ETV Bharat / state

চামগুৰিত গুণ্ডাৰাজ চলাবলৈ দিয়া নহ'ব: ৰিপুণ বৰা

চামগুৰিৰ হিংসাত্মক ঘটনাক লৈ সৰৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটী । নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

APCC complain to ECI on Samaguri violence
নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ APCC ৰ (ETV Bharat Assam)

গুৱাহাটী,১৬ অক্টোবৰ: চামগুৰিৰ হিংসাত্মক ঘটনাক লৈ দেশৰ নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ । মঙলবাৰে সংঘটিত হোৱা ঘটনাক লৈ বিজেপি আৰু আৰক্ষীৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ জৰিয়তে আজি দেশৰ নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত যোৱা দলটোক সংগ দিয়ে দলটোৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই ।

অভিযোগ পত্ৰ প্ৰেৰণ কৰি জাকিৰ হুছেইন শিকদাৰে কয়,"চামগুৰিৰ আক্ৰমণৰ ঘটনাটো বিজেপি কৰ্মীয়ে কৰিছিল । আক্ৰমণ হোৱাৰ পিছতে নগাঁও আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰিছিল কংগ্ৰেছৰ দুই বিধায়কে । কিন্তু অভিযুক্ত বিজেপি হোৱা বাবে আৰক্ষীয়ে এতিয়ালৈ ব্যৱস্থা লোৱা নাই । নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতো অসম আৰক্ষী মুখ্যমন্ত্ৰীৰ মতে চলিছে । নিৰ্বাচনৰ পূৰ্বে নগাৱঁৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু দুগৰাকী ভাৰপ্ৰাপ্ত বিষয়া ক্ৰমে সঞ্জয় ৰায় আৰু বিকু বৰ্মনক বদলি কৰিব লাগে ।"

নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat Assam)

লগতে তেওঁ কয়,"এই কেইজন আৰক্ষী বিষয়াক বদলি নকৰিলে চামগুৰিত শান্তিপ্ৰিয় নিৰ্বাচন নহ'ব । এই কেইজন আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ কথা মতেই কাম কৰি আছে । যাৰ ফলত দুৰ্বৃত্ত মুকলি আকাশৰ তলত ঘূৰি আছে । অতি সোনকালেই নিৰ্বাচন আয়োগে আটাই কেইজনক বদলি কৰিব লাগে ।"

ইফালে জিতু গোস্বামী আৰু দিপ্লুৰঞ্জন শৰ্মাক প্ৰত্যুত্তৰ দি ৰিপুণ বৰাই কয়,"জিতু আৰু দিপ্লুৰ মতে চামগুৰিত নিৰ্বাচন নচলে । চামগুৰিত গুণ্ডাৰাজ চলাবলৈ দিয়া নহ'ব ।" ইফালে এ আই ইউ ডি এফে ৰকিবুল হুছেইনক দোষাৰোপ কৰাক লৈ এ আই ইউ ডি এফক কটাক্ষ কৰি কয়,"এ আই ইউ ডি এফৰ কথা কৈ লাভ নাই । এ আই ইউ ডি এফক ৰাইজে এৰিলে ।"

উল্লেখ্য যে মঙলবাৰে পুৱা কংগ্ৰেছৰ সমৰ্থকসকলে উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত নিৰ্বাচনী বাইক ৰেলী উলিওৱাৰ সময়তে বাইক ৰেলীত অংশগ্ৰহণৰ বাবে যোৱা কংগ্ৰেছৰ সমৰ্থকক বিজেপি সমৰ্থকে শিঙিমাৰীত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছিল । এই ঘটনাক লৈ দুয়োটা দলৰ সমৰ্থকৰ মাজত তীব্ৰ বাক-বিতণ্ডা সৃষ্টি হয় । পাছলৈ এই বাক-বিতণ্ডাই হতাহতি পৰ্যায়লৈ গৈছিল । এই সংঘাতৰ মাজতে একাংশ সমৰ্থকে নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে যোৱা বিধায়ক নুৰুল হুদা, শিৱামণি বৰাৰ বাহনত আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছিল ।

লগতে পঢ়ক: বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ

চামগুৰিত ইতিহাসৰ পুনৰাবৃত্তি হৈছে: জিতু গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.