ETV Bharat / state

দুৰ্যোগ প্ৰশমন মন্ত্ৰীৰ গৃহ সমষ্টিৰ অৱস্থা: পানীৰ সোঁতে উটুৱাই নিলে গুৰুত্বপূৰ্ণ পথৰ কালভাৰ্ট - Artificial Flood

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 8:04 PM IST

Flood hits many paddy fields: খোদ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰীৰ গৃহ সমষ্টিতেই কৃত্ৰিম বানৰ কৱলত পৰি হাহাকাৰ পৰিবেশ ৰাইজৰ ৷ চৰাইদেউৰ মাহমৰাত কৃত্ৰিম বানে উটুৱাই নিলে গড়কাপ্তানী পথৰ কালৰ্ভাট ৷ যাতায়ত ব্যাহত, ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ ৷

Flood hits many paddy fields
চৰাইদেউত কৃত্ৰিম বান (ETV Bharat Assam)

মৰাণ, 12 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ জিলাতো বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ কৃত্ৰিম বান । অস্বাভাৱিকভাৱে হোৱা বৰষুণৰ ফলত উদ্ভৱ হোৱা কৃত্ৰিম বানত বহু অঞ্চলৰ শ শ লোকৰ ঘৰ বুৰ গৈছে । কৃত্ৰিম বানে উটুৱাই নিলে ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনৰ মাহমৰা সমষ্টিৰ এটা অতি ব্যস্ততাপূৰ্ণ গড়কাপ্তানী পথৰ কালৰ্ভাট ।

মাহমৰাত কৃত্ৰিম বানৰ কবলত পৰি হাহাকাৰ কৃষকৰ (ETV Bharat Assam)

সোণাৰি মৰাণ সংযোগী পথৰ শেলাইগুৰীৰ টিপুক জানত থকা বৃহৎ কালৰ্ভাটটো বানৰ তীব্ৰ সোঁতে উটুৱাই লৈ যায় । যাৰ বাবে সম্পূৰ্ণৰূপে যাতায়ত ব্যাহত হৈ পৰে পথটোৰে । ইফালে লোকনিৰ্মাণ বিভাগে পথটোৰে যাতায়ত সূচল কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে কাষতে পৰি থকা বিদ্যুতৰ খুঁটা পাৰি যাতায়ত কৰিব পৰাকৈ ব্যৱস্থা কৰি লৈছে ।

চৰাইদেউ জিলাৰ অতি ব্যস্ততাপূৰ্ণ সোণাৰি-মৰাণ সংযোগী পথৰ কালৰ্ভাট উটুৱাই নিয়াত এক প্ৰকাৰে জনজীৱন ব্যাহত হৈ পৰিছে । ৩২ খন গাঁৱৰ ৰাইজে অহা-যোৱা কৰা একমাত্ৰ পথটোৰ কালৰ্ভাটটো অনতি পলমে নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

উল্লেখ্য যে, দেওবাৰৰ পৰা চৰাইদেউ জিলাখনত কৃত্ৰিম বানে মাহমৰা, কাকতিবাৰী, টিমন, দাধৰাৰ লগতে বহু কেইখন গাঁৱত তাণ্ডৱ সৃষ্টি কৰিছে । সকলো কৃষিভূমি এতিয়া বানৰ কবলত । কৃষিজীৱি ৰাইজে এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে প্লাৱিত অঞ্চসমূহত । পানীৰ পৰিমাণ কমি নাহিলে শ শ বিঘা শালিধানৰ খেতি নষ্ট হোৱাৰ সম্ভাৱনাই দেখা দিছে চৰাইদেউ জিলাত ।

লগতে পঢ়ক: এজাক বৰষুণতে বুৰ গ'ল ঐতিহাসিক চৰাইদেউৰ সদৰ সোণাৰি নগৰ - Artificial flood

নেৰানেপেৰা বৰষুণে বিপৰ্যস্ত কৰিছে জীৱন: জোনাইত বছৰৰ তৃতীয়টো বান - Assam Flood 2024

যানজঁট-কৃত্রিম বানৰ মাজত ধীৰ গতিত মুখ্যমন্ত্রীৰ কনভয় - Guwahati Artificial Floods

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.