ অক্টোবৰত ভাতৃ দ্বিতীয়া
- ২৮ অক্টোবৰত ষট পূজা
- ৫ নৱেম্বৰত গুৰু নানকৰ জন্মদিন
- ২৪ নৱেম্বৰত লাচিত দিৱস
- ২ ডিচেম্বৰত অসম দিৱস (চুকাফা দিৱস) আৰু
- ২৫ ডিচেম্বৰত বৰদিন
আনহাতে, সীমিত বন্ধসমূহ হৈছে -



- ১ জানুৱাৰীত নৱবৰ্ষ দিৱস
- ৫ জানুৱাৰীত ৰংকাৰ কাকীল
- ১৩ জানুৱাৰীত মাঘ বিহুৰ উৰুকা
- ১৭ জানুৱাৰীত শিল্পী দিৱস
- ২৭ জানুৱাৰীত বুচু ডিমা ফেষ্টিভেল
- ১৪ ফেব্ৰুৱাৰীত সব-ই-বাৰাত
- ১৮ ফেব্ৰুৱাৰীত কাৰ্বি দেহাল-কাচিৰ ডাম
- ১৯ ফেব্ৰুৱাৰীত আলি-আয়ে-লৃগাং
- ২৬ ফেব্ৰুৱাৰীত শিৱৰাত্ৰি
- ১০ মাৰ্চত খ্ৰিং খ্ৰিং বাথৌ পূজা
- ২৮ মাৰ্চত লৈলাটুৰ কদৰ
- ১০ এপ্ৰিলত মহাবীৰ জয়ন্তী
- ১৬ এপ্ৰিলত দেউৰী বিহু
- ১৮ এপ্ৰিলত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্মদিন
- ১৯ এপ্ৰিলত ইষ্টাৰ ছেটাৰডে'
- ২ মে'ত গোপালদেৱৰ তিথি
- ১২ মে'ত সতী ৰাধিকা উৎসৱ
- ২৪ মে'ত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ
- ২৬ মে'ত হৰিদেৱৰ তিথি
- ৩ জুনত শ্ৰীশ্ৰী কৃষ্ণগুৰুৰ জন্মদিন
- ১১ জুনত বাইখোৱা উৎসৱ
- ২০ জুনত বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱস
- ৩০ জুনত হল দিৱস
- ১৩ জুলাইত নেপালী কবি ভানুভক্ত আচাৰ্যৰ জন্মদিন
- ১৩ আগষ্টত বীৰ টিকেন্দ্ৰজিতৰ মৃত্যু দিৱস
- ২৮ আগষ্টত নওখাই উৎসৱ
- ৫ ছেপ্টেম্বৰত ফাতেহা-ই-দোৱাজ দহম
- ১৬ ছেপ্টেম্বৰত শ্ৰীশ্ৰীঠাকুৰ অনুকূল চন্দ্ৰৰ জন্মদিন
- ২৩ অক্টোবৰত শ্ৰীশ্ৰীভুবনেশ্বৰ সাধু ঠাকুৰৰ আৱিৰ্ভাৱ তিথি
- ১ নৱেম্বৰত কুকি চাৱাং কুট
- ৭ নৱেম্বৰত বাংগালা উৎসৱ
- ১৯ নৱেম্বৰত বীৰ ৰাঘৱ মৰাণ দিৱস
- ২৪ নৱেম্বৰত গুৰু টেগ বাহাদুৰৰ মৃত্যু দিৱস
- ৩ ডিচেম্বৰত গান নাগৈ
- ৫ ডিচেম্বৰত চিকুপি কৱৈ
- ১০ ডিচেম্বৰত ছহিদ দিৱস আৰু
- ২৪ ডিচেম্বৰত প্ৰাক বৰদিন
ইফালে মিচিং সচেতন সমাজে আলি-আয়ে-লৃগাং উৎসৱৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ দাবী জনালেও এই অধিসূচনাত এই দিনটো ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, চৰাইদেউ আৰু বিশ্বনাথ জিলাতহে সম্পূর্ণ বন্ধ হ'ব বুলি উল্লেখ কৰাৰ লগতে অন্যান্য জিলাত সীমিত বন্ধ হ'ব বুলি কোৱা হৈছে ।



ইফালে মাতৃ-পিতৃ বন্দনা উপলক্ষে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ২০ নৱেম্বৰ আৰু ২১ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটীৰ দিন হ'ব । অৱশ্যে ২২ নৱেম্বৰত চতুর্থ শনিবাৰ বন্ধ, ২৩ নৱেম্বৰত দেওবাৰ আৰু ২৪ নৱেম্বৰত লাচিত দিৱসৰ বন্ধ । এই উপলক্ষে মুঠ ৫ দিন ছুটী লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ।