ধেমাজি : আজি আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱস । প্ৰতি বছৰে ৯ ডিচেম্বৰৰ দিনটোক আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱস হিচাপে উদযাপন কৰা হয় ৷ এখন গণতান্ত্ৰিক দেশত শিক্ষা, স্বাস্থ্য, উন্নয়নত দুৰ্নীতিয়ে কেনেদৰে প্ৰভাৱ পেলায় সেই সম্পৰ্কে জণগনক সজাগ কৰিবলৈ এই দিৱস উদযাপন কৰি অহা হৈছে ৷ দেশৰ প্ৰগতি, উন্নয়নত দুৰ্নীতিয়ে কেনেদৰে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে সেই সকলো দিশ সামৰি পৰ্যালোচনা কৰা হয় ৷
সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন জিলাতো কিদৰে চৰকাৰী বিভাগসমূহত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু এইবোৰ নিবাৰণৰ ক্ষেত্ৰত চৰকাৰৰ এটা বিভাগ আছে যদিও দুৰ্নীতি এক মহাব্যাধি হিচাপে বিস্তাৰিত হৈছে ।
এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্বল চুতীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱস উপলক্ষে প্ৰথমে সেইসকল ব্যক্তিক শুভেচ্ছা জনাইছো যিসকলৰ চেষ্টাত আজিৰ দিনটোত এই দিৱস উদযাপন কৰা হয় । এতিয়া সমগ্ৰ দেশত দুৰ্নীতি এক মহাব্যাধিলৈ পৰিণত হৈছে । এই দুৰ্নীতিয়ে এখন দেশক বহু পিছুৱাই লৈ যায় ৷ উন্নয়নত হেঙাৰ হিচাপে থিয় দিয়ে ।"
নৱপ্ৰজন্মই সমাজত দুৰ্নীতি প্ৰত্যক্ষ কৰাৰ পিছতো তেওঁলোকো দুৰ্নীতিৰ প্ৰতি উৎসাহিত হোৱা সম্ভাৱনা প্ৰৱল হৈ পৰে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, "দেশ,ৰাজ্য আৰু ধেমাজিৰ দৰে ঠাইতো চৰকাৰে বিভিন্ন বিভাগত দুৰ্নীতি সংঘটিত হৈ থকা দেখিছে যদিও তাক ৰোধ কৰাৰ ক্ষেত্ৰত বিভাগটো ব্যৰ্থ হৈছে । সময়ে সময়ে কিছু পদক্ষেপ গ্ৰহণ কৰে যদিও সমপূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই ৷ সেয়ে এই ব্যাধি ৰোধ কৰাত সমাজৰ সকলোৰে দায়িত্ব আছে ।"