ETV Bharat / state

গোলাঘাটত অসম সাহিত্য সভাৰ নিজৰ দিন উদযাপন - Rongali Bihu 2024

অসম সাহিত্য সভাৰ তৰফৰ পৰা বিত্তমন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন আৰু বিধায়ক মৃণাল শইকীয়াক ওলগ আৰু সম্বৰ্দ্ধনা ৷ সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগে অসমবাসীক বিহুৰ শুভেচ্ছা জনাই ৷

RONGALI BIHU 2024
অসম সাহিত্য সভাৰ নিজৰ দিন
author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 3:44 PM IST

গোলাঘাটত অসম সাহিত্য সভাৰ নিজৰ দিন উদযাপন

গোলাঘাট, 14 এপ্ৰিল : পহিলা ব’হাগৰ দিনটোত অসম সাহিত্য সভাৰ 'নিজৰ দিন' উদযাপন ৷ ব’হাগৰ প্ৰথম দিনটোত অসম সাহিত্য সভাই পৰা বিত্তমন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন আৰু বিধায়ক মৃণাল শইকীয়াক ওলগ আৰু সম্বৰ্দ্ধনা জনায় ৷ অসম সাহিত্য সভাৰ হৈ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাই তেখেতসকলৰ গোলাঘাটৰ বাসগৃহত ওলগ জনায় ৷

উল্লেখ্য যে অসম সাহিত্য সভাই প্ৰতি বছৰে 1 ব'হাগৰ দিনটো "নিজৰ দিন" হিচাপে উদযাপন কৰি আহিছে আৰু এই দিনটোত সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনাই সেৱা আগবঢ়ায় ৷ এইবাৰ গোলাঘাটত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাসগৃহত উপস্থিত হৈ শৰাই আগবঢ়াই আৰু ফুলাম গামোচা, চেলেং আৰু অসম সাহিত্য সভাৰ ওলগনি পত্ৰ প্ৰদান কৰে ৷ সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগে অসমবাসীক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে অনাগত দিনত সকলোৰে জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰাৰ কামনা কৰে ৷

তাৰ পাচতে গোলাঘাট নগৰস্থিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা উপস্থিত হৈ বিধায়ক গৰাকীক গামোচা, চেলেং আৰু অসম সাহিত্য সভাৰ ওলগনি পত্ৰৰে ৰঙালীৰ শুভেচ্ছা জনায় ৷ বিধায়ক বিশ্বজিৎ ফুকনে সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰি অসমবাসীলৈ বিহুৰ শুভ কামনা জ্ঞাপন কৰে ৷

আনহাতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াকো যোগীবাৰীস্থিত বাসগৃহত গামোচা, চেলেং, সাহিত্য সভাৰ ওলগনি পত্ৰৰে সম্বৰ্ধনা জনায় ৷ ওলগ গ্ৰহণ কৰি বিধায়ক মৃণাল শইকীয়াই সমগ্ৰ অসমবাসীক বিহুৰ শুভেচ্ছা আৰু অভিনন্দন জনায় ৷ এই কাৰ্যসূচীত সাংবাদিক তথা পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰচাৰ বিভাগৰ মুখ্য আহ্বায়ক চন্দন কৰ্মকাৰ, বিষয়ববীয়া সৌভিক বৰা, পংকজ দত্ত আৰু চুমি দত্তই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা: বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ - Rongali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.