ETV Bharat / state

দুৰ্যোগৰ সময়ত জনপ্ৰতিনিধি ৰাইজৰ কাষত থকাটো প্ৰয়োজন: মহেন্দ্ৰ হাজৰিকা - Assam Flood 2024 - ASSAM FLOOD 2024

Mahendra Hazarika provide flood relief: ডিব্ৰুগড়ৰ দিহিং থান গাঁৱত আৰ্তজনৰ কাষত ঠিয় হ'ল শিল্পী মহেন্দ্ৰ হাজৰিকা । মঙলবাৰে অসম ভীম সেনাই অনুষ্ঠিত কৰা বান সাহাৰ্য শিবিৰত উপস্থিত হৈ শিল্পীগৰাকীয়ে বানাক্ৰান্তৰ অনুৰোধত গীতো পৰিৱেশন কৰে ।

Assam Flood 2024
বন্যাৰ্তৰ কাষত শিল্পী মহেন্দ্ৰ হাজৰিকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 8:36 PM IST

ডিব্ৰুগড়,৩০ জুলাই: ৰাজ্যখনৰ ভিতৰতে ভয়াবহ বানৰ কৱলত পৰিছিল এইবাৰ ডিব্ৰুগড় জিলাখন । বিশেষকৈ নৱগঠিত খোৱাং বিধানসভা সমষ্টিটো কেইবা ঠাইতো মথাউৰি আৰু ৰিং বান্ধ ছিগি যোৱাত বহু গাঁও বানৰ কৱলত পৰিছিল । আজিও বহু অঞ্চলত ৰাইজে মথাউৰিতে আশ্ৰয় গ্ৰহণ কৰি থাকিব লগা হৈছে । চৰকাৰে বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত বান সাহাৰ্য প্ৰদান কৰিবলৈ সক্ষম নহ'লেও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বানাক্ৰান্ত ৰাইজক প্ৰদান কৰিছে বান সাহাৰ্য ।

বন্যাৰ্তৰ কাষত শিল্পী মহেন্দ্ৰ হাজৰিকা (ETV Bharat Assam)

ইয়াৰ মাজতে মঙলবাৰে ডিব্ৰুগড়ত আৰ্তজনৰ কাষত উপস্থিত হয় জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকা । ডিব্ৰুগড়ৰ দিহিং থান গাঁৱত বান-খহনীয়াই সংহাৰী ৰূপ গ্ৰহণ কৰাত অঞ্চলবাসীয়ে হাঁহাকাৰ কৰিবলগীয়া হৈছে । শিল্পীগৰাকীয়ে ৰাইজৰ দুখ-দুৰ্দশাৰ সমভাগী হোৱাৰ লগতে চৰকাৰৰ ভূমিকাক কটু সমালোচনা কৰে । মঙলবাৰে অসম ভীম সেনাই নৈ-পৰীয়া খোৱাং বিধানসভা সমষ্টিৰ দিহিং থান গাঁৱত আয়োজন কৰা বান সাহাৰ্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মহেন্দ্ৰ হাজৰিকাই বানাক্ৰান্তৰ অনুৰোধত গীতো পৰিৱেশন কৰি বানাক্ৰান্ত ৰাইজৰ সৈতে সময়ত অতিবাহিত কৰে ।

অসম ভীম সেনাই অঞ্চলটোত বান শিবিৰ অনুষ্ঠিত কৰি প্ৰায় দুই শতাধিক বানাক্ৰান্ত পৰিয়াললৈ চাউল, দাইলকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী আৰু বস্ত্ৰ বিতৰণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি বানাক্ৰান্ত ৰাইজৰ মাজৰ পৰাই শিল্পী মহেন্দ্ৰ হাজৰিকাই কয়,"চৰকাৰৰ জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত অহাৰ দৰে দুৰ্যোগৰ সময়তো ৰাইজৰ কাষত থকাটো প্ৰয়োজন । নিৰ্বাচনৰ সময়ত যিদৰে ৰাইজৰ ওচৰত সকলো থাকে বিপদৰ সময়তো থাকিব লাগে । সাধাৰণ খাটি খোৱা মানুহৰ দুখ দুৰ্দশাৰ বুজ লোৱাটো জনপ্ৰতিনিধিসকলৰ প্ৰধান কৰ্তব্য ।"

লগতে পঢ়ক: লখিমপুৰত বানাক্ৰান্তক সাহায্য প্ৰদান লায়ন্স ক্লাব-লায়ন্স ক্লাব প্ৰেৰণাৰ - Assam Flood 2024

মানুহে মানুহৰ বাবে... বানপীড়িতৰ বাবে সুৰ বাহিনীৰ সাহাৰ্য সংগ্ৰহ - Assam Flood 2024

চৰ অঞ্চলৰ বন্যাৰ্তক সাহাৰ্য প্ৰদান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.