ETV Bharat / state

প্ৰসংগ উচ্ছেদ; মুখ্যমন্ত্ৰীক পুনৰ কটাক্ষ ভূপেন কুমাৰ বৰাৰ - Sonapur Eviction

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 8:27 AM IST

Sonapur Eviction : উচ্ছেদ, বেদখল, ট্ৰেডিং আদি কেইবাটাও বিষয়ক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি ল'লে । চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল কৰা বিষয়ত মুখ্যমন্ত্ৰীৰ স্থিতিক লৈও প্ৰশ্ন উত্থাপন কৰে ।

Sonapur Eviction
মুখ্যমন্ত্ৰীক পুনৰ কটাক্ষ ভূপেন কুমাৰ বৰাৰ (ETV Bharat)

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : উচ্ছেদৰ প্ৰসংগত এইবাৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । দেওবাৰে সোণাপুৰৰ কচুতলীৰ উচ্ছেদৰ প্ৰসংগত ভূপেন কুমাৰ বৰাই মুখ্যমন্ত্রীক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

  • অসমৰ ভূমি বেদখল চুবুৰীয়া ৰাজ্যৰ

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীক টাৰ্গেট কৰি ভূপেন বৰাই কয়, "চুবুৰীয়া ৰাজ্য কেইখনে অসমৰ ৮২,৭৫১ হেক্টৰ মাটি বেদখল কৰি থকা বিষয়টোত আপুনি কেতিয়া মন দিব । দিল্লীত বিজেপি চৰকাৰৰ ১০ বছৰ পাৰ হ'ল আৰু অসমত ৮ বছৰ পাৰ হ'ল । আপোনাৰ ধনবল, বাহুবল আছে । বোমাও আছে আপোনাৰ লগত, আপুনি এতিয়া বোমা ফুটাব পৰা হ'ল, বোমা ফুটাবলৈ নিৰ্দেশ দিব পৰা হ'ল ।"

  • খিলঞ্জীয়ৰ সুৰক্ষা

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, "কা-খন আনি দীপাঞ্জল দাস, দীজেন্দ্ৰ পাংগিঙক আপুনি পুলিচৰ যোগেদি হত্যা কৰাইছিল । তেওঁলোক খিলঞ্জীয়া হয় নে নহয় । কা-খন খিলঞ্জীয়াৰ সপক্ষে নে বিপক্ষে । গৰুখুঁটিত উচ্ছেদ চলোৱাৰ বাবে আপুনি নিৰ্দেশ দিয়া বুলি দাদাগিৰি মাৰি কৈছিল । কিন্তু গৰুখুঁটিৰ মানুহখিনিক কাৰ নিৰ্দেশত আপুনি পুনৰ সংস্থাপন দিলে । অসমৰ ৰাইজক ইয়াৰ উত্তৰ দিয়ক । আমি কংগ্ৰেছ সংবিধানৰ পক্ষত আছো । আমি খিলঞ্জীয়াৰ পক্ষত আছো । আমি অসম চুক্তিৰ পক্ষত আছো । আপুনি খিলঞ্জীয়াৰ কথা কৈ ২৫ হাজাৰ টেট শিক্ষকৰ দৰমহা ২০ হাজাৰকৈ কিয় কমাই দিলে । অসমত শিক্ষাবিদ নাই নেকি । আপুনি ৫ গৰাকী উপাচাৰ্য বাহিৰৰ পৰা আনি সংস্থাপিত কৰিছে । অসমৰ আটাইতকৈ ডাঙৰ ডাঙৰ ঠিকাবোৰ কোন জন খিলঞ্জীয়াই কৰি আছে তাৰ তথ্য আপুনি দিয়ক । আপুনি কোন খিলঞ্জীয়াক সুৰক্ষা দিছে । মুখ্যমন্ত্রীৰ পৰিয়ালে ১৯ বিঘা মাটি ক্ৰয় কৰাৰ পাচত মাজুলীত আইন কৰা হৈছে । খিলঞ্জীয়াৰ কথা কয় অথচ দুই হাজাৰ স্কুল বন্ধ হৈ গ'ল । চৰকাৰী স্কুল বন্ধ কৰা এনেকুৱা মুখ্যমন্ত্রী আছে নেকি ।"

  • ট্ৰেডিং কেলেংকাৰী

ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্রীক লক্ষ্য কৰি ভূপেন কুমাৰ বৰাই কয়, "ট্ৰেডিং কৰা মানুহৰ লগত আপোনাৰ কেন্দ্ৰীয় মন্ত্রীৰ ফটো আছে । ট্ৰেডিং কৰা মানুহৰ লগত আপোনাৰ মন্ত্রীৰ ভাই-বোৱাৰীৰ ফটো আছে । এতিয়া কেঁচু খান্দোতে সাপ ওলাব । মই আপোনাক প্ৰত্যাহ্বান জনাইছো আপুনি কেঁচু খান্দক । আমি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত কমিটি বনাই ভুক্তভোগীসকলৰ সাক্ষ্য লোৱাটো বিচাৰিছো । যাতে কোনো সাৰি যাব নোৱাৰে । কিন্তু আপুনি সেইটো কৰিব নোৱাৰে । এতিয়া পুলিচ আপোনাৰ নিয়ন্ত্ৰণত নাই । এতিয়া আপুনি পুলিচৰ নিয়ন্ত্ৰণত আছে । আপোনাৰ পুলিচে ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডক ভি ভি আই পি ট্ৰিটমেণ্ট দি আছে, আপুনি ক'ত আছে ।"

সোণাপুৰৰ কচুতলীত শনিবাৰে কংগ্ৰেছৰ নেতৃত্বক বাধা দিয়া সন্দৰ্ভত ভূপেন কুমাৰ বৰাই কয়, "সদ্য প্ৰাক্তন কেইজনমান কংগ্ৰেছীয়ে সন্মুখত থাকি কংগ্ৰেছৰ দলটোক বাধা দিছিল । তেওঁলোক নতুন বিজেপি । তেওঁলোকক মই চিনি পাও আৰু নামো জানো ।"

লগতে পঢ়ক :সোণাপুৰৰ কচুতলীৰ পৰা বেদখলকাৰীৰ উভতনি যাত্ৰা - Sonapur Eviction incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.